ETV Bharat / bharat

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ বেগত পিষ্টল; এখন বিদ্যালয়ত আতংক - Pistol Recovered From School boy - PISTOL RECOVERED FROM SCHOOL BOY

Pistol Recovered in school bag: এখন বিদ্যালয়ত আতংকময় পৰিৱেশ । চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ এটা পিষ্টল । আৰক্ষীয়ে জব্দ কৰিছে পিষ্টলটো ।

Pistol Recovered From School boy
চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ বেগত পিষ্টল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 6:03 PM IST

নেশ্যনেল ডেস্ক,২৫ আগষ্ট : নতুন দিল্লীৰ দ্বাৰকাৰ নজফগড় অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । চতুৰ্থ শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল । ছাত্ৰজনে স্কুল বেগত লুকুৱাই লৈ গৈছিল পিষ্টলটো । বিদ্যালয়ত সমনীয়াক দেখুৱাই থকাৰ সময়তে বিদ্যালয় কৰ্তৃপক্ষই পিষ্টলটো প্ৰত্যক্ষ কৰে । ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনক জেৰা চলাইছে আৰু পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা লোৱা হৈছে ।

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই স্কুল বেগত গোপনে আনিছিল পিষ্টল

জানিব পৰা মতে ছাত্ৰজনৰ বয়স মাত্ৰ ১০ বছৰ । দ্বাৰকা জিলাৰ উপ আৰক্ষী আয়ুক্ত অংকিত সিঙে জনোৱা মতে ঘটনাটো শনিবাৰে সংঘটিত হৈছিল । এগৰাকী ছাত্ৰই বিদ্যালয়লৈ পিষ্টল লৈ অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল । এই খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ ভিতৰচ'ৰাত খলকনিৰ সৃষ্টি হৈছিল । ততাতৈয়াকৈ আৰক্ষী বিদ্যালয়ত উপস্থিত হয় আৰু আৰক্ষীয়ে ছাত্ৰজনৰ পৰা পিষ্টলটো জব্দ কৰে ।

আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছাৰ কৰাৰ সময়ত জানিব পৰা গৈছে যে ছাত্ৰজনে অনা পিষ্টলটো পিতৃৰ আছিল । পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল । কিন্তু পিতৃৰ কেইমাহমান পূৰ্বে মৃত্যু হৈছিল । ঘৰত থকা পিষ্টলটো কোনেও লক্ষ্য কৰা নাছিল । শনিবাৰে ছাত্ৰজনে পিষ্টলটো মাতৃৰ পৰা লুকুৱাই আনি স্কুল বেগত ৰাখিছিল আৰু স্কুললৈ লৈ আহিছিল ।

উপ আৰক্ষী আয়ুক্তৰ মতে পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ছাত্ৰজনৰ লগতে তেওঁৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক সোধা-পোছা কৰি থকা হৈছে ।

বিহাৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ গুলীচালনা

উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে বিহাৰৰ সুপোলৰ এখন বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ এজন ছাত্ৰই তেওঁৰ ঘৰৰ পৰা পিষ্টল আনি আন এজন ছাত্ৰক গুলীয়াইছিল । একেদৰে উত্তৰ প্ৰদেশতো এগৰাকী ছাত্ৰই বিদ্যালয়লৈ পিষ্টল অনাৰ ঘটনা সংঘটিত হৈছিল ।

লগতে পঢ়ক :ভৰা গংগাত বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ; গুৰুত্ব নাই বিহাৰ প্ৰশাসনৰ - Poor communication system

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.