ETV Bharat / bharat

এইবাৰ ৭০০ কোটি টকা লৈ উধাও DKZ Technologies; সাঁচতীয়া ধন বিচাৰি হাহাকাৰ ১৮ হাজাৰ বিনিয়োগকাৰীৰ - INVESTMENT FRAUD

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 1:32 PM IST

700 crore investment fraud: ‘‘আপোনাৰ ধনখিনি ইয়াত জমা ৰাখৰ, প্ৰয়োজনত মূলধনৰ ওপৰত দুগুণ সুদ লাভ কৰি ঘূৰাই লওক ৷’’ এনেদৰেই আশা দিছিল DKZ Technologies এ ৷ DKZ Technologies ক ভৰষা কৰি এতিয়া বিমূৰত পৰিছে প্ৰায় ১৮ হাজাৰ বিনিয়োগকাৰী ৷ প্ৰায় ১৮ হাজাৰ বিনিয়োগকাৰীৰ সাঁচতীয়া ধন লৈ উধাও হ’ল DKZ Technologies ৰ গৰাকী ৷

Hyderabad 700 crore investment fraud
৭০০ কোটি টকা লৈ উধাও DKZ Technologies ! (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : ৰাজ্যত আকৌ ট্ৰেডিং কেলেংকাৰীৰ প্ৰসংগ ৷ কি বিশাল-কি চুমী-তাৰ্কিক কিম্বা দীপাংকৰৰ ট্ৰেডিং কেলেংকাৰী ৷ ট্ৰেডিঙৰ নামত বিনিয়োগ কৰি হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু জনতা ৷ সাঁচতীয়া ধন বিনিয়োগ কৰি হাহাকাৰ কৰিছে বিনিয়োগকাৰীয়ে ৷

এইবাৰ ডি কে জেড টেকন’লজিছ (DKZ Technologies) নামৰ এটা প্ৰতিষ্ঠানে কমেও ১৮ হাজাৰ বিনিয়োগকাৰীৰ পৰা ৭০০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

তথ্য অনুসৰি, কোম্পানীটোৱে বিনিয়োগকাৰীক তেওঁলোকৰ ধনৰ এটা বৃহৎ অংশ লাভৰ প্ৰতিশ্ৰুতি দি প্ৰলোভিত কৰিছিল । কিন্তু শেহতীয়াকৈ কোম্পানীটোৱে তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰি দিছে, আনকি ইয়াৰ প্ৰবন্ধকজনো উক্ত স্থানৰ পৰা পলায়ন কৰিছে ৷ ফলত দিশহাৰা হৈ পৰিছে বহু বিনিয়োগকাৰী ৷

অ’ ৰৱ; আমি উল্লেখ কৰা এই ঘটনা অসমৰ নহয় ৷ হায়দৰাবাদৰ মাধাপুৰৰ পৰা আহিছে এই বৃহৎ জালিয়াতিৰ তথ্য ৷

  • ঘটনাটো কি ?

২০১৮ চনত অশ্বাক ৰাহিলে প্ৰতিষ্ঠা কৰা ডি কে জেড টেকন’লজিছে হায়দৰাবাদৰ মাধাপুৰত কাম আৰম্ভ কৰে । ইয়াত ই বিনিয়োগৰ ওপৰত ভিত্তি কৰি উচ্চ সুদৰ হাৰত ঘূৰাই দিয়াৰ দাবী কৰিছিল । ইউটিউবাৰসকলে ইয়াৰ মাৰ্কেটিং আৰু প্ৰচাৰত যথেষ্ট আগভাগ লোৱা দেখা গৈছিল ৷

এইদৰে কোম্পানীটোৱে বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । ফলত বিনিয়োগকাৰীয়ে সামূহিকভাৱে প্ৰায় ৭০০ কোটি টকা ডি কে জেড টেকন’লজিছত বিনিয়োগ কৰাৰ তথ্য লাভ কৰা হৈছে ।

জানিব পৰা মতে, কোম্পানীটোৱে বিনিয়োগকাৰীসকলক প্ৰথমে প্ৰতিমাহে কমেও ১২ শতাংশ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । আনকি বিনিয়োগকাৰীক ধন উলিয়ালে অধিক লাভৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু জুন মাহত যেতিয়া বিনিয়োগকাৰীয়ে নিজৰ ধন উলিয়াবলৈ লয়, তেতিয়া ওলাই পৰা উৰহী গছৰ ওৰ ৷ কোম্পানীটোৰ অফিচ বন্ধ হৈ থকাৰ লগতে মেনেজাৰৰো কোনো খবৰ নাইকিয়া হয় ।

  • ক্ষুব্ধ ভুক্তভোগীয়ে সাব্যস্ত কৰে প্ৰতিবাদ

এই প্ৰৱঞ্চনাৰ বলি হোৱা ক্ষুব্ধ ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে । কিন্তু অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ভুক্তভোগীয়ে ৷ যাৰ ফলত ভুক্তভোগীৰ ক্ষোভ আৰু অধিক বৃদ্ধি পায় ।

ইয়াৰ পিছতে শুকুৰবাৰে কেন্দ্ৰীয় অপৰাধ কেন্দ্ৰৰ (Central Crime Station চমুকৈ CCS) সন্মুখত ক্ষুব্ধ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ভুক্তভোগীক প্ৰতিনিধিত্ব কৰা প্ৰতিবাদকাৰীসকলৰ ভিতৰত আছে অধিবক্তা আছীৰ খান, এটা সংস্থাৰ আমীনা আৰু নাৰী নিকেতন ফাউণ্ডেশ্যনৰ সভানেত্ৰী ছ’ফিয়া ।

  • আইন আৰু আৰ্থিক প্ৰভাৱ

এই কেলেংকাৰীয়ে বিনিয়োগ সম্পৰ্কীয় অন্যান্য আঁচনি সন্দৰ্ভত সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিছিল । দেখা পোৱা গৈছে যে এই বিনিয়োগ কেৱল ভাৰততে সীমাবদ্ধ নহয়, বৰঞ্চ ডুবাই আৰু আমেৰিকালৈও বিস্তৃত হৈ আছে ।

তথ্য মতে, এজন চিকিৎসক আৰু তেওঁৰ পৰিয়ালে এই আঁচনিখনত চাৰি মাহত ২.৭২ কোটি টকা বিনিয়োগ কৰিছিল । এতিয়া এই কেলেংকাৰীৰ খবৰে চিন্তিত কৰি তুলিছে সকলোকে ৷

  • ভুক্তভোগীয়ে ন্যায়ৰ বাবে আবেদন জনায়

এই প্ৰৱঞ্চনা পোহৰলৈ অহাৰ পিছতে ভুক্তভোগীয়ে তেলেংগানা আৰক্ষীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় যাতে সকলোৱে নিজৰ কষ্টোপাৰ্জিত ধনখিনি ঘূৰাই পাব পাৰে । লগতে ভুক্তভোগীয়ে এই গোচৰৰ তদন্ত ক্ষিপ্ৰ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক আবেদন জনাইছে ।

লগতে পঢ়ক : ডি বি ষ্টকত সাঁচতীয়া ধন থৈ হাহাকাৰ বিনিয়োগকাৰীৰ : থানাত ভিৰ বাঢ়িছে গ্ৰাহকৰ - DB STOCK BROKING CASE

লগতে পঢ়ক : ট্ৰেডিং কেলেংকাৰী প্ৰসংগত বহুকেইটা বিস্ফোৰক অভিযোগ বিৰোধী দলপতি শইকীয়াৰ - OPPOSITION LEADER DEBABRATA SAIKIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.