ETV Bharat / bharat

টকাৰ টোপোলাক লৈ ৰাজ্যসভাত হাহাকাৰ - PARLIAMENT WINTER SESSION 2024

শীতকালীন অধিৱেশনৰ মাজতে সদনৰ মজিয়াত লাগিল হুলস্থূল ৷ কিয়নো কংগ্ৰেছ নেতা অভিষেক মনু সিংভীৰ আসনৰ পৰা উদ্ধাৰ হৈছে নোটৰ টোপোলা ৷

Parliament winter session 2024
ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰ (ANI)
author img

By ANI

Published : Dec 6, 2024, 3:41 PM IST

নতুন দিল্লী: সংসদৰ শীতকালীন অধিৱেশনৰ আজি নৱম দিনটো তীব্ৰ হুলস্থূলৰ মাজেৰে উত্তাল হৈ পৰে ৰাজ্যসভাৰ মজিয়া ৷ প্ৰসংগ আছিল এগৰাকী কংগ্ৰেছ সাংসদ ৷ বিভিন্ন প্ৰশ্ন-উত্তৰ শিতানৰ হুলস্থূলৰ মাজতে হঠাৎ অন্য এক ঘটনাই উত্তাল কৰি তুলিলে সদনৰ মজিয়া ৷ কংগ্ৰেছ নেতা অভিষেক মনু সিংভীৰ (Abhishek Manu Singhvi) আসনত লুকুৱাই থোৱা অৱস্থাত সংসদৰ নিৰাপত্তাৰ দায়িত্বত থকা লোকে উদ্ধাৰ কৰে মোটা অংকৰ নগদ ধন ৷

শুকুৰবাৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে কংগ্ৰেছ নেতাগৰাকীৰ আসনত নিৰাপত্তাৰক্ষী বিষয়াই নগদ ধন উদ্ধাৰ কৰে বুলি সদনত অৱগত কৰে ৷ ইয়াৰ পিছতে উচ্চ সদনত এক বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা যায় । পৰিৱেশ এনে এক পৰ্যায় পাইগৈ যে শাসক-বিৰোধী উভয় পক্ষৰ চিঞৰ-বাখৰত কোনেও কাৰো মাত নুশুনা এক পৰিস্থিতিৰ উদ্ভৱ হয় ৷

ধনখৰে কয়, "মই ইয়াৰ দ্বাৰা সকলো সদস্যসকে জনাও যে কালি সদন স্থগিত ৰখাৰ পিছত সদনৰ নিয়মীয়া পৰীক্ষা কৰা হৈছিল ৷ তেনে সময়তে তেলেংগানাৰ পৰা নিৰ্বাচিত অভিষেক মনু সিংভীক বৰ্তমান আৱণ্টিত ২২২ নম্বৰৰ আসনৰ পৰা নিৰাপত্তাৰক্ষীয়ে নোটৰ এটা টোপোলা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই বিষয়টো মোৰ দৃষ্টিগোচৰ কৰাৰ পাচতে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷’’

ৰাজ্যসভাৰ অধ্যক্ষগৰাকীৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে এই কথা শুনি তেওঁ ‘আচৰিত’ হোৱা বুলি কয় ৷ লগতে সিংভীয়ে সংবাদ সংস্থা ANI ৰ আগত কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয় - "এই কথা শুনি ময়ো যথেষ্ট আচৰিত হৈছো । কেতিয়াও শুনা নাই এনে কথা । কালি দুপৰীয়া ১২:৫৭ বজাত সদনৰ ভিতৰত উপস্থিত হ’লো ৷ দুপৰীয়া ১ সদন আৰম্ভ হ’ল ৷ দুপৰীয়া ১ বজাৰ পৰা ১:৩০ বজালৈ অযোধ্যা প্ৰসাদৰ লগত কেন্টিনত বহি খাদ্য খালো । ১:৩০ বজাত মই সংসদৰ পৰা ওলাই আহিলো ৷ গতিকে কালি মই সদনত মুঠ ৩ মিনিট আৰু কেন্টিনত ৩০ মিনিট আছিলো ৷ এনে বিষয়তো ৰাজনীতি কৰাটো মোৰ বাবে আচৰিত কথা । নিশ্চয়কৈ এই বিষয়ে তদন্ত হ’ব লাগে যে যিকোনো লোকে হঠাৎ কেনেকৈ যিকোনো স্থানলৈ আহি যিকোনো বস্তু কেনেকৈ ৰাখিব পাৰে । মই অনুভৱ কৰো যে এই বিষয়টোৰ তললৈ যোৱাত সকলোৱে সহযোগ কৰা উচিত আৰু যদি নিৰাপত্তা সংস্থাসমূহৰ কিবা অভাৱ আছে, তেন্তে সেয়াও সম্পূৰ্ণৰূপে উদঙাই দিয়া উচিত । অৰ্থাৎ আমাৰ প্ৰত্যেকৰে এখন আসন থাকিব লাগে, য'ত আসনখনত নিজেই তলা মাৰিব পাৰি আৰু চাবিটো সাংসদে নিজৰ লগত লৈ যাব পাৰে ৷ মই ভাবো এই বিষয়টোত সকলোৱে সহযোগ কৰা উচিত ৷ যদি নিৰাপত্তা সংস্থাসমূহৰ কোনো ব্যৰ্থতা আছে, তেন্তে সেয়াও সম্পূৰ্ণৰূপে উন্মোচিত হ’ব লাগে ৷’’

লগতে পঢ়ক : সঞ্জয় কিষাণৰ পদত্যাগ; ৰূপেশ গোৱালাই শপত ল’ব হিমন্ত কেবিনেটৰ মন্ত্ৰীৰূপে
লগতে পঢ়ক : নতুন ৰূপত পঞ্চায়ত নিৰ্বাচন: নাথাকে দলীয় প্ৰতীক, সাজু শাসক-বিৰোধী

ইফালে সদনৰ ভিতৰতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই অধ্যক্ষ ধনখৰক এই ঘটনাৰ প্ৰত্যুত্তৰ দি কয় যে যদি বিষয়টো তদন্ত চলি আছিল, তেন্তে অধ্যক্ষই সাংসদজনৰ নাম উল্লেখ কৰা উচিত নাছিল ।

"মই ঘটনাৰ বাহিৰলৈ যোৱা নাই, মই জানো যে আপুনি আমাক অনুমতি নিদিয়ে । আপুনি কৈছিল যে এই বিষয়টো তদন্তৰ অধীনত আছে, তেন্তে তেওঁৰ নাম লোৱা উচিত নাছিল । মই জানিব খুজিছোঁ যে যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় আৰু ঘটনাৰ প্ৰামাণ্যতা প্ৰতিষ্ঠা নহয়, তেতিয়ালৈকে এজন সদস্যৰ নাম উল্লেখ কৰা উচিত হয়নে ?’’ খাৰ্গেই কয় ।

ধনকাৰে খাৰ্গেক উত্তৰ দি কয়, "বিৰোধী দলৰ নেতাই এটা কথা কৈছে যে যেতিয়া বিষয়টোৰ তদন্ত চলি থাকে, তেতিয়া তেওঁ ইয়াৰ ওপৰত বিতৰ্ক কৰা উচিত নহয় । মই নিশ্চয়কৈ শলাগ ল’ম আৰু এইটো অনুসৰণ কৰা হ'ব পাৰে ।’’

ইফালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সংসদত কোনেও নোটৰ টোপোলা লৈ নাযায় । ৰিজিজুৱে কয় যে নিয়মীয়া প্ৰট’কল অনুসৰি সদনৰ কাৰ্যবিধিৰ পিছত নিৰাপত্তা দলে আসনসমূহ পৰীক্ষা কৰে । সেই প্ৰক্ৰিয়াৰ সময়ত নোট বিচাৰি উলিওৱা হৈছিল আৰু আসনৰ নম্বৰ ডিকোড কৰি সেইদিনা সদস্যসকলে স্বাক্ষৰ কৰিছিল ।

‘‘অধ্যক্ষই সদস্যৰ নাম ল’ব নালাগে বুলি কিয় আপত্তি হ’ব লাগে মই বুজি নাপাওঁ । অধ্যক্ষই আসন নম্বৰ আৰু সেই বিশেষ আসন নম্বৰত বহি থকা সদস্যৰ নাম শুদ্ধকৈ উল্লেখ কৰিছে । ইয়াত কি ভুল হৈছে ? ইয়াৰ ওপৰত আপত্তি কিয় হ’ব লাগে ?’’ তেওঁ কয় ৷

‘‘আমি যেতিয়া ডিজিটেল ইণ্ডিয়াৰ দিশে আগবাঢ়িছো, তেনে সময়ত সদনত নোটৰ টোপোলা কঢ়িয়াই নিয়াটো উচিত নে ? আমি সদনত নোটৰ টোপোলা লৈ নাযাওঁ । এই বিষয়ত উচিত তদন্ত হ’ব লাগে বুলি অধ্যক্ষৰ মন্তব্যৰ সৈতে মই সম্পূৰ্ণ একমত ৷’’ কিৰেন ৰিজিজুৱে কয় ৷

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কয়, "এই ঘটনা গুৰুতৰ বিষয় । ই সদনৰ মৰ্যাদাত আঘাত হানিছে । ছাৰ, এই বিষয়ে উচিত তদন্ত কৰা হ'ব বুলি আপুনি কৰা ৰায়ৰ ওপৰত মোৰ বিশ্বাস আছে ।"

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয়, "বিজেপিৰ সভাপতি জেপি নাড্ডাই কৈছে যে আমি বিষয়টো দমন কৰিবলৈ চেষ্টা কৰিছো । কিন্তু সেয়া আপোনাৰহে (বিজেপিৰ) গুণ ।" তেওঁ লগতে কয় যে যেতিয়া অধ্যক্ষই বিষয়টোৰ তদন্ত কৰি আছে তেতিয়া সদনৰ মজিয়াত বিতৰ্ক কৰাৰ প্ৰয়োজন নাই ।

উল্লেখ্য যে, ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে শীতকালীন সংসদৰ প্ৰথমখন অধিৱেশন ৷ ২০ ডিচেম্বৰলৈকে চলিব এই শীতকালীন অধিৱেশন ।(ANI)

লগতে পঢ়ক : সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল’লে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে

লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ দেৱেন্দ্ৰ ফাড়নাভিছৰ; উপ-মুখ্যমন্ত্ৰী হ’ল সিন্দে-পাৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.