ETV Bharat / bharat

মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতৰ - Mohan Bhagwat on Manipur Violence

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 1:23 PM IST

Kuki Meitei Clash : মণিপুৰক লৈ চিন্তিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱত ৷ নাগপুৰত অনুষ্ঠিত এক সভাত ভাষণ প্ৰদান কৰি তেওঁ দেশৰ ৰাজনৈতিক দলসমূহৰ লগতে চৰকাৰক মণিপুৰত বিগত এবছৰে অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ আহ্বান জনায় ৷ ভাগৱতে আৰু কি কি কয় জানিবলৈ চাওক এই বিতং প্ৰতিবেদন ৷

MOHAN BHAGWAT ON MANIPUR VIOLENCE
মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান মোহন ভাগৱতৰ (Etv Bharat)

নেশ্যনেল ডেস্ক, 11 জুন : এতিয়া নিৰ্বাচন শেষ ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত গঠন হ’ল চৰকাৰ ৷ গতিকে এতিয়া নিৰ্বাচনৰ পূৰ্বৰ কথাসমূহত হস্তক্ষেপ নকৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৷ মঙলবাৰে নাগপুৰত উপস্থিত থাকি এই মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে ৷

এই মন্তব্যৰ লগতে ভাগৱতে কয় যে, অৱশ্যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজনৈতিক নেতাসকলে বিপক্ষৰ নেতাক মিছা অপবাদ দিছিল ৷ বিগত এবছৰে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত এক অগ্নিগৰ্ভা পৰিৱেশে বিৰাজ কৰি আছে ৷ তেনেক্ষেত্ৰত এই বিষয়তহে সকলোৱে মনোযোগ দিয়া উচিত বুলি সংঘৰ পৰিচালকগৰাকীয়ে ব্যক্ত কৰে ৷

লগতে পঢ়ক: কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

উল্লেখ্য যে, দেশত নিৰ্বাচন অনুষ্ঠিত হৈছে, ফলাফল ওলাইছে আৰু চৰকাৰো গঠন হৈছে ৷ কিন্তু এতিয়াও চলি আছে নিৰ্বাচনকেন্দ্ৰিক আলোচনা ৷ নিৰ্বাচনত কি হ'ল, কি ঘটিল, কেনেকৈ ঘটিল সেই বিষয়ে এতিয়াও আলোচনা কৰা হৈছে । নিৰ্বাচন আমাৰ দেশৰ এক গুৰুত্বপূৰ্ণ ঘটনা, যি প্ৰতি পাঁচ বছৰৰ মূৰত অনুষ্ঠিত হয় । য’ত কিছুমান নিৰ্দিষ্ট নীতি-নিয়ম বন্ধা থাকে আৰু তেনেদৰে নিৰ্বাচন অনুষ্ঠিত হয় বুলি ভাগৱতে সদৰী কৰে ৷

সোমবাৰে নাগপুৰৰ ৰেছিম্বগ ময়দানত আয়োজিত কৰ্মী উন্নয়ন শ্ৰেণীৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়াৰ সময়তে আৰ এছ এছৰ নেতাগৰাকীয়ে এই কথা ব্যক্ত কৰে ৷ এই ভাষণত ভাগৱতে একপ্ৰকাৰ দেশৰ নেতাসকলক টাৰ্গেট কৰি বক্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: মণিপুৰত কুকি উগ্ৰপন্থীৰ ঘাটি উচ্ছেদ আৰক্ষীৰ, মুখ্যমন্ত্ৰীয়ে ল’লে পৰিস্থিতিৰ বুজ - MANIPUR VIOLENCE

ৰাষ্ট্ৰীয় কৰ্তব্য পালনৰ সমান্তৰালকৈ প্ৰতিটো নিৰ্বাচনতে আমি ভোটদান কৰো ৷ নিৰ্বাচনৰ অৰ্থ হৈছে দুটা দলৰ মাজত চলি থকা প্ৰতিযোগিতা ৷ প্ৰত্যেকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ইটোৱে আনটোক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে ৷ এয়া কৰাও উচিত । কিন্তু তাৰো থাকিব লাগে এক নিৰ্দিষ্ট সীমা ৷ তাৰ বাবে মিছা অপবাদৰ আশ্ৰয় লোৱা উচিত নহয় বুলি আৰ এছ এছৰ নেতাগৰাকীয়ে কয় ৷

উল্লেখ্য যে, নেতৃত্ব হৈছে সমাজে সৃষ্টি কৰা এটি বিষয় ৷ সেয়ে এই নেতৃত্ব গঠনৰ ক্ষেত্ৰত সমাজৰ সহযোগিতা থকা উচিত ৷ কিন্তু বিগত নিৰ্বাচনত মিছা বাক্যৰ আশ্ৰয় লৈ প্ৰচাৰ চলোৱা হৈছিল ৷ যিয়ে সমাজত বিভেদ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে ৷ আনকি এনে কাৰ্যৰ বাবে অত্যাধুনিক প্ৰযুক্তিও ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰা বুলি ভাগৱতে কয় ৷

উল্লেখ্য যে, দেশত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে শাসনৰ বাঘজৰী হাতত লৈছে ৷ বিগত ১০ বছৰত দেশত বহুতো উন্নয়নকামী কাম হৈছে ৷ ভাৰতে অৰ্থনৈতিক খণ্ডত, প্ৰতিৰক্ষা খণ্ডত অগ্ৰগতি লাভ কৰিছে । অৱশ্যে দেশৰ সৈতে জড়িত সকলো সমস্যা এতিয়াও শেষ হোৱা নাই ।

লগতে পঢ়ক: মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

কিন্তু বিগত ১০ বছৰ ধৰি শান্তিপূৰ্ণ হৈ থকা মণিপুৰত যোৱা বছৰৰ পৰা অস্থিৰতা সৃষ্টি হৈছে ৷ যোৱা দহ বছৰত ৰাজ্যখনত শান্তি বিৰাজ কৰিছিল । কিন্তু হঠাতে হোৱা কিছু অনাকাংক্ষিত পৰিস্থিতিয়ে তাৰ পৰিৱেশ সম্পূৰ্ণ সলাই পেলালে ৷ কিন্তু মণিপুৰত যি ঘটিছিল, সেয়া সঁচাকৈয়ে ঘটিছিল নে জানি-বুজি কোনোৱে যড়ষন্ত্ৰ কৰি সেই পৰিৱেশ সৃষ্টি কৰিছিল, সেই সন্দৰ্ভত এটা প্ৰশ্নও উত্থাপন নহ’ল ৷ গতিকে তাৰ প্ৰতিহে সকলোৱে দৃষ্টি আকৰ্ষণ কৰা উচিত ৷

ভাগৱতে লগতে কয় যে, আভিজাত্য ঘৰৰ মহিলাই সুৰাপান কৰি বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰে ৷ আমাৰ সংস্কৃতি ক'লৈ গৈ আছে ? ভাৰতৰ বৈচিত্ৰ্যৰ মাজত একতা থকা বুলিও নেতাগৰাকীয়ে নিজ ভাষণত ব্যক্ত কৰে । তদুপৰি সামাজিক সমতাৰ সন্দৰ্ভতো আৰ এছ এছ নেতা মোহন ভাগৱতে নিজৰ ভাষণত সদৰী কৰে ৷

লগতে পঢ়ক: মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.