ETV Bharat / bharat

দুষ্প্ৰাপ্য পখিলাক পুনৰ আৱিষ্কাৰ পখিলা মানৱৰ - Rare species of butterfly

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 10:22 PM IST

Butterfly rediscover in Arunachal Pradesh : ৬১ বছৰ পিচত ভাৰতবৰ্ষত পুনৰ আৱিষ্কাৰ এবিধ দুষ্প্ৰাপ্য পখিলা ৷ অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ কৰা হৈছে পখিলাটো ৷

Butterfly rediscover in Arunachal Pradesh
দুষ্প্ৰাপ্য পখিলাক পুনৰ আৱিষ্কাৰ পখিলা মানৱৰ (Roshan Upadhaya)

তেজপুৰ, ২ আগষ্ট : সুদীৰ্ঘ ৬১ বছৰ পিচত ভাৰতবৰ্ষত পুনৰ আৱিষ্কাৰ হৈছে এবিধ দুষ্প্ৰাপ্য পখিলা ৷ অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পোৱা এই প্ৰজাতিবিধৰ বিষয়ে পখিলা মানৱ ৰৌশন উপাধ্যায় আৰু তিনিগৰাকী বিজ্ঞানীয়ে বোম্বে নেচাৰেল হিষ্ট্ৰী অব ছচাইটিৰ আৱিষ্কাৰ গ্ৰন্থত প্ৰকাশ কৰিছে ৷

পখিলা মানৱ ৰৌশন উপাধ্যায় (ETV Bharat Assam)

নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ মেয়াও ৰেঞ্জত ২০১৮–২০১৯ চনত চলোৱা এক সমীক্ষাত এক নতুন পখিলাৰ নথিভুক্ত কৰা হয় ৷ বিষয়টো এতিয়া নিশ্চিত হৈছে এই গৱেষণা পত্ৰ প্ৰকাশৰ দ্বাৰা ৷ পখিলাৰ এই জৰীপৰ সময়ত এটা বিৰল প্ৰজাতিৰ পখিলা দেখা গৈছিল মেয়াও-বিজয়নগৰ অঞ্চলত ৷

ই সম্ভৱতঃ Ypthima cantliei Norman বুলি জনা যায় ৷ 1958 চনৰ তথ্যৰ সহায়ত প্ৰজাতি চিনাক্তকৰণ নিশ্চিত কৰা হয় ৷ অৰুণাচল প্ৰদেশৰ পখিলা মানৱ ৰৌশন উপাধ্যায় আৰু তেওঁৰ তিনিগৰাকী সহযোগী লেখক ক্ৰমে মনচোনজ্যোতি গগৈ, ৰেণু গগৈ আৰু ৰেজেনা আহমেদৰ দ্বাৰা ‘বোম্বে নেচাৰেল হিষ্ট্ৰী অৱ ছ'চাইটি’ৰ আৱিষ্কাৰ বিষয়ৰ গ্ৰন্থত এই বিষয়ে ভলিউম ১২১ৰ মে’-আগষ্ট মাহৰ সংখ্যাত প্ৰকাশ পাইছে ৷ লেখকসকলৰ মতে প্ৰায় ৬১ বছৰ ধৰি এই পখিলাবিধৰ প্ৰজাতিৰ বিষয়ে তথ্য উপলদ্ধ নাছিল ৷ তদুপৰি বহুত কম তথ্য জনা যায় প্ৰজাতিটোৰ বৰ্তমানৰ সংখ্যাৰ বিষয়ে ৷ প্ৰজাতিবিধ চিনাক্তকৰণ নিশ্চিত কৰা হয় ইভান্সৰ সাহিত্যৰ (১৯৩২) প্ৰকাশিত তথ্যৰ সহায়ত ৷

উপাধ্যায়ৰ লেখনিত উল্লেখ আছে যে অন্য জীৱ-জন্তুৰ তুলনাত সাধাৰণতে পখিলাৰ শতকৰা হাৰ সৰ্বাধিক বুলি জনাজাত ৷ পূব অৰুণাচল প্ৰদেশৰ নামদফাৰ সংৰক্ষিত ঘন গ্ৰীষ্মমণ্ডলীয় ৰাষ্ট্ৰীয় উদ্যানখনে তাত বাস কৰা হাজাৰ হাজাৰ প্ৰজাতিৰ বাবে ই অমূল্য প্ৰজাতিৰ পখিলা ৷ Ypthima cantliei হৈছে (গ্ৰেট ফৰ-ৰিং), চাৰিটা ঘূৰণীয়া চকৰিযুক্ত এটা বিশেষ প্ৰজাতিৰ ভাৰতত পোৱা Satyrinae পখিলা ৷ সাধাৰণতে এই প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য সৈতে নিস্তেজ বাদামী-ধূসৰ ৰঙৰ ডেউকা থাকে, পিচফালৰ ডেউকাত থাকে হালধীয়া আঙঠিযুক্ত একক চকুৰ দাগ (ocelli) ৷

ভাৰতীয় পখিলা সম্পৰ্কীয় সাহিত্যৰ পৰ্যালোচনা অৰুণাচলত Ypthima cantliei ৰ কোনো শেহতীয়া ৰেকৰ্ড পোৱা হোৱা নাই ৷ কিন্তু ইয়াৰ পূৰ্বে ১৯৫৭ চনত এই প্ৰজাতিটোৰ তথ্য পোৱা গৈছিল উজনি অসমৰ মাৰ্ঘেৰিটাৰ সমীপত ৷ সেয়েহে তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে এই প্ৰজাতিটো পখিলাৰ প্ৰাণীজগতৰ এক নতুন সংযোজন আৰু ইয়াক অৰুণাচল প্ৰদেশ আৰু ভাৰতত পুনৰ আৱিষ্কাৰ কৰে উপাধ্যায়ে ৷

Nymphalidae পৰিয়ালত প্ৰায় ৬,০০০ প্ৰজাতি অন্তৰ্ভুক্তৰ ভিতৰত এই পৰিয়ালত ইপ্থিমা এটা উন্নত প্ৰজাতিৰ পখিলা ৷ ভাৰতত লিপিবদ্ধ হোৱা ৩৫টা প্ৰজাতিৰ ভিতৰত ২৩টা প্ৰজাতি বৰ্তমানলৈকে পোৱা গৈছে উত্তৰ-পূব ভাৰতত ৷ বিশেষকৈ ইউনান আৰু ছিচুয়ান প্ৰদেশত চীন আৰু কাষৰীয়া দেশ যেনে উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, আৰু বাৰ্মা (বৰ্তমান ম্যানমাৰ) ত ই উপলব্ধ ৷

লেখকসকলৰ মতে এই পখিলাবিধৰ বিষয়ে প্ৰায় ৬১ বছৰ ধৰি কোনো তথ্য উপলব্ধ নাছিল ৷ তদুপৰি বহুত কম তথ্য জনা যায় প্ৰজাতিটোৰ বৰ্তমানৰ সংখ্যাৰ বিষয়ে ৷ প্ৰজাতিবিধ চিনাক্তকৰণ নিশ্চিত কৰা হয় ইভান্সৰ সাহিত্যৰ (১৯৩২) প্ৰকাশিত তথ্যৰ সহায়ত ৷

লগতে পঢ়ক : দিহিং-পাটকাইত পখিলা আৰু জৈৱ-বৈচিত্ৰ্যৰ উল্লেখযোগ্য আৱিষ্কাৰ

লগতে পঢ়ক : উদয়পুৰৰ পখিলা উদ্যান : পৰ্যটকৰ বাবে এক অনন্য উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.