ETV Bharat / bharat

মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ জব্দ নিৰাপত্তা বাহিনীৰ - Manipur Violence

author img

By ETV Bharat Assamese Team

Published : 20 hours ago

Security Forces Seize Arms in Manipur: অগ্নিগৰ্ভা মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা । অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ মাত্ৰাৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে গোলা-বাৰুদ । ইয়াৰ দ্বাৰা এক বৃহৎ কূটাঘাতৰ পৰা ৰক্ষা পৰে মণিপুৰ ।

Security Forces Seize Arms in Manipur
মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ জব্দ নিৰাপত্তা বাহিনীৰ (PTI Photo)

শিলচৰ, ২৬ ছেপ্টেম্বৰ : মণিপুৰৰ থৌবাল জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জব্দ । তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে এই অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰে । মণিপুৰ আৰক্ষীৰ এক বিবৃতিত এই কথা প্ৰকাশ । বিবৃতিটোত কোৱা হৈছে যে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে বুধবাৰে টেকচাম মেনিং চিং এলেকাত এক যুটীয়া অভিযানত খালী মেগজিনৰ সৈতে এটা ৭.৬২ এম এম এছ এল আৰ, মেগজিনৰ সৈতে দুটা এছ এম জি কাৰ্বাইন, এটা .৩২ পিষ্টল আৰু এটা ৯ এমএম পিষ্টল জব্দ কৰে ।

লগতে কোৱা হৈছে যে তালাচী অভিযানৰ সময়ত এটা ৫১ এম এম পেৰা বোমা, ডিট'নেটৰ নথকা চাৰিটা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, দুটা ইলেক্ট্ৰ'নিক ডিট'নেটৰ, ১২৫ গ্ৰাম ওজনৰ পাঁচটা বিস্ফোৰক, সজীৱ গোলাবাৰুদ, এটা ষ্টন গ্ৰেনেড, এটা ষ্টিংগাৰ গ্ৰেনেড আৰু দুটা ৩৮ এমএম ৰবৰ বুলেটো জব্দ কৰা হয় ।

আন এক অভিযানত সেনা, বি এছ এফ আৰু আৰক্ষীৰ এটা যুটীয়া দলে চুৰাচান্দপুৰ জিলাৰ নালন অঞ্চলত দুটা বৃহৎ গধুৰ ক্ষমতাসম্পন্ন দেশীয়ভাৱে তৈয়াৰী মৰ্টাৰ (পম্পিছ) আৰু দুটা গ্ৰেনেড জব্দ কৰে । বিবৃতিটোত লগতে কোৱা হৈছে ।

সশস্ত্ৰ গোটৰ যিকোনো কূটাঘাতৰ পৰিকল্পনা বিফল কৰা হৈছে : মণিপুৰ চৰকাৰ

আনহাতে, মণিপুৰ চৰকাৰে কয় যে ২৮ ছেপ্টেম্বৰত সশস্ত্ৰ গোটৰ দ্বাৰা পৰিকল্পনা কৰা দুঃসাহসিক কূটাঘাতমূলক পৰিকল্পনা এতিয়া সুদূৰ পৰাহত ।

বুধবাৰে নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু ডিজিপি ৰাজীৱ সিঙে জাৰি কৰা এক যুটীয়া বিবৃতিত কোৱা হৈছে, "২৮ ছেপ্টেম্বৰত মেইটেইৰ ওপৰত আক্ৰমণ চলাবলৈ ম্যানমাৰৰ পৰা ৯০০ প্ৰশিক্ষিত কুকি উগ্ৰপন্থীৰ অনুপ্ৰৱেশ সন্দৰ্ভত বিভিন্ন সম্প্ৰদায়ৰ শেহতীয়া প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত এইটো স্পষ্ট কৰা হৈছে যে এই তথ্য বিভিন্ন দিশৰ পৰা পৰীক্ষা কৰা হয় । কিন্তু ইয়াৰ কোনো বিশ্বাসযোগ্য ভিত্তি পোৱা নগ'ল । সেয়ে এনে কোনো তথ্যৰ ওপৰত বিশ্বাস কৰাৰ বৰ্তমান কোনো ভিত্তি নাই ।"

উল্লেখ্য যে ২০ ছেপ্টেম্বৰত কুলদীপ সিঙে কৈছিল যে উগ্ৰপন্থীসকলে প্ৰান্তীয় গাঁওসমূহত হিংসাত্মক ঘটনা সংঘটিত কৰিব পাৰে বুলি বাতৰি পোৱাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা বাহিনীয়ে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

বিবৃতিটোত এইটোও কোৱা হৈছে, "নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ সুৰক্ষা বাহিনী অতি সতৰ্কতা হৈ আছে । সকলো সম্প্ৰদায়কে সুৰক্ষাৰ আশ্বাস দিয়া হৈছে । লগতে ৰাইজক কোনো উৰাবাতৰি বা অপ্ৰমাণিত বাতৰিত বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।"

উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদসমূহ হৈছে :

  1. খালী মেগজিনৰ সৈতে এটা 7.62 এমএম এছ এল আৰ
  2. দুটা মেগজিনৰ সৈতে দুটা এছ এম জি কাৰ্বাইন
  3. এটা খালী মেগজিনৰ সৈতে এটা .32 পিষ্টল
  4. খালী মেগজিনৰ সৈতে এটা 9 এমএম পিষ্টল
  5. এটা 51 মিমি পেৰা বোমা
  6. ডিট'নেটৰ অবিহনে চাৰিটা এইচ ই-36 হেণ্ড গ্ৰেনেড
  7. দুটা টিউব লঞ্চিং
  8. দুটা ইলেক্ট্ৰ'নিক ডিট'নেটৰ
  9. পাঁচটা ষ্টাৰডাইন-90 বিস্ফোৰক, প্ৰতিটোৰ ওজন 125 গ্ৰাম
  10. 12 ৰাউণ্ড সজীৱ গোলাবাৰুদ
  11. এটা ষ্টন গ্ৰেনেড
  12. এটা ষ্টিংগাৰ গ্ৰেনেড
  13. দুটা 38 এমএম ৰবৰ বুলেট
  14. তিনিটা কন্দুৱা গেছৰ খোলা
  15. এটা ডামি শ্বেল
  16. এটা ষ্টন শ্বেল
  17. দুটা কন্দুৱা গেছৰ শ্বেল
  18. এটা কন্দুৱা গেছৰ শ্বেল (এল আৰ)
  19. এটা বাওফেং ছেট
লগতে পঢ়ক :মণিপুৰৰ হিংসাই সলনি কৰিলে ক্ৰীড়াৰ পৰিৱেশ : দুভাগত বিভক্ত ৰাজ্যিক ফুটবল দল - MANIPUR VIOLENCE ON SPORTS
লগতে পঢ়ক :মণিপুৰত সেনা-আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - Manipur violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.