ETV Bharat / bharat

বিবাহ বিচ্ছেদৰ পিচত এগৰাকী মুছলমান মহিলাই ভৰণ-পোষণ দাবী কৰিব পাৰেনে ?

Protection of Rights on Divorce: ন্যায়াধীশ বি ভি নাগাৰথনা আৰু অগাষ্টিন জৰ্জ মাছিহক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ১৯৭৩ চনৰ ফৌজদাৰী বিধি আইনৰ ১২৫ নং ধাৰাত বিবাহ বিচ্ছেদ হোৱা মুছলিন মহিলাই স্বামীৰ পৰা ভৰণ-পোষণ বিচাৰিব পাৰে নেকি সেই বিষয়ে পৰীক্ষা কৰিবলৈ সন্মত হৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:52 PM IST

Protection of Rights on Divorce
muslim marriage act

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: এগৰাকী বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰাত স্বামীৰ পৰা ভৰণ-পোষণ বিচাৰিব পাৰে নেকি ? সেই বিষয়ে নিৰীক্ষা কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ বি ভি নাগাৰাথনা আৰু অগাষ্টিন জৰ্জ মাছিহক লৈ গঠিত বিচাৰপীঠে উল্লেখ কৰিছে যে আবেদনকাৰী এজন মুছলমান পুৰুষে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাগৰাকীয়ে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ১২৫ নং ধাৰাত আবেদন দাখিল কৰাটোক প্ৰত্যাহ্বান জনাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা এছ ৱাছিম এ কাদ্ৰীয়ে দাবী কৰে যে বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা আইন, ১৯৮৬ৰ পৰিপ্ৰেক্ষিতত এগৰাকী বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাৰ চি আৰ পি চিৰ ১২৫ নং ধাৰাত আবেদন ৰক্ষা কৰাৰ অধিকাৰ নাই ৷ তেনে কৰিব লাগিলে ১৯৮৬ চনৰ আইনখনৰ বিধান অনুসৰি আগবাঢ়িব ।

বিচাৰপীঠৰ সন্মুখত যুক্তি দিয়া হৈছিল যে চি আৰ পি চিৰ ১২৫ নং ধাৰাৰ তুলনাত ১৯৮৬ চনৰ আইনখন মুছলমান মহিলাগৰাকীৰ বাবে অধিক উপকাৰী ।

‘‘আমি দেখিবলৈ পাওঁ যে এই আদালতে বিষয়টোত এজন Amicus Curiae (আদালতৰ বন্ধু) নিযুক্তি দি মতামত ল’লে লাভৱান হ'লহেতেন । সেয়েহে আমি এই গোচৰত জ্যেষ্ঠ অধিবক্তা গৌৰৱ আগৰৱালক Amicus Curiae হিচাপে নিযুক্তি দিবলৈ অনুৰোধ জনাইছো ।’’ ৯ ফেব্ৰুৱাৰীত প্ৰদান কৰা নিৰ্দেশ ।

১৯ ফেব্ৰুৱাৰীত বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে সময় নিৰ্ধাৰণ কৰি বিচাৰপীঠে কয়, ‘‘এই গোচৰৰ কাগজ-পত্ৰ পঞ্জীয়কে জ্যেষ্ঠ অধিবক্তা গৌৰৱ আগৰৱালক উপলব্ধ কৰিব । এই আদেশৰ প্ৰতিলিপিও পঞ্জীয়কে উপলব্ধ কৰিব লাগিব ৷’’

চি আৰ পি চিৰ ১২৫ নং ধাৰাত এজন ব্যক্তিক নিজৰ পত্নী-সন্তান (বৈধ বা অবৈধ) আৰু পিতৃ বা মাতৃক পোহপাল দিবৰ বাবে পৰ্যাপ্ত সামৰ্থ প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে ।

পূৰ্বৰ পত্নীক ১০ হাজাৰ টকা অন্তৱৰ্তীকালীন ভৰণ-পোষণ দিবলৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক লৈ প্ৰশ্ন উত্থাপন কৰিছে আবেদনকাৰীয়ে । লোকজনে দাখিল কৰা আবেদনত কোৱা হৈছে যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰাত ভৰণ-পোষণ বিচাৰিব নোৱাৰে কাৰণ ইয়াৰ ওপৰত ১৯৮৬ চনৰ মুছলমান মহিলা (বিবাহ বিচ্ছেদৰ অধিকাৰ সুৰক্ষা) আইন প্ৰধান হ’ব ।

মুছলিম মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন, ১৯৮৬ত বিবাহ বিচ্ছেদৰ সময়ত এগৰাকী মুছলমান মহিলাই ভৰণ-পোষণৰ দাবী কৰাৰ পদ্ধতিৰ ব্যৱস্থা কৰা হৈছে । ১৯৮৫ চনত শ্বাহ বানোৰ ৰায়দানৰ পিছত এই আইন প্ৰৱৰ্তন কৰা হৈছিল । এই ৰায়ৰ জৰিয়তে এগৰাকী মুছলমান মহিলাই চি আৰ পি চিৰ ১২৫ নং ধাৰাত স্বামীৰ পৰা ভৰণ-পোষণ ল’ব পাৰে ।

লগতে পঢ়ক: ২ কোটি ৪৪ লাখ ৫২ হাজাৰ ৫০০ টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব আব্দুল মালিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.