ETV Bharat / bharat

ট্ৰাক-বলেৰ'ৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে 9 জনে - Road Accident

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:13 PM IST

Several died in road accident: ৰাজপথেৰে গৈ থকা অৱস্থাত মুখামুখি সংঘৰ্ষ ট্ৰাক আৰু বলেৰ’ বাহনৰ ৷ দুৰ্ঘটনাত থিতাতে নিহত 9 জন যাত্ৰী ৷ সংকটজনক অৱস্থাত 4 জনক চিকিৎসালয়ত ভৰ্তি ৷

ROAD ACCIDENT
Several died in road accident (ETV Bharat)

নিউজ ডেস্ক, 1 জুলাই: সোমবাৰে ৰাজস্থানৰ কৰৌলী জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । কৰৌলী-মন্দ্ৰয়াল পথত এখন বলেৰো আৰু এখন ট্ৰাকৰ মাজত সৃষ্টি হয় মুখামুখি সংঘৰ্ষ । এই দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত 4 জনৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে । আহত চাৰিজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । দুৰ্ঘটনাত নিহত আটাইকেইজনেই হৈছে কৰৌলী আৰু মধ্যপ্ৰদেশৰ মন্দ্ৰয়াল অঞ্চলৰ বাসিন্দা ।

লগতে পঢ়ক: গহপুৰত গেছ টেংকাৰ আৰু বলেৰ’ৰ মাজত সংৰ্ঘষ; নিহত 1

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিচতে কৰৌলীৰ জিলা উপায়ুক্ত নীলভ ছাক্সেনা, এছ পি ব্রীজেশ জ্যোতি উপাধ্যায়, অতিৰিক্ত জিলা উপায়ুক্ত ৰাজবীৰ সিং চৌধুৰী, কৰৌলী কোটৱালি থানাৰ বিষয়া সুনীল সিং ঘটনাস্থলীত উপস্থিত হয় ৷ ইফালে চিকিৎসা বিভাগ আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো জিলা চিকিৎসালয়ত উপস্থিত হয় । বিষয়াসকলে ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক: লাডাখত হঠাৎ আহিল বান, নিমিষতে টি 72 টেংকসহ উটি গ’ল 5 ভাৰতীয় সেনা জোৱান - 5 SOLDIERS KILLED IN LADAKH LAC

ইফালে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ মৃতদেহসমূহ জিলা চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । তথ্য অনুসৰি দুৰ্ঘটনাটোত আহত চাৰিজন লোকৰ অৱস্থা সংকটজনক হৈ আছে । কোৱা হৈছে যে বলেৰ’ত যাত্ৰা কৰা সকলো লোকে কৈলা দেৱী মাতাৰ দৰ্শন কৰিবলৈ গৈ আছিল ।

দুৰ্ঘটনাৰ সময়ত ট্ৰাকখন কৰৌলীৰ পৰা গৈ আছিল । নিহতসকলৰ অধিকাংশই মধ্যপ্ৰদেশৰ মান্দ্ৰয়াল মহকুমাৰ খিৰখিন গাঁৱৰ বাসিন্দা । উল্লেখ্য যে দুৰ্ঘটনাটোৰ পিচত সেই স্থানত যথেষ্ট লোক গোট খাইছিল । ইয়াৰ পিচতে উপস্থিত লোকসকলে এই বিষয়ে আৰক্ষীক অৱগত কৰে । দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই আৰক্ষী আৰু প্ৰশাসনৰ লোক সেই স্থানলৈ যায় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহসমূহো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন মৃত্যু, ৬ জন আহত - Road accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.