ETV Bharat / bharat

বিহাৰৰ লক্ষীচৰাইত পথ দুৰ্ঘটনা নিহত ৯, গুৰুতৰভাবে আহত ৬ জন - ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident In Lakhisarai: বিহাৰৰ লক্ষীচৰাইত মাজনিশা এখন ট্ৰাক আৰু অটোৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ হয় । এই ভয়ংকৰ পথ দুৰ্ঘটনাই ৯ জন লোকৰ প্ৰাণ কাঢ়ি নিলে । আনহাতে দুৰ্ঘটনাত প্ৰায় ৬ জন লোক গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা হৈছে ৷

road-accident-in-lakhisarai-bihar-truck-auto-collide-many-people-died
ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:04 PM IST

নেশ্যনেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : বিহাৰৰ লক্ষীচৰাইত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জিলাখনৰ ৰামগড় থানা চক এলেকাৰ অন্তৰ্গত ঝুলৌনা গাঁৱৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথ-৩০ লক্ষীচৰাই চিকন্দ্ৰা মূল পথত সংঘটিত হয় এই ঘটনা । উক্ত স্থানত ট্ৰাক আৰু অটোৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু ঘটে । ইয়াৰে প্ৰায় ৬ জন লোক গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা হৈছে ।

লক্ষীচৰাই পথ দুৰ্ঘটনা : তথ্য অনুসৰি, মুখামুখি সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে অটোখন ছিটিকি পৰে । সেই সময়ত অটোখনত ১৫ জন যাত্ৰী আছিল । ঘটনাস্থলীতে ৮ জন লোকৰ মৃত্যু ঘটে । দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু সকলোকে সদৰ চিকিৎসালয়লৈ লৈ আহে, য'ত চিকিৎসাৰ সময়ত আৰু এজনৰ মৃত্যু হয় ৷ ইয়াৰ পিচত ৬ জন লোকক তেওঁলোকৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে লক্ষীচৰাইৰ পৰা পিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷

মৃতদেহ চিনাক্তকৰণৰ কামত নিয়োজিত আৰক্ষী : নিহত লোকসকলৰ এজন অটো চালক মনোজ কুমাৰ লক্ষীচৰাইৰ মহিসোনাৰ বাসিন্দা বুলি চিনাক্ত হোৱাৰ বিপৰীতে ৮ জন লোক মুংগেৰ আৰু লক্ষীচৰাইৰ বাসিন্দা বুলি জানিব পৰা গৈছে । বৰ্তমান জিলা আৰক্ষী অধীক্ষক পংকজ কুমাৰে পৌৰ আৰক্ষী থানাৰ সভাপতি দলবালৰ সৈতে সদৰ হাস্পাতালত উপস্থিত হৈ মৃতদেহ চিনাক্তকৰণৰ কাম আৰম্ভ কৰিছে । ঘটনাৰ পিচতে সকলোৰে পৰিয়ালৰ লোকক অৱগত কৰা হৈছে ।

"ঘটনাটো নিশা প্ৰায় ১:৩০ বজাৰ । আমি ষ্টেচনত আছিলো যেতিয়া আমাক জনোৱা হৈছিল যে এখন দ্ৰুতবেগী বাহন আৰু এখন অটোৰ মাজত সংঘৰ্ষ হৈছে । তাৰ পিচত আমি তাত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিলো, আহতসকলক চিকিৎসাৰ বাবে ভৰ্তি কৰালো । পৰৱৰ্তী পদক্ষেপ ইতিমধ্যে লোৱা হৈছে । আৰক্ষীয়ে মৃতকজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে । সকলো লোক বেলেগ বেলেগ ঠাইৰ বাসিন্দা" - অমিত কুমাৰ, থানা অধীক্ষক তথা পৰিদৰ্শক ৷

সকলো আহতৰ অৱস্থা সংকটজনক : চিকিৎসাৰ সময়ত ড৹ ৰাজকুমাৰে কয় যে ‘অটো আৰু ট্ৰাক’ৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে । সংঘৰ্ষটোত ঘটনাস্থলীতে ৮ জন লোকৰ মৃত্যু হৈছে । চিকিৎসাৰ সময়ত এজন লোকৰ মৃত্যু ঘটে । ৬ জন লোকক চিকিৎসাৰ বাবে পাটনালৈ প্ৰেৰণ কৰা হৈছে । আটাইকেইজন আহতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : হাৰমতীত ছুপাৰ আৰু কিয়া বাহনৰ মুখামুখি সংঘৰ্ষ: গুৰুতৰভাবে আহত যাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.