ETV Bharat / bharat

মোদী কেবিনেটৰ পৰা পদত্যাগ পশুপতি কুমাৰ পাৰসৰ - Pashupati Kumar Paras Resigns

Pashupati Kumar Paras Resigns: ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ মুৰব্বী পশুপতি কুমাৰ পাৰসে কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে । লোকসভা নিৰ্বাচনৰ বাবে দলটোক এখনো আসন নিদিয়াৰ অসন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে ।

Pashupati Kumar Paras Resigns
মোদী কেবিনেটৰ পৰা পদত্যাগ পশুপতি কুমাৰ পাৰসৰ
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 3:34 PM IST

মোদী কেবিনেটৰ পৰা পদত্যাগ পশুপতি কুমাৰ পাৰসৰ

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে । একেদৰে ৰাজনৈতিক দলবোৰেও নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে । কিন্তু তেনে সময়তে শাসনাধিষ্ঠ নেচনেল ডেমক্ৰেটিক এলায়েন্সত অসন্তুষ্টি দেখা গৈছে । নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টীয়ে । দলটোক মিত্ৰজোঁটে এখনো আসন নিদিয়াৰ বাবে এনে অসন্তুষ্টি দেখা গৈছে । কেৱল এয়াই নহয় দলটোৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসে মন্ত্ৰীপদ ত্যাগ কৰিছে ।

পদত্যাগৰ পিচতে মন্ত্ৰীগৰাকীয়ে কয় যে ৫-৬ দিন পূৰ্বে এখন সংবাদমেলত তেওঁ কৈছিল যে এন ডি এয়ে আসন ঘোষণা নকৰালৈকে তেওঁ অপেক্ষা কৰিব । তেওঁ সততাৰে এন ডি এৰ প্ৰতি সেৱা আগবঢ়াইছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ এগৰাকী ডাঙৰ নেতা, কিন্তু ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টী আৰু ব্যক্তিগতভাৱে তেওঁৰ সৈতে অন্যায় হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । সেয়েহে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে বুলি সংবাদ মাধ্যমক অৱগত কৰে ।

ইফালে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ সভাপতি চিৰাগ পাছৱানে কয় যে ব্যক্তি নহয় সময় হে শক্তিশালী আৰু আজি সময়ে ইয়াৰ শক্তি প্ৰদৰ্শন কৰিছে । সময়ে ন্যায় কৰিছে বুলি তেওঁ উল্লেখ কৰে । আগন্তুক দিনত তেওঁ প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে সাজু আছে বুলিও পাছৱানে উল্লেখ কৰে । চিৰাগ পাছোৱানৰ মতে তেওঁ যোৱা ৩ বছৰ ধৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে । এনে পৰিস্থিতিত যদি আন কোনো প্ৰত্যাহ্বানৰ সৃষ্টি হয় তেন্তে তেওঁ ইয়াক সমানে দৃঢ়তাৰে সন্মুখীন হ'বলৈ সাজু ।

পাছোৱানৰ মতে যেতিয়া এটা ডাঙৰ মিত্ৰজোঁট গঠন কৰা হয় প্ৰতিটো দলে সৰু সৰু আপোচ কৰিব লাগে । সকলোৱে কিছু ত্যাগ কৰিব লাগে । তেওঁৰ দলেও এখন আসন হ্ৰাস কৰিব লগা হৈছিল । জেডিইউয়েও এখন আসন হ্ৰাস কৰিবলগীয়া হৈছে । ২০২৪ চনত এন ডি এয়ে ২০১৯ তকৈ ডাঙৰ বিজয় লাভ কৰিব বুলিও তেওঁ নিশ্চিত ।

ইফালে আৰজেডি নেতা শক্তি সিং যাদৱে কয় যে বিজেপিয়ে মিত্ৰশক্তিক প্ৰত্যাখ্যান কৰি আহিছে । পশুপতি পাৰসক গাখীৰৰ মাখিৰ দৰে ব্যৱহাৰ কৰা হৈছে আৰু এলজেপিক দুটা ভাগত বিভক্ত কৰা হৈছে বুলি তেওঁ দাবী কৰে । বিজেপিয়ে ইয়াৰ মিত্ৰশক্তিৰ সৈতে ভাল আচৰণ নকৰে বুলিও শক্তি সিং যাদৱে অভিযোগ কৰে ।

লগতে পঢ়ক :তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.