ETV Bharat / bharat

১৯৯৪ চনৰ গণহত্যাৰ স্মৃতিত ৰুৱাণ্ডাৰ জাতীয় পতাকাৰ ৰঙেৰে আলোকিত কুতুব মিনাৰ - Rwanda Genocide of 1994

author img

By ANI

Published : Apr 8, 2024, 11:50 AM IST

Qutub Minar : ৩০ বছৰ পূৰ্বে ৰুৱাণ্ডাত সংঘটিত হোৱা ভয়ানক গণহত্যাত প্ৰাণ হেৰুওৱা ৮ লাখ পৰিয়ালৰ স্মৃতিত কুতুব মিনাৰক ৰুৱাণ্ডাৰ জাতীয় পতাকাৰ ৰঙৰ পোহৰেৰে সজাই তোলা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এয়া ৰুৱাণ্ডাৰ সৈতে ভাৰতৰ সংহতিৰ প্ৰতীক ।

১৯৯৪ চনৰ গণহত্যাৰ স্মৃতিত ৰুৱাণ্ডাৰ জাতীয় পতাকাৰ ৰঙেৰে আলোকিত কুতুব মিনাৰ

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : দেওবাৰে আলোক সজ্জাৰে ৰঙীন হৈ পৰিল দিল্লীৰ কুতুব মিনাৰ । পূব আফ্ৰিকানসকলৰ সৈতে সংহতি প্ৰদৰ্শনৰ কৰাৰ হেতুকে কুতুব মিনাৰ ৰুৱাণ্ডাৰ জাতীয় পতাকাৰ ৰঙেৰে আলোকিত কৰা হয় । ১৯৯৪ চনত ৰুৱাণ্ডাত সংঘটিত হোৱা ১০০ দিনীয়া গণহত্যাৰ স্মৃতিত এই আলোকৰ ব্যৱস্থা কৰা হয় ৷ যি গণহত্যাত ৮ লাখ লোকৰ প্ৰাণ কাঢ়ি লোৱা হৈছিল ।

এই উপলক্ষে বৈদেশিক মন্ত্ৰালয়ৰ সচিব ডাম্মু ৰবিয়ে X ত লিখিছে, ‘‘ৰুৱাণ্ডাৰ ৰাজধানী কিগালিত সংঘটিত হোৱা গণহত্যাৰ ৩০ সংখ্যক স্মৃতিচাৰণ অনুষ্ঠানত ভাৰতে নিজৰ সংহতি প্ৰদৰ্শন কৰিছে ৷ ৰুৱাণ্ডাৰ জনসাধাৰণৰ সৈতে সংহতি স্বৰূপে ভাৰতে আজি ১৯৯৪ চনত ৰুৱাণ্ডাত টুট্ছিৰ বিৰুদ্ধে সংঘটিত হোৱা গণহত্যাৰ গণহত্যাৰ স্মৃতি দিৱস উপলক্ষে কুতুব মিনাৰ আলোকেৰে সজাই তোলা হৈছে’’ ৷

ৰুৱাণ্ডাত গণহত্যাৰ ৩০ বছৰ সম্পূৰ্ণ হ’ল ৷ ১৯৯৪ চনৰ ৰুৱাণ্ডাৰ গণহত্যাক ২০ শতিকাৰ অন্যতম ৰক্তাক্ত গণহত্যা বুলি গণ্য কৰা হয় ৷ দেওবাৰে ৰাজধানী কিগালিৰ গণকবৰত মাল্যাৰ্পণ কৰি স্মৃতিচাৰণ অনুষ্ঠানৰ নেতৃত্ব দিয়ে ৰুৱাণ্ডাৰ ৰাষ্ট্ৰপতি পল কাগামে । এই অনুষ্ঠানত দক্ষিণ আফ্ৰিকাৰ নেতাসকলৰ লগতে ইথিওপিয়াৰ বিশিষ্ট ব্যক্তিকে ধৰি কেইবাজনো বিদেশী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনও উপস্থিত আছিল । এই হত্যাকাণ্ডক তেওঁ নিজৰ প্ৰশাসনৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা বুলি অভিহিত কৰে ।

এইখিনিতে উল্লেখ কৰো যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ডাম্মু ৰবিয়ে অতিৰিক্ত সচিব (পূব আৰু দক্ষিণ আফ্ৰিকা)ৰ সৈতে ৭-১২ এপ্ৰিলৰ পৰা ৰুৱাণ্ডা, উগাণ্ডা আৰু কেনিয়া ভ্ৰমণলৈ যাব । য’ত দুয়োখন দেশৰ মাজত বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ’ব ।

লগতে পঢ়ক : নাটোৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস - NATO 75th Anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.