ETV Bharat / bharat

ব্ৰেক-আপৰ পিচত আমোদজনক প্ৰতিশোধ : অনলাইন অৰ্ডাৰৰ জৰিয়তে হাৰাশাস্তি প্ৰাক্তন প্ৰেমিকাক - Revenge on ex lover

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:53 PM IST

Updated : Jul 23, 2024, 10:58 PM IST

Torture by cash on delivery : প্ৰেমিকাই এৰি থৈ যোৱাৰ পিচত প্ৰতিশোধপৰায়ণ হৈ পৰিল 19 বছৰীয়া প্ৰেমিক ৷ প্ৰতিশোধৰ বাবে বাচি ল’লে অনলাইন মাৰ্কেট, অ’লা-উবেৰ ইত্যাদি ৷ ঘটনাটো আমোদজনকো....

Torture by cash on delivery
ব্ৰেক-আপৰ পিচত আমোদজনক প্ৰতিশোধ (ETV Bharat)

নিউজ ডেস্ক, ২৩ জুলাই : প্ৰেমৰ সম্পৰ্কত ফাট মেলাৰ পিচত প্ৰেমিকে বহু সময়ত প্ৰতিশোধ লোৱাৰ চেষ্টা কৰা দেখা যায় ৷ তেনে অপৰাধ সংঘটিত কৰাৰ ফলত প্ৰাক্তন প্ৰেমিকৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হয় ৷ কিন্তু নিজৰ বয়সতকৈ ৫ বছৰ ডাঙৰ প্ৰেমিকাৰ লগতে সম্পৰ্ক চ্ছেদ হোৱাৰ পিচত যি ঘটনা ঘটিল, সেয়া কিছু ব্যতিক্ৰমৰ লগতে আমোদজনকো ৷

ছাত্ৰজনৰ বয়স ১৭ বছৰ, ছাত্ৰীৰ বয়স ২২ বছৰ ৷ ছাত্ৰীগৰাকীৰ অভিভাৱকে 2 জুলাইত চাইবাৰ ক্ৰাইম আৰক্ষীক অভিযোগ দিয়ে ছাত্ৰজনৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ছাত্ৰীগৰাকীলৈ ১৭ বছৰীয়া ছাত্ৰজনে এটা নিৰ্দিষ্ট ফোন নম্বৰৰ পৰা সঘনাই কল কৰি আমনি কৰি আছে ৷ তাতোকৈ গুৰুতৰ অভিযোগটো হ’ল যে ছাত্ৰীগৰাকীয়ে গম নোপোৱাকৈয়ে ছাত্ৰজনে বিভিন্ন সামগ্ৰী অনলাইনযোগে অৰ্ডাৰ কৰি সেইবোৰ ছাত্ৰীগৰাকীৰ নামত প্ৰেৰণ কৰি হাৰাশাস্তি কৰি আহিছে ৷

ফ্লিপকাৰ্ট, এমাজন, ছুইগী আদি বিভিন্ন অনলাইন মাৰ্কেটৰ পৰা কেড অন ডেলিভাৰী অৰ্ডাৰ কৰি ছাত্ৰীগৰাকীক হাৰাশাস্তি কৰি আহিছে ছাত্ৰজনে ৷ তেনেদৰে এই পৰ্যন্ত ১০০টাৰো অধিক অৰ্ডাৰ কৰি ২২ বছৰীয়া ছাত্ৰীগৰাকীক হাৰাশাস্তি কৰি আহিছে ১৭ বছৰীয়া ছাত্ৰজনে ৷ তদুপৰি এইপৰ্যন্ত ওলা-উবেৰ আদিত গাড়ী-বাইক বুক কৰি ছাত্ৰীগৰাকীৰ ঠিকনালৈ পঠিয়াই দিছে ৭৭ বাৰ ৷

এনেধৰণে ছাত্ৰীগৰাকীক অত্যাচাৰ কৰি থকাৰ কাৰণ হ’ল প্ৰেমৰ সম্পৰ্কত ফাট ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ছাত্ৰজনে ছাত্ৰীগৰাকীৰ ঘৰৰ ঘৰুৱা শিক্ষক্ষৰ ওচৰত পাঠগ্ৰহণ কৰিবলৈ গৈছিল ৷ তেতিয়াই ছাত্ৰজন ২২ বছৰীয়া ছাত্ৰীগৰাকীৰ প্ৰেমত পৰিল ৷ তেনেদৰে দুয়োৰে মাজত গঢ় লৈ উঠিছিল সম্পৰ্ক ৷ সেই কথা ছাত্ৰীগৰাকীৰ মাক-দেউতাকে জানিব পাৰিছিল আৰু সম্পৰ্কত নাথাকিবলৈ কয় ৷ পিতৃ-মাতৃয়ে গম পোৱাৰ পিচতে ছাত্ৰীগৰাকীয়ে সম্পৰ্ক অব্যাহত ৰাখিবলৈ অস্বীকাৰ কৰি ছাত্ৰজনৰ পৰা আঁতৰি আহে ৷

তাৰ পিচতে প্ৰেমত বিফল ছাত্ৰজন ক্ষুব্ধ হৈ প্ৰতিশোধস্বৰূপে এনেদৰে অনলাইন এপৰ জৰিয়তে সামগ্ৰী অৰ্ডাৰ কৰি ডেলিভাৰৰ বাবে ছাত্ৰীগৰাকীৰ ঠিকনা দি দিবলৈ ল’লে ৷ তাকো কেছ অন ডেলিভাৰীত ৷ ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীক গোচৰ দিয়াৰ পিচতে আটক কৰা হয় ছাত্ৰজনক ৷ ছাত্ৰজনৰ পৰা আৰক্ষীয়ে ২ টা মোবাইল ফোন আৰু ৱাই-ফাই ৰাউটাৰ জব্দ কৰে ৷ পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱা হয় আৰু জামিনত মুক্তি দিয়া হয় চেন্নাইৰ ছাত্ৰজনক ৷

লগতে পঢ়ক : অবিশ্বাস্য ! অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ বিকাশক

Last Updated : Jul 23, 2024, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.