ETV Bharat / bharat

ব্ৰিকছ সন্মিলনত অংশ ল’বলৈ ৰাছিয়া অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

BRICS Summit: ২২ অক্টোবৰৰ পৰা কাজানত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

BRICS Summit
ৰাছিয়া অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)
author img

By ANI

Published : 2 hours ago

নতুন দিল্লী : ২২-২৪ অক্টোবৰলৈ ৰাছিয়াৰ কাজানত অনুষ্ঠিত হ'ব ষষ্ঠদশ ব্ৰিকছ সন্মিলন । এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে কাজান অভিমুখে ৰাওনা হয় । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে ।

ৰাছিয়াৰ কাজানত ব্ৰিকছ সন্মিলন

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়,"ন্যায়সঙ্গত গোলকীয় উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা' শীৰ্ষক এই সন্মিলনখনে নেতাসকলক মুখ্য গোলকীয় বিষয়বোৰ আলোচনা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব । এই সন্মিলনে ব্ৰিকছৰ দ্বাৰা আৰম্ভ কৰা পদক্ষেপসমূহৰ অগ্ৰগতি মূল্যায়ন আৰু ভৱিষ্যতৰ সহযোগিতাৰ বাবে সম্ভাব্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰিব ।"

চলিত বছৰতে মোদীৰ দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণ

২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ এয়া দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ হ'ব । ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে জুলাইত তেওঁ মস্কো ভ্ৰমণ কৰিছিল । ৰাছিয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হৈছিল ।

ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী

প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণ সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে কাজানত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচীত থকা কিছুমান বিষয়ৰ ভিতৰত আছে অৰ্থনৈতিক সহযোগিতাৰ অধিক সম্প্ৰসাৰণ, ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্য নিষ্পত্তি, বহনক্ষম উন্নয়ন আদি । জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ 'LiFE mission', পৰৱৰ্তী ডিজিটেল অন্তৰ্ভুক্তিৰ দিশত কাম কৰা, সমাজৰ প্রান্তিক শ্ৰেণীসমূহৰ বিত্তীয় অন্তৰ্ভুক্তি আৰু ভাৰতৰ কিছুমান সফলতা ।

ব্ৰিকছ সন্মিলনৰ ইতিহাস

২০০৬ চনত ছেইণ্ট পিটাৰ্ছবাৰ্গত ৰাছিয়া, ভাৰত আৰু চীনৰ নেতাসকলৰ বৈঠকৰ পিছতে ব্ৰিক গঠন হৈছিল । ২০০৬ চনত নিউয়ৰ্কত ইউএনজিএৰ অধীনত ব্ৰিক বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথম বৈঠকত এই গোটটো ঘোষণা কৰা হৈছিল । প্ৰথম ব্ৰিক সন্মিলন ২০০৯ চনত ৰাছিয়াৰ য়েকাতেৰিনবাৰ্গত অনুষ্ঠিত হৈছিল ।

২০১০ চনত নিউয়ৰ্কত অনুষ্ঠিত ব্ৰিক বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত দক্ষিণ আফ্ৰিকাক অন্তৰ্ভুক্ত কৰাৰ লগে লগে ই ব্ৰিকৰ পৰা ব্ৰিকছলৈ সম্প্ৰসাৰিত হৈছিল । দক্ষিণ আফ্ৰিকাই ২০১১ চনত ছানিয়াত অনুষ্ঠিত তৃতীয় ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে । ২০২৪ চনত ৫ নতুন সদস্যৰ সৈতে ব্ৰিকছ অধিক সম্প্ৰসাৰিত হয় । ৫ নতুন সদস্য হৈছে ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ।

লগতে পঢ়ক :ব্ৰিকছ সন্মিলন; ভাৰতীয় ৰাষ্ট্ৰদূতৰ মতে কিমান গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.