ETV Bharat / bharat

হাৰিয়ানাত খট্টৰৰ প্ৰস্থান : মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত নায়ব সিং সাইনি - Haryana CM ML Khattar Resigns

Haryana Political Crisis : ভাৰতীয় জনতা পাৰ্টী আৰু জননায়ক জনতা পাৰ্টীৰ শাসকীয় মিত্ৰজোঁটৰ ৰাজনৈতিক সমস্যাৰ মাজতে ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ক সাক্ষাৎ কৰি মঙলবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে পদত্যাগ কৰে । ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হৈছে নায়ব সিং সাইনি ৷ বিয়লি ৫ বজাত নতুন মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব নায়ব সিং সাইনিয়ে ৷

হাৰিয়ানাত ৰাজনৈতিক সংকট : মুখ্যমন্ত্ৰী খট্টৰৰ পদত্যাগ

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 1:53 PM IST

Updated : Mar 12, 2024, 2:56 PM IST

নিউজ ডেস্ক, ১২ মাৰ্চ : হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হৈছে নায়ব সিং সাইনি ৷ আজি অৰ্থাৎ মঙলাবাৰে বিয়লি ৫ বজাত শপত গ্ৰহণ কৰিব হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী নায়ব সিং সাইনিয়ে ৷

ইয়াৰ পূৰ্বে বিজেপি-জেজেপি মিত্ৰতাত বিভেদৰ মাজতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে মঙলবাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰে । লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক মিত্ৰজোঁটবোৰৰ মাজত ফাঁট ধৰাৰ কথা চৰ্চালৈ আহিছে । অতি শেহতীয়াকৈ এই খবৰ হাৰিয়ানাৰ পৰা আহিছে ৷ য'ত ভাৰতীয় জনতা পাৰ্টী (বিজেপি) আৰু জননায়ক জনতা পাৰ্টীৰ (জেজেপি) মাজত শাসকীয় মিত্ৰজোঁটৰ মাজত আগন্তুক সংসদীয় নিৰ্বাচনৰ বাবে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত মতবিৰোধ দেখা দিছে ।

আনহাতে, খট্টৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে চণ্ডীগড় বিধানসভাৰ সকলো বিজেপি সদস্যৰ (বিধায়ক) জৰুৰী বৈঠকৰ আহ্বান জনায় । এই গুৰুত্বপূৰ্ণ বৈঠকৰ প্ৰাথমিক কাৰ্যসূচী আছিল জেজেপিৰ সৈতে কোনো মিত্ৰতা নকৰাকৈ হাৰিয়ানাত বিজেপিৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা ।

উল্লেখ্য যে বিজেপি আৰু জেজেপিৰ মাজত আসন বিতৰণৰ অমীমাংসিত বিষয়টোৰ পৰাই বিভেদৰ সৃষ্টি হয় । সোমবাৰে হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালাই দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিবলৈ যায় আৰু আসন আৱণ্টনৰ বিষয়টোত এক বিতং আলোচনা কৰে । কিন্তু এই উচ্চ পৰ্যায়ৰ আলোচনা সত্বেও আসন ভাগ-বাটোৱাৰাৰ পাৰস্পৰিকভাৱে সন্মত সূত্ৰ সৃষ্টি হোৱা নাই ।

ইয়াৰ মাজতে উৰাবাতৰি আহিছে আছে যে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ জেজেপিক কোনো আসন আৱণ্টন নকৰাৰ সিদ্ধান্ত ল'ব পাৰে । এনে পৰিস্থিতিয়ে চৰকাৰৰ ভিতৰত ক্ষমতাৰ সূক্ষ্ম ভাৰসাম্য ব্যাহত কৰিব পাৰে । দুষ্মন্ত চৌটালাই দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰি আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ দলৰ বাবে দুখন আসন আৱণ্টনৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হয় ।

৯০ জনীয়া হাৰিয়ানা বিধানসভাৰ বৰ্তমানৰ গঠন মূল্যায়ন কৰিলে বিজেপিৰ ৪১ গৰাকী বিধায়ক আছে । আনহাতে, কংগ্ৰেছৰ ৩০ গৰাকী, জেজেপিৰ ১০ গৰাকী আৰু আইএনএলডি আৰু হাৰিয়ানা লোকহিত পাৰ্টীৰ এজনকৈ বিধায়কৰ বাহিৰে ৭ গৰাকী নিৰ্দলীয় আছে ।

ইয়াৰ পূৰ্বে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ ১০ খন সংসদীয় আসনৰ আটাইকেইখন লাভ কৰিছিল । আনহাতে, আপৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা জেজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৭ খন আসনত প্ৰতিদ্বন্দ্বিতালৈয়ে নাহিল ।

লগতে পঢ়ক :বিজেপিৰ ৯০ জনীয়া দ্বিতীয় তালিকা চূড়ান্ত; ঘোষণা হ'ব শীঘ্ৰে

Last Updated : Mar 12, 2024, 2:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.