নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভা সমষ্টি ৱায়ানাদৰ পৰা চিপিআইয়ে সোমবাৰে প্ৰক্ষেপ কৰিছে দলটোৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনি ৰাজাক ৷ তেলেংগানাৰ খাম্মাম বা ভুৱনাগিৰিৰ পৰা লোকসভা নিৰ্বাচনৰ খেলপথাৰত প্ৰৱেশ কৰিব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছৰ শীর্ষ নেতৃত্বই ৰাহুলৰ বাবে তেলেংগানা ৰাজ্য নিৰ্বাচন কৰিছে ৷
ইটিভি ভাৰতে কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ পৰা জানিব পাৰিছে যে দক্ষিণৰ ৰাজ্যৰ পৰা সৰ্বাধিক সংখ্যক আসন লাভ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে । কংগ্ৰেছ নেতৃত্বই বিশ্বাস কৰে যে 2019 চনত ৰাহুলৰ প্ৰাৰ্থীত্বই ৰাজ্যখনত দলটোৰ উত্থান ঘটাব ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী তথা দলৰ ৰাজ্যিক গোটৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী, উপ-মুখ্যমন্ত্ৰী ভট্টী বিক্ৰমমাৰ্কা আৰু ৰাজহ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে তেলেংগানাৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ ছোনিয়া গান্ধীক কৰা আবেদনৰ প্ৰতি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাছিল ৷ দলীয় সূত্ৰই জনোৱা মতে, এই সিদ্ধান্ত স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত ৷ তদুপৰি গান্ধীয়ে বিশ্বাস কৰে যে যদিহে তেওঁক পোনপটীয়াকৈ ৰাইজে নিৰ্বাচিত কৰিব নোৱাৰে তেন্তে তেওঁ সমষ্টিটোৰ প্ৰকৃত ন্যায় কৰিব নোৱাৰিব ।
কংগ্ৰেছ নেত্ৰী ছোনিয়াৰ এই সিদ্ধান্তৰ পিচত সমগ্ৰ কংগ্ৰেছ নেতৃত্বই ৰাহুল গান্ধীক নিজৰ ৰাজ্য বাছি ল’বলৈ আহ্বান জনাইছিল । জানিব পৰা মতে মুখ্যমন্ত্ৰী ৰেৱন্তই এই সিদ্ধান্ত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু অন্যান্য জ্যেষ্ঠসকলৰ সৈতে যুটীয়াভাবে গ্ৰহণ কৰিছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰেৱন্তৰ যুক্তি হ’ল ৰাহুলে প্ৰচাৰ নচলোৱাকৈয়ে সমষ্টিটোত সহজ জয় হ’ব ৷ যাৰ ফলত আন সমষ্টিত প্ৰচাৰৰ বাবে নিজৰ শক্তি কেন্দ্ৰীভূত কৰিব পাৰিব ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও তেলেংগানা কংগ্ৰেছে তেওঁৰ প্ৰতি অনা প্ৰাৰ্থীত্বৰ দাবীৰ প্ৰতি সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে । ৰেৱন্তে দুখন আসনৰ পৰামৰ্শ আগবঢ়াইছে সাংসগগৰাকীলৈ - খাম্মাম বা ভুৱনাগিৰি ৷ ইয়াৰ ভিচৰত যিকোনো এখন ৰাহুল গান্ধীয়ে নিৰ্বাচিত কৰিব লাগিব । এই সন্দৰ্ভত আন এক সূত্ৰই জনোৱা মতে, দলৰ নেতাসকলে ৰাহুল গান্ধীৰ বাবে হায়দৰাবাদৰ মলকজগিৰি সমষ্টিৰ বাবেও হেঁচা প্ৰয়োগ কৰিছিল ।
তেলেংগানাৰ উপৰিও ৰাহুলে উত্তৰ প্ৰদেশৰ পৰা দ্বিতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেয়া হ’ব আমেথি, যিখন আসনত তেওঁ 2019 চনত স্মৃতি ইৰাণীৰ হাতত 55 হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল । ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে মাতৃ ছোনিয়াৰ হাতত থকা ৰায় বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে ।
2019 চনত ৰাহুলে 4 লাখৰো অধিক ভোটৰ ব্যৱধানত ৱায়ানাদৰ আসনখন জয় কৰিছিল । সোমবাৰে চিপিআইয়ে ডি ৰাজাৰ পত্নী এনি ৰাজাক ৱায়ানাড আসনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে, যিটো সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰাহুল গান্ধী । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কেৰালাত চিপিআইয়ে চাৰিখন আসনত প্ৰাৰ্থী ঘোষণা কৰে ।
একাধিক সূত্ৰৰ খবৰ অনুসৰি ৰাহুলে পুনৰ ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাই ।
লগতে পঢ়ক: আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সম্ভাৱনা জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীৰ