ETV Bharat / bharat

30 খন ভাৰতীয় বিমানক বোমাৰ ভাবুকিৰ লক্ষ্য; সুৰক্ষা ব্যৱস্থা অধিক বৃদ্ধি

Flights Bomb Threats : ভাৰতীয় বিমান সেৱাৰ দ্বাৰা পৰিচালিত মুঠ 30 খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানে সোমবাৰে নিশা বোমাৰ ভাবুকি লাভ কৰে ।

Flights Bomb Threats
প্ৰতীকী ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

নতুন দিল্লী : এক আচৰিত ঘটনাক্ৰমত ভাৰতীয় বিমান সেৱাৰ দ্বাৰা পৰিচালিত প্ৰায় 30 খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানে সোমবাৰে নিশা বোমাৰ ভাবুকি লাভ কৰে । যাৰ ফলত যাত্ৰী আৰু বিমান কৰ্তৃপক্ষৰ মাজত ব্যাপক শংকাৰ সৃষ্টি হয় । ইণ্ডিগো, ভিষ্টাৰা আৰু এয়াৰ ইণ্ডিয়া এই ভাবুকিৰ দ্বাৰা প্ৰভাৱিত হয় ।

আনহাতে, মঙলবাৰে এই পৰিস্থিতি আৰু অধিক বৃদ্ধি পায় । কিয়নো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা ক্ষেত্ৰৰে আন চাৰিখন ইণ্ডিগো বিমানক নিৰাপত্তা সম্পৰ্কীয় সতৰ্কবাণী প্ৰদান কৰা হয় । ইফালে নিৰন্তৰ ভাবুকিৰ এই ঘটনাই ভাৰতীয় বিমান খণ্ডত যাত্ৰীৰ সুৰক্ষাক লৈ গুৰুতৰ উদ্বেগ সৃষ্টি কৰিছে ।

মঙলবাৰে প্ৰভাৱিত ইণ্ডিগো বিমানসমূহৰ ভিতৰত আছে মেংগালুৰুৰ পৰা ডুবাইলৈ ফ্লাইট 6ই 614, আহমেদাবাদৰ পৰা জেদ্দালৈ ফ্লাইট 6ই 75, হায়দৰাবাদৰ পৰা জেদ্দালৈ ফ্লাইট 6ই 67 আৰু লক্ষ্ণৌৰ পৰা পুনেলৈ ফ্লাইট 6ই 118 ।

এই উদ্বেগজনক ঘটনাবোৰৰ প্ৰতিক্ৰিয়া স্বৰূপে ইণ্ডিগোৱে তৎক্ষণাৎ বিবৃতি জাৰি কৰি যাত্ৰীসকলক আশ্বাস দিয়ে যে সুৰক্ষা প্ৰটোকল কঠোৰভাৱে অনুসৰণ কৰা হৈছে আৰু সকলো যাত্ৰীক সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হৈছে । বিমান সংস্থাটোৱে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰকাশ কৰে আৰু এই ভাবুকিৰ অনুসন্ধানত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ইণ্ডিগোৱে কয়, "ফ্লাইট 6ই 614-এ সুৰক্ষা সম্পৰ্কীয় সতৰ্কতা লাভ কৰিছে । সকলো যাত্ৰীক সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হৈছে । আমাৰ গ্ৰাহক আৰু কৰ্মচাৰীৰ সুৰক্ষা আৰু নিৰাপত্তা সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় । আমি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছোঁ আৰু মানক প্ৰক্ৰিয়াবোৰ অনুসৰণ কৰা হৈছে । এই পৰিস্থিতিৰ ফলত হোৱা যিকোনো অসুবিধাৰ বাবে আমি দুঃখিত ।"

এয়াৰ ইণ্ডিয়ায়ো এইটো নিশ্চিত কছে যে তেওঁলোকৰ কিছুমান বিমানে সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা একে ধৰণৰ নিৰাপত্তাৰ ভাবুকিৰ সন্মুখীন হৈছে । "আমি নিশ্চিত কৰো যে এয়াৰ ইণ্ডিয়াৰ কেইখনমান বিমানে ২১ অক্টোবৰত ছ'চিয়েল মিডিয়াৰ দ্বাৰা নিৰাপত্তাৰ ক্ষে ত্ৰত সতৰ্কতা অৱলম্বন কৰিবলগা ভাবুকি আহিছে ।"

"নিৰ্ধাৰিত প্ৰটোকল অনুসৰণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাৎ সতৰ্ক কৰা হৈছে আৰু নিয়ন্ত্ৰক কৰ্তৃপক্ষ আৰু নিৰাপত্তা সংস্থাৰ নিৰ্দেশনা অনুসৰি সকলো সুৰক্ষা প্ৰক্ৰিয়া কঠোৰভাৱে পালন কৰা হৈছে । সকলো বিমান সুৰক্ষিতভাৱে অৱতৰণ কৰিছে । আমাৰ যাত্ৰী, কৰ্মচাৰী আৰু বিমানৰ সুৰক্ষা আৰু নিৰাপত্তা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আছে ।" এয়াৰ ইণ্ডিয়াৰ বিষয়াই কয় ।

ইফালে ভিষ্টাৰাই স্বীকাৰ কৰে যে ২১ অক্টোবৰত কেইবাখনো বিমানে ছ'চিয়েল মিডিয়াত নিৰাপত্তাৰ ভাবুকি লাভ কৰিছে । "আমি তৎক্ষণাৎ সংশ্লিষ্ট কৰ্তৃপক্ষক সতৰ্ক কৰি দিওঁ আৰু তেওঁলোকৰ নিৰ্দেশনা অনুসৰি সকলো সুৰক্ষা প্ৰক্ৰিয়া অনুসৰণ কৰি আছোঁ । ভিষ্টাৰাত আমাৰ যাত্ৰী, কৰ্মচাৰী আৰু বিমানৰ সুৰক্ষা আৰু নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ ।" এগৰাকী মুখপাত্ৰই কয় ।

এই শেহতীয়া ভাবুকিৰ ঢৌ এক সমস্যাজনক প্ৰৱণতাৰ অংশ; মাত্ৰ এসপ্তাহতে ভাৰতীয় বিমান সেৱাৰ দ্বাৰা পৰিচালিত 120 খনতকৈও অধিক বিমানে বোমাৰ ভাবুকি লাভ কৰিছে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সোমবাৰে উল্লেখ কৰে যে যদিও বহুতো বোমাৰ ভাবুকি পিছত ভুৱা হিচাপে পৰিগণিত হৈ পৰিছে, কিন্তু সেইবোৰক সহজভাৱে ল'ব নোৱাৰি ।

আনহাতে, এই বৰ্ধিত সংকটৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে বিমান চলাচলত বোমাৰ ভাবুকি ৰক্ষা কৰাৰ লক্ষ্যৰে আইনী পদক্ষেপৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে । অসামৰিক বিমান পৰিবহণ আইন (SUASCA), 1982-ৰ সুৰক্ষাৰ বিৰুদ্ধে বেআইনী আইন দমনৰ প্ৰস্তাৱিত সংশোধনে কৰ্তৃপক্ষক অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰু যদি এখন বিমান মাটিত থাকে তেন্তে আদালতৰ নিৰ্দেশ অবিহনে তদন্ত আৰম্ভ কৰিবলৈ অনুমতি দিব । ইয়াৰ উপৰি বোমাৰ ভাবুকি দিয়াসকলৰ বাবে কঠোৰ শাস্তি নিশ্চিত কৰাৰ বাবে বিমান সুৰক্ষা নিয়ম পৰিৱৰ্তনৰ কথা বিবেচনা কৰা হৈছে ।

ইয়াৰ উপৰি অনুসন্ধান অব্যাহত থকাৰ লগে লগে ভাৰতীয় বিমান সেৱাত ভ্ৰমণ কৰা সকলো যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ।

লগতে পঢ়ক :পুনৰ বিমানত বোমাৰ ভাবুকি; ভিস্তাৰাৰ দিল্লী-লণ্ডন বিমানৰ দিশ ফ্ৰাংকফুর্টলৈ পৰিৱৰ্তন
লগতে পঢ়ক :উৰাজাহাজত বোমাতংক ! জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.