ETV Bharat / bharat

আগৰতলাত আটক ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা সাত বাংলাদেশীক - BANGLADESHI NATIONALS DETAINED

author img

By ANI

Published : Jul 12, 2024, 7:11 AM IST

Agartala Railway Station: আগৰতলা ৰে’ল ষ্টেচনত আটক সাতজন বাংলাদেশী নাগৰিক ৷ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক কেইজনক আটক কৰে ৰে’ল আৰক্ষীয়ে ৷ কি উদ্দেশ্যৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল, সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ অব্যাহত আছে তদন্ত ৷

BANGLADESHI NATIONALS DETAINED
ৰে’ল আৰক্ষীয়ে আটক কৰা বাংলাদেশী নাগৰিকৰ সাতজনীয়া দলটো (ANI)

নিউজ ডেস্ক, 12 জুলাই: ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰে’ল ষ্টেচনৰ পৰা সাতজন বাংলাদেশী নাগৰিকক আটক ৰে’ল আৰক্ষীৰ ৷ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই ৰে’ল আৰক্ষীয়ে আটক কৰা দলটোত আছে চাৰিগৰাকী মহিলাৰ লগতে তিনিজন পুৰুষ ৷ দলটোৱে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি দেশৰ ভিন্ন প্ৰান্তলৈ ৰে’লযোগে যাত্ৰা কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে ধৰা পৰে ৰে’ল আৰক্ষীৰ হাতত ৷

ৰে’ল আৰক্ষীয়ে আটক কৰা অবৈধ বাংলাদেশী নাগৰিকসকল হৈছে ক্ৰমে- কালাৰোয়াৰ 24 বছৰীয়া ইব্ৰাহীম হুছেইন, সাতখিৰাৰ 32 বছৰীয়া চাফিকুল ইছলাম, সাতখিৰাৰ 22 বছৰীয়া মুচামেদ ছালিনা বেগমৰ লগতে পাঁচ বছৰীয়া পুত্ৰ চামিম ৰেজে, সাতখিৰাৰ 28 বছৰীয়া মঃ চিমুল হোছেইন, পাবনাৰ 23 বছৰীয়া নুৰ নাহাৰ জুমা, নাৰাইলৰ 24 বছৰীয়া তছলিমা কানুম আৰু 19 বছৰীয়া খুল নাতুন ।

লগতে পঢ়ক: মানৱ সৰবৰাহ অব্যাহত : বঙাইগাঁৱত ৰে’লৰ পৰা উদ্ধাৰ দুই বাংলাদেশী কিশোৰী - Human trafficking

আগৰতলা ৰে’ল আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আৰু বিদেশী আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত এই লোকসকলৰ বিৰুদ্ধে ৰুজু কৰিছে এটা গোচৰ । আটকাধীন বাংলাদেশী নাগৰিক কেইজনক শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এই ঘটনাটোৱে অবৈধ প্ৰব্ৰজনৰ সমস্যা আৰু দেশত অবৈধ প্ৰৱেশৰ ক্ষেত্ৰত থকা নিৰীক্ষণ প্ৰক্ৰিয়াৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷ ৰে’ল আৰক্ষীয়ে সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ স্থিতি সদায়ে গ্ৰহণ কৰি যাব বুলি দোহাৰে ৷

ধৃত লোককেইজনে কি উদ্দেশ্যৰে ভাৰতত এনেদৰে অবৈধভাৱে প্ৰৱেশ কৰিছিল, নে তেওঁলোক মানৱ সৰবৰাহৰ দৰে অপৰাধৰ সৈতে জড়িত সেই সম্পৰ্কত অধিক তথ্য আহৰণ কৰাৰ বাবে ৰে’ল আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

দেশৰ সুৰক্ষাৰ স্বাৰ্থত এনে কোনো সন্দেহজনক লোকৰ চলা-ফুৰা বা ভাৰতত প্ৰৱেশৰ বিষয়ে কোনো ব্যক্তিৰ হাতত পৰ্যাপ্ত তথ্য মজুত থাকিলে আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: আগৰতলাত এসপ্তাহত 20 অবৈধ বাংলাদেশীক আটক - Bangladeshi Intruders arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.