ETV Bharat / bharat

বৃষ্টিপাতৰ ফলত খহিল ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চিলিং, এজনৰ মৃত্যু - Roof collapse in Delhi airport

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:21 AM IST

Updated : Jun 28, 2024, 1:04 PM IST

Delhi Airport roof collapse: খহি পৰিল ৰাজধানী চহৰ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-1 ৰ চিলিং । ক্ষতিগ্ৰস্ত বহু বাহন ৷ ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী ৷ এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত 5 জনকৈ লোক । পুৱা প্ৰায় 5.15 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

Roof collapses at Terminal 1 of Delhi Airport several injured rescue ongoing
খহি পৰিল ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চাঁদ (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 28 জুন: নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-1 ত বৃহস্পতিবাৰৰ পুৱাই সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা । প্ৰচুৰ পৰিমাণে হৈ থকা বৰষুণৰ ফলত বিমানবন্দৰটোৰ টাৰ্মিনেল-1 ৰ এখন চিলিং হঠাতে খহি পৰে, যাৰ ফলত তলত থকা তিনিখনকৈ বাহন ক্ষতিগ্ৰস্ত হয় ।

দুৰ্ঘটনাটোত আহত হৈছে 6 জনকৈ লোক, ইয়াৰে এগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু ঘটে । সম্প্ৰতি আহত আন 5 গৰাকী লোকৰ অৱস্থা যথেষ্ট গুৰুতৰ বুলি সদৰী কৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে উপস্থিত হৈছে আৰক্ষী । দুৰ্ঘটনাস্থলীত আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়ক: কোচিৰ পৰা লণ্ডন অভিমুখী বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি - Bomb threat to Air India flight

অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক গাৰ্গে জনোৱা অনুসৰি, চিলিং খহি পৰাৰ ফলত বহু যান-বাহনৰ ক্ষতিসাধন হয় । প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ পিছত ৰাজধানী দিল্লীত শুকুৰবাৰৰ পুৱাৰে পৰা ধাৰাসাৰ বৃষ্টিপাত অব্য়াহত আছে ৷ বৰষুণৰ ফলতে ৰাজধানী চহৰৰ বিমানবন্দৰটোত সংঘটিত হয় এনে ঘটনা ৷

বিমানসেৱাত এই দুৰ্ঘটনাৰ প্ৰভাৱ

এই দুৰ্ঘটনাটোৰ প্ৰভাৱ বিমান পৰিবহণত পৰা বুলি এক্সৰ জৰিয়তে সদৰী কৰিছে দেশৰ অন্যতম আগশাৰীৰ বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ৱে ৷ ইণ্ডিগ’ৱে এই সন্দৰ্ভত কয় যে, "টাৰ্মিনেল 1 ত হোৱা দুৰ্ঘটনাটোৰ বাবে দিল্লীৰ বিমানযাত্ৰা বাতিল কৰা হৈছে ৷ কাৰণ কিছু সময়লৈকে যাত্ৰীসকলে টাৰ্মিনেলত প্ৰৱেশ কৰিব নোৱাৰিব ।

ইতিমধ্যে টাৰ্মিনেলৰ ভিতৰত থকা যাত্ৰীসকলে নিজৰ বিমানত উঠিব পাৰিব যদিও দিনটোৰ পৰৱৰ্তী সময়ত বিমান থকা যাত্ৰীসকলক বিকল্প প্ৰদান কৰা হ’ব ।

দুৰ্ঘটনাৰ পিছত চিন্তিত যাত্ৰীসকল

দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 1 ত থকা এগৰাকী যাত্ৰীয়ে কয়, "মই বেংগালুৰুলৈ যাবলৈ ওলাই আহিছিলো, পুৱা 8:15 বজাত মোৰ বিমান আছিল । পুৱা প্ৰায় 5.15 বজাত টাৰ্মিনেলৰ চিলিং ভাঙি পৰে ৷ এয়াৰপ’ৰ্ট কৰ্তৃপক্ষৰ হাতত এই সন্দৰ্ভত কোনো উত্তৰ নাই । পৰিস্থিতিলৈ চাই এনে লাগিছে যেন ইয়াৰ পৰা কিছু সংখ্যক বিমানৰহে উৰণ সম্ভৱ হ’ব ৷ ইয়াত প্ৰায় 700-800 যাত্ৰীয়ে অপেক্ষা কৰি আছে" ৷

লগতে পঢ়ক: বৰঝাৰ বিমান বন্দৰত হাহাকাৰ: বৰষুণতে খহি পৰিল চিলিং, ভিতৰে-বাহিৰে কেৱল পানী - RAINFALL INSIDE GUWAHATI AIRPORT

আন এজন যাত্ৰীয়ে কয়, "মোৰ বিমানখন ৰাতিপুৱা 9 বজাত ইণ্ডিগোৰ । কিন্তু ইয়াৰ পৰা কোনো বিমান যাত্ৰা হ’ব যেন নালাগে । দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 1 ত উপস্থিত এজন যাত্ৰীয়ে কয়, "মোৰ ৰাতিপুৱা 9 বজাত এখন বিমান আছে । মই গম পালো যে ইয়াৰ চাঁদখন ভাঙি গৈছে । কিছুমান বিমান বাতিল হৈছে, কিছুমান পলম হৈছে । বিষয়াসকলে এই বিষয়ে আমাক জনাইছে ।"

কেতিয়া সংঘটিত হৈছিল দুৰ্ঘটনাটো ?

শুকুৰবাৰে পুৱাৰে পৰা ধাৰাষাৰ বৰষুণ দি থকাৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-1 ৰ চিলিঙৰ কিছু অংশ হঠাতে খহি পৰে ৷ যাৰ ফলত বহুসংখ্যক বাহন ক্ষতিগ্ৰস্ত হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষী, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে বিমানবন্দৰ কৰ্তৃপক্ষই ৷

অগ্নিনিৰ্বাপক বাহিনীৰ পৰা পোৱা তথ্য অনুসৰি, পুৱা প্ৰায় 5.30 বজাত সংঘটিত হয় এই ঘটনা ৷ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে প্ৰেৰণ কৰা হয় তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ বৰ্তমান আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰদান কৰি থকা হৈছে চিকিৎসা সেৱা । তদুপৰি স্থানটোৰ পৰানিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ যাত্ৰীসকলক পৰামৰ্শ প্ৰদান কৰা হৈছে ।

ক্ষতিপূৰণ ঘোষণা

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে মৃতকৰ পৰিয়াললৈ 20 লাখ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 3 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে । বিমান সংস্থাসমূহক বিকল্প বিমানত যাত্ৰীক স্থান দিবলৈ বা নিয়মৰ অধীনত সম্পূৰ্ণ ধন ঘূৰাই দিবলৈ পৰামৰ্শ দিছে: অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় তথা DGCA এ ৷ ইণ্ডিগো আৰু স্পাইচজেটে টাৰ্মিনেল 1 ৰ পৰা দুপৰীয়া 2 বজালৈ যাত্ৰা কৰিবলগীয়া সকলো বিমান বাতিল কৰিছে ।

লগতে পঢ়ক: দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত বোমাৰ আতংক বিয়পালে কোনে ? - Bomb Threat Delhi To Dubai Flight

ঘূৰ্ণীবতাহ ৰেমলৰ বাবে বাতিল বিমান সেৱা - Cyclonic Storm Remal

মাংগালোৰ বিমানবন্দৰত কিয় হাহাকাৰ পৰিস্থিতি ?

Last Updated : Jun 28, 2024, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.