ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ পাৰ্টি ফাণ্ডলৈ 2,000 টকাৰ বৰঙণি প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:02 PM IST

Updated : Mar 4, 2024, 11:48 AM IST

PM Modi : ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অনুদানৰ অংশ হ’বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ভাৰতীয় জনতা পাৰ্টিলৈ দলীয় পুঁজি হিচাপে 2,000 টকাৰ বৰঙণি আগবঢ়াই এই আহ্বান প্ৰধানমন্ত্ৰীৰ ৷

PM Modi
পাৰ্টি ফাণ্ড হিচাপে 2,000 টকা দান প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 3 মাৰ্চ : এইবাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে জনতাৰ পৰা ধন বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে ৷ দেশ চলাবলৈ জনতাক বৰঙণি দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰীৰ ৷ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অনুদানৰ অংশ হ’বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিলৈ ‘দলীয় পুঁজি’ হিচাপে 2,000 টকাৰ বৰঙণি আগবঢ়ায় ৷ এই বৰঙণি আগবঢ়াই তেওঁ লগতে “ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অনুদান”ৰ অংশ হ’বলৈ আহ্বান জনায় ৷ শক্তিশালী আৰু বিকশিত ভাৰতৰ বাবে এই বৰঙণি আগবঢ়োৱা বুলি উল্লেখ প্ৰধানমন্ত্ৰীৰ ৷

এক্সত (পূৰ্বে টুইটাৰ) প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক নামো এপৰ জৰিয়তে ‘ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে দান’ অভিযানৰ অংশ হ’বলৈ আহ্বান জনায় ৷ দললৈ আগবঢ়োৱা অনুদানৰ ৰচিদৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, "মই @BJP4India লৈ অৰিহণা যোগাই বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক শক্তিশালী কৰি তুলিবলৈ পাই সুখী ৷ লগতে সকলোকে NaMoApp ৰ জৰিয়তে #DonationForNationBuilding ৰ অংশ হ'বলৈ আহ্বান জনাইছো ৷"

ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখন অসাংবিধানিক বুলি সৰ্বসন্মতিক্ৰমে ৰায়দান কৰাৰ পিছতে ধন দানৰ আহ্বান জনোৱা হৈছে ৷ বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰশংসা কৰাৰ বিপৰীতে শাসকীয় বিজেপিয়ে কয় যে নিৰ্বাচনী পুঁজিৰ স্বচ্ছতাৰ বাবে এই আঁচনিখন অনা হৈছে ৷

মুখ্য ন্যায়াধীশে তেওঁৰ ৰায়দানৰ সময়ত কয় যে, উচ্চতম ন্যায়ালয়ে কয় যে বেনামী নিৰ্বাচনী বণ্ডবোৰ তথ্যৰ অধিকাৰ আৰু অনুচ্ছেদ ১৯(১)(ক)ৰ উলংঘন ৷ উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কৰ্পৰেট অৱদানকাৰীসকলৰ বিষয়ে তথ্য প্ৰকাশ কৰিব লাগিব ৷

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰাৰ সময়ত কয় যে, ক'লা ধন নিয়ন্ত্ৰণৰ উদ্দেশ্য দাতাসকলৰ পৰিচয় আৰু নিৰ্বাচনী বণ্ড আঁচনিত অৱদানৰ বিৱৰণ অনুমান কৰাৰ বাবে পৰ্যাপ্ত যৌক্তিকতা নহয় ৷

লগতে পঢ়ক : ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ঘোষণা কৃষকসকলৰ

Last Updated : Mar 4, 2024, 11:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.