ETV Bharat / bharat

উৰণ সেতুৰ পৰা তলত পৰিল যাত্ৰীবাহী বাছ, ৫ জন নিহত - Odisha accident

author img

By ANI

Published : Apr 16, 2024, 6:57 AM IST

Odisha bus accident: পুৰীৰ পৰা পশ্চিমবংগৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন । জাজপুৰৰ উৰণ সেতুত সংঘটিত দুৰ্ঘটনাটোত ৫ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে বহু আহত । মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।

Odisha accident
উৰণ সেতুৰ পৰা তলত পৰিল যাত্ৰীবাহী বাছ

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : সোমবাৰে নিশা ওড়িশাত শোকাৱহ পথ দুৰ্ঘটনা । উৰণ সেতুৰ পৰা তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ । দুৰ্ঘটনাটোত ৫ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । সমান্তৰালকৈ বহু লোক আহত হৈছে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ওড়িশাৰ জাজপুৰৰ এখন উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাত পতিত বাছখন পুৰীৰ পৰা পশ্চিমবংগ অভিমুখে যাত্ৰা কৰি আছিল ।

বাছখনত প্ৰায় ৪২ গৰাকী যাত্ৰী আছিল । জাজপুৰৰ আৰক্ষী অধীক্ষক বিনীত আগৰৱালে কয় যে আঘাতপ্ৰাপ্ত লোকসকলক কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে দুৰ্ঘটনাটোত ৫ জন লোকৰ মৃত্যু হৈছে । মুখ্য জিলা চিকিৎসা বিষয়া (চিডিএমঅ') শিবাশীষ মোহৰানাই কোৱা মতে আহত ৩৮ জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক ।

অৱশ্যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলেও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহযোগিতা কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণহীনভাৱে বাছখন চলাই আছিল । তেওঁলোকে সন্দেহ কৰা মতে চালকজনে মদ্যপান কৰি আছিল ।

ইফালে মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । নিহত লোকসকলৰ আত্মাৰ সদগতিৰ বাবে তেওঁ প্ৰাৰ্থনাও কৰিছে । লগতে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৩ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে ।

লগতে পঢ়ক :শোকাৱহ : গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি মৃত্যু হ’ল 7 গৰাকী যাত্ৰীৰ - Tragic Incident In Sikar Rajasthan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.