ETV Bharat / bharat

একেটা পৰিয়ালৰ ৫ জনক হত্যা : মাজনিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে আধাজ্বলা মৃতদেহ - Land Dispute - LAND DISPUTE

5 Killed In Land Dispute: ভূমি বিবাদৰ চৰম পৰিণতি ৷ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃসহ এটা পৰিয়ালে ৷ সাৰি নগ’ল মাতৃও ৷ নিশাই মৃতদেহ জ্বলোৱাৰ চেষ্টা জ্যেষ্ঠ ভাতৃৰ ৷

5 People Murdered in Haryana
একেটা পৰিয়ালৰ ৫ জনক হত্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 5:34 PM IST

নিউজ ডেস্ক, ২২ জুলাই: হাৰিয়ানাৰ আম্বালাত সংঘটিত হৈছে এক চাঞ্চল্যৰ হত্যাকাণ্ড ৷ জিলাখনৰ অৱসৰপ্ৰাপ্ত এজন জোৱানে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিজ মাতৃ-ভাতৃকে ধৰি পৰিয়ালটোৰ মুঠ ৫ জন লোকক নৃশংসভাৱে হত্যা কৰে । নাৰায়ণগড় আৰক্ষী থানাৰ অন্তৰ্গত ৰাতৌৰত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা ।

এটা পৰিয়ালৰ পাঁচজন লোকক হত্যা: লাভ কৰা তথ্য অনুসৰি নিহতসকল হৈছে ক্ৰমে অভিযুক্তৰ মাতৃ সৰূপী দেৱী (৬৫), ভাতৃ হৰিশ কুমাৰ (৩৫), ভাতৃৰ পত্নী ছোনিয়া (৩২) আৰু তেওঁলোকৰ কন্যা সন্তান যশিকা (৭) আৰু ৬ মহীয়া পুত্ৰ মায়ংক । অভিযুক্ত অৱসৰপ্ৰাপ্ত জোৱানজনে চোকা অস্ত্ৰৰে সকলোকে হত্যা কৰে । প্ৰাথমিক তথ্য অনুসৰি অভিযুক্ত অৱসৰপ্ৰাপ্ত জোৱান ভূষণ কুমাৰে এই অপৰাধ সংঘটিত কৰাৰ পিচত নিশাই মৃতদেহকেইটা জ্বলাই দিয়াৰ চেষ্টা চলাইছিল ।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে আধাজ্বলা মৃতদেহ: ঘটনাৰ কাৰণ দুই ভাতৃৰ মাজৰ ভূমি বিবাদ বুলি জানিব পৰা গৈছে । এই বিষয়ে তথ্য লাভ কৰাৰ পাচত নিশা প্ৰায় ৩ বজাত আম্বালাৰ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় । আৰক্ষীয়ে আধাজ্বলা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ কৰি আম্বালা কেণ্ট হাস্পতাললৈ প্ৰেৰণ কৰে । সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃয়ে হেৰুৱালে এখন হাত - Clashes between two groups

ভূমি বিবাদক লৈ কেইবাৰো বিবাদত লিপ্ত হৈছিল দুই ভাতৃ: সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত অৱসৰপ্ৰাপ্ত জোৱান ভূষণ কুমাৰ ৷ আৰক্ষীয়ে ভূষণ কুমাৰক বিচাৰি বিভিন্ন স্থানত অভিযান চলাইছে । স্থানীয় লোকৰ পৰা জানিব পৰা মতে, দুই একৰ মাটিক লৈ দুয়ো ভাতৃৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল । বহু সময়ত ভূমি বিবাদক লৈ দুয়োৰে মাজত তৰ্ক-বিতৰ্কও হৈছিল । ইয়াৰ মাজতে দেওবাৰৰ নিশা অভিযুক্ত ভূষণ কুমাৰে সুযোগ বুজি নিজ ভাতৃৰ ঘৰত এই হত্যাকাণ্ড সংঘটিত কৰে । তেওঁ দুই কণমানিকো সাৰি যাব নিদিলে ।

ইফালে পৰিয়ালৰ আটাইকে হত্যা কৰাৰ পাচত অভিযুক্তই গভীৰ নিশা একেলগে মৃতদেহকেইটা জ্বলাবলৈ চেষ্টা কৰি নৃশংসতাৰ সীমা অতিক্ৰম কৰে । কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাচত ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় আৰু আধা জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক: বৰপেটাৰ বাঘবৰত মাটিৰ সীমাক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট: আহত ৬ - Land Dispute In Barpeta

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.