ETV Bharat / bharat

লক্ষ্য দিল্লী ! মোদী-ৰেড্ডীয়ে একেলগে উদ্বোধন কৰিব 6700 কোটি টকাৰ আধাৰশিলা

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 11:38 AM IST

Modi Reddy in same stage:প্ৰধানমন্ত্ৰী মোদী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে সোমবাৰে একেখন মঞ্চত উদ্বোধন কৰিব কেবাটাও উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা ৷ আজি তেলেংগানাৰ আদিলাবাদৰ ইন্দিৰা প্ৰিয়দৰ্শিনী ময়দানত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী ৷ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

PM Modi and CM Revanth Reddy will Share the Same stage today in Adilabad of Telangana
লক্ষ্য দিল্লী! মোদী-ৰেড্ডীয়ে একেলগে উদ্ধোধন কৰিব 6700 কোটি টকাৰ আধাৰশিলা

নেশ্যনেল ডেস্ক, 4 মাৰ্চ: তেলেংগানাৰ এখন ৰাজনৈতিক মঞ্চত সোমবাৰে একেলগে দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক ৷ আদিলাবাদৰ ইন্দিৰা প্ৰিয়দৰ্শিনী ময়দানত আজি দেশৰ প্ৰধানমন্ত্ৰী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰীক একেলগে একেখন মঞ্চত দেখা যাব ৷ লক্ষণীয়ভাৱে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে একেখন বৈঠকতে অংশ ল’ব বুলি জানিব পৰা গৈছে ৷

প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, আৰু ৰাজ্যপাল তামিলিছাই আদিলাবাদলৈ অহাৰ সময়তে আৰক্ষী বাহিনীয়ে চহৰখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গ্ৰহণ কৰিছে । বিশিষ্ট ব্যক্তিৰ আগমনৰ বাবে আঠখন হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে । দিল্লীৰ পৰা বিশেষ বিমানেৰে পুৱা মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । নাগপুৰৰ পৰা প্ৰধানমন্ত্ৰী মোদী পুৱা বিশেষ হেলিকপ্টাৰেৰে আদিলাবাদত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে পুৱা 9.05 বজাত হায়দৰাবাদলৈ ৰাওনা হোৱাৰ লগতে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী পুৱা আদিলাবাদত উপস্থিত হোৱাৰ কথা আছিল । তিনিওজনে একেলগে ইন্দিৰা প্ৰিয়াদৰ্শিনী ময়দানত 6700 কোটি টকাৰ একাংশ উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানৰ পিছত অনুষ্ঠিত বিজেপিৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে ।

এই ৰাজনৈতিক কাৰ্যসূচীৰ বাবে আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ 2000 জোৱানক নিয়োজিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, ৰাজহুৱা সভা অনুষ্ঠিত হোৱা স্থানৰ আশে-পাশে নতিুন পথ নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাখন সফল কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ পাৰ্টি ফাণ্ডলৈ 2,000 টকাৰ বৰঙনি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.