ETV Bharat / bharat

তীৰ্থযাত্ৰাত প্ৰত্যাহ্বান: ভূমিস্খলনৰ ফলত বন্ধ ঋষিকেশ-বদ্ৰীনাথ-কেদাৰনাথ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ - LANDSLIDE IN UTTARAKHAND

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 2:20 PM IST

Badrinath Kedarnath NH closed: উত্তৰাখণ্ডত অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত ৷ যাৰ ফলত ৰাজ্যখনত সঘনে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত চামোলীৰ ঋষিকেশ-বদ্ৰীনাথ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশ ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে ৷ লগতে বন্ধ হৈ পৰিছে ৰুদ্ৰপ্ৰয়াগৰ কেদাৰনাথ ঘাইপথ ৷ জিলা প্ৰশাসনে বতৰৰ ৰূপ চাইহে তীৰ্থযাত্ৰীসকলক ভ্ৰমণ কৰাৰ আহ্বান জনাইছে ৷

LANDSLIDE IN UTTARAKHAND
ঋষিকেশ-বদ্ৰীনাথ-কেদাৰনাথ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ (ETV Bharat)

নেশ্যনেল ডেস্ক, 25 জুলাই: বিগত কেইবাদিনৰে পৰা উত্তৰাখণ্ডত হৈ থকা প্ৰচুৰ বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ বিশেষকৈ চাৰিধাম যাত্ৰাৰ বাবে ৰাজ্যখনলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলে আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ তাৰে পৰিপ্ৰেক্ষিতত স্থানীয় প্ৰশাসনে বতৰৰ ৰেহৰূপ চাইহে তীৰ্থভ্ৰমণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷

উত্তৰাখণ্ডত ভূমিস্খলন (ETV Bharat)

চামোলি/ৰুদ্ৰপ্ৰয়াগ: চামোলীত নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈছে ৷ বৰষুণৰ বাবে শোচনীয় অৱস্থা হৈছে বাট-পথসমূহৰ ৷ ৰাস্তা বন্ধ হোৱাৰ বাবে যাত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হৈছে ৷ বৃহস্পতিবাৰে জিলাখনৰ বহু ঠাইত ভূমিস্খলনৰ ফলত পথসমূহ বন্ধ হৈ পৰে ৷

লগতে পঢ়ক: ৰুষ্ট প্ৰকৃতিয়ে সীমান্তত ৰুধিছে ভাৰতীয় সেনাক; কাৰ দোষত প্ৰকৃতিৰ এই ৰূপ ? - LANDSLIDE IN ARUNACHAL PRADESH

চামোলীত বৰষুণৰ বাবে বহু ঠাইত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ: ভূমিস্খলনৰ ফলত ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰো বহু ঠাইত যাতায়াত বন্ধ হৈ পৰে ৷ যাৰ বাবে আদবাটতে বন্ধ হৈ পৰিছে পথটোৰে আহ-যাহ কৰা বাহনসমূহ ৷ যাৰ বাবে পথৰ দুয়োফালে ইতিমধ্যে দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷ বদ্ৰীনাথ আৰু হেমকুণ্ড চাহিবলৈ অহা তীৰ্থযাত্ৰীসকলেও ভ্ৰমণ পথত সমস্যাৰ সন্মুখীন হৈছে ৷ পথবন্ধৰ বাবে যান-জঁটৰো সৃষ্টি হয় ৷ গুলাবকোটি, পাগলনলা আৰু পাতালগংগাৰ ওচৰত বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ৷

লালবজাৰৰ সমীপত খহিল চীন সীমান্ত সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ: ভাৰত-চীন সীমান্ত সংযোগী মুখ্য পথ মালাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ আধা অংশ লালবজাৰৰ সমীপত খহি পৰাৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে গধুৰ বাহনৰ চলাচল । যাৰ ফলত অঞ্চলটোত বাস কৰা লোকসকলৰ বাবে বৃদ্ধি হৈছে সমস্যা । বৰষুণৰ বতৰত খাদ্য সামগ্ৰীবোৰ কেনেদৰে এই ঠাইবোৰত যোগান ধৰা হ’ব, সেয়াও প্ৰশাসনৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে ।

থাৰালী খণ্ডত পথ আৰু দলং বিধ্বস্ত: চামোলীৰ থাৰালী উন্নয়ন খণ্ডত গাঁৱসমূহক সংযোগ কৰা পথ আৰু স্থায়ী দলঙখন উটুৱাই নিয়ে বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ৷ ফলত জিলা সদৰৰ পৰা গাঁৱবাসী সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । এনে পৰিস্থিতিত অস্থায়ী দলং নিৰ্মাণ নোহোৱাৰ বাবে গাঁৱবাসী বিচলিত হৈছে ।

লগতে পঢ়ক: নেপালত ভূমিস্খলন; ত্ৰিশূলী নদীত পৰিল দুখন যাত্ৰীবাহী বাছ; নিৰুদ্দেশ 60 গৰাকীৰো অধিক যাত্ৰী - LANDSLIDE IN CENTRAL NEPAL HIGHWAY

বৰষুণ আৰু নদীৰ নলাৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে সংশ্লিষ্ট বিভাগে অস্থায়ী দলং নিৰ্মাণত বাধাৰ সন্মুখীন হৈছে ৷ সুনা, থাৰালি, দেৱলাগৱাড, ৰতগাঁৱত এনে ঘটনা সংঘটিত হৈছে ৷

ৰুদ্ৰপ্ৰয়াগ: কেদাৰ উপত্যকাত মাজে মাজে হোৱা বৰষুণৰ ফলত কেদাৰনাথ ঘাইপথৰ ফাটাৰ ওচৰৰ ডলিয়া দেৱীত ভূমিস্খলন সংঘটিত হয় ৷ ইয়াৰ ফলত ৰাজপথত চলাচল বন্ধ হৈ যায় বাহনৰ । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা ঘাইপথ মুকলিৰ কাম সম্প্ৰতি অব্যাহত আছে ৷ ৰাজপথত আৱদ্ধ যাত্ৰীসকলক সুৰক্ষিত স্থানত ৰখা হৈছে ৷ প্ৰশাসনে তীৰ্থযাত্ৰীসকলক বতৰ মুকলি হ’লেহে ভ্ৰমণ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে ৷

ৰুদ্ৰপ্ৰয়াগৰ ডালিয়া দেৱীত ভূমিস্খলন: কেইবাদিনো ধৰি কেদাৰনাথত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত ফাটাৰ ওচৰৰ ডালিয়া দেৱীত কেদাৰনাথ ঘাইপথ বন্ধ হৈ পৰে । ইয়াৰ ফলত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈছে । বুধবাৰে নিশা হোৱা বৰষুণৰ ফলত ডালিয়া দেৱীৰ দুই স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: যোশীমঠত পাহাৰৰ পৰা বাগৰিল প্ৰকাণ্ড শিল : ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হ’ল বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ - Landslide in Joshimath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.