ETV Bharat / bharat

অমৃতপাল সিঙৰ নিৰ্বাচনৰ বিৰুদ্ধে লেখ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ - AMRITPAL SINGH PLEA REJECTED - AMRITPAL SINGH PLEA REJECTED

MP Amritpal Singh: উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে কাৰাবন্দী সাংসদ তথা মৌলবাদী শিখ প্ৰচাৰক অমৃতপাল সিঙৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনোৱা লেখ আবেদন ৷ আবেদনকাৰীয়ে যুক্তি দিছিল যে সিঙৰ ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্যৰ অভাৱৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰিছিল ৷ কিন্তু আদালতে ইয়াৰ পৰিৱৰ্তে নিৰ্বাচনী আবেদন দাখিল কৰাৰ পৰামৰ্শ দিছিল আৰু লেখ আবেদন খাৰিজ কৰিছিল ।

AMRITPAL SINGH PLEA REJECTED
কাৰাবন্দী সাংসদ অমৃতপাল সিং (ANI)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 2:16 PM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট: উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কাৰাগাৰত বন্দী হৈ থকা মৌলবাদী শিখ প্ৰচাৰক তথা সাংসদ অমৃতপাল সিঙক পঞ্জাৱৰ খাদুৰ চাহিবৰ সাংসদ হিচাপে নিৰ্বাচন কৰাৰ বিৰুদ্ধে কৰা লেখ আবেদন খাৰিজ কৰে ।

আবেদনকাৰীয়ে ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে, সংবিধানৰ 84 নং অনুচ্ছেদ অনুসৰি সংসদৰ সদস্য পদৰ অৰ্হতাৰ সৈতে এই বিষয় সম্পৰ্কিত ৷ এজন ব্যক্তি ভাৰতৰ নাগৰিক নোহোৱালৈকে সংসদৰ এখন আসন অধিকাৰ কৰিবলৈ বাছনি কৰাৰ যোগ্য বিবেচিত নহ’ব ।

লগতে পঢ়ক: এন এছ এৰ অধীনত 'আটক' : আদালতত প্ৰত্যাহ্বান জনাই আবেদন অমৃতপাল সিঙৰ - MP Amritpal Singh

"এইক্ষেত্ৰত চাৰি নম্বৰৰ উত্তৰদাতা অমৃতপাল সিঙে কৈছিল যে তেওঁ ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য ৰখা নাই ৷ ব্যক্তিগতভাৱে আদালতত উপস্থিত হোৱা আবেদনকাৰীজনে বিচাৰপতিৰ আগত সেই কথা ব্যক্ত কৰে । তাৰ প্ৰত্যুত্তৰত বিচাৰপীঠে "আপুনি এখন নিৰ্বাচনী আবেদন দাখিল কৰিছে" বুলি কয় ।

আবেদনকাৰীয়ে কৈছিল যে তেওঁ খাদুৰ চাহিব সমষ্টিৰ ভোটাৰ নহয় ৷ কিন্তু সিঙে আগতে দিয়া বিবৃতিৰ দ্বাৰা "গভীৰভাৱে আঘাতপ্ৰাপ্ত" হৈছিল । "এয়া প্ৰমাণৰ বিষয় । কিছুমান প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে । জনপ্ৰতিনিধিত্ব আইনত ব্যৱস্থা আছে ৷" বিচাৰপীঠে মন্তব্য কৰে ।

লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন - MP Amritpal Singh

"ধন্যবাদ, খাৰিজ কৰা হৈছে ৷" বিচাৰপীঠে আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কৈছিল । বিগত 5 জুলাইত সিঙক লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিবলৈ পেৰোলত মুক্তি প্ৰদান কৰা হৈছিল ।

‘‘ৱাৰিছ পঞ্জাৱ দে’’ সংগঠনৰ মুৰব্বী সিঙে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অপৰাধৰ অভিযোগত অসমৰ ডিব্ৰুগড় জিলাৰ কাৰাগাৰত বন্দী হৈ আছে ৷ 31 বছৰীয়া সিঙে কাৰাগাৰত থকা অৱস্থাতে খাদুৰ চাহিবৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিল ৷

লগতে পঢ়ক: সাংসদৰূপে শপতগ্ৰহণ অমৃতপাল সিঙৰ - AMRITPAL SINGH

ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয় - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.