নতুন দিল্লী: লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে এখন সাংবিধানিক সংশোধনী বিধেয়ক মঙলবাৰে সংসদৰ নিম্ন সদনত উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক দুয়োটা সদনৰ যৌথ সমিতিলৈ প্ৰেৰণ কৰা হ’ব । লোকসভাৰ এজেণ্ডাত কোৱা হৈছে যে জনপ্ৰিয়ভাৱে "এক দেশ এক নিৰ্বাচন" সম্পৰ্কীয় বিধেয়ক বুলি কোৱা সংবিধান (১২৯ সংশোধনী) বিধেয়ক ২০২৪ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিব ।
ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা লোকসভাৰ সকলো সাংসদক ১৭ ডিচেম্বৰত সদনত উপস্থিত থকাৰ বাবে "থ্ৰি লাইন" হুইপ জাৰি কৰিছে ৷ ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছেও সাংসদসকলক সদনত উপস্থিত থকাৰ বাবে জাৰি কৰিছে হুইপ
ইয়াৰ উত্থাপনৰ পাছত মেঘৱালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অনুৰোধ কৰিব যে বিধেয়কখন বহল আলোচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰিব লাগে । কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক ২০২৪ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, পুডুচেৰী আৰু দিল্লীৰ এন চি টিৰ নিৰ্বাচনক একাকাৰ কৰিব বিচাৰিছে ।
বিভিন্ন দলৰ সাংসদৰ শক্তিৰ ওপৰত ভিত্তি কৰি অনুপাতে গঠন কৰা হ’ব এই যৌথ পেনেল । বৃহত্তম দল হিচাপে বিজেপিয়ে কমিটীৰ অধ্যক্ষৰ পদ লাভ কৰিব, ইয়াৰ উপৰিও কেইবাজনো সদস্যৰ পদো লাভ কৰিব বুলি সোমবাৰে এগৰাকী কাৰ্যকৰ্তাই প্ৰকাশ কৰে ।
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটীৰ সদস্য হিচাপে থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে একেলগে লোকসভা, ৰাজ্যিক বিধানসভা আৰু স্থানীয় সংস্থাৰ নিৰ্বাচন পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল, বিধেয়কখন উত্থাপনৰ সময়ত নিম্ন সদনত উপস্থিত থকাৰ সম্ভাৱনা আছে বুলিও বিষয়াগৰাকীয়ে কয় ।
যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল যদিও স্থানীয় সংস্থাৰ নিৰ্বাচন কেনেকৈ অনুষ্ঠিত হ’ব সেই বিষয়ে “এতিয়ালৈকে” এৰি দিয়াৰ সিদ্ধান্ত লৈছিল । মেঘৱালে হয়তো নিম্ন সদনক ক’ব যে যিহেতু এই বিধেয়কখনৰ বাবে সাংসদ আৰু জনসাধাৰণৰ সৈতে বহল আলোচনাৰ প্ৰয়োজন হ’ব, গতিকে ইয়াক এখন যৌথ সমিতিলৈ প্ৰেৰণ কৰা উচিত ।
সেইদিনা দলসমূহৰ পৰা অধ্যক্ষই প্ৰস্তাৱিত পেনেলৰ সদস্যৰ নাম বিচাৰিব । যদিহে দলসমূহে পেনেলৰ বাবে নাম ল’ব বিচৰা সদস্যসকলৰ বিষয়ে অধ্যক্ষক অৱগত নকৰে, তেন্তে নিয়ম অনুসৰি তেওঁলোকে সদস্যপদ হেৰুৱাব পাৰে । বিধেয়কখন উত্থাপন হোৱাৰ দিনা সন্ধিয়াৰ ভিতৰত অধ্যক্ষই সমিতিৰ গঠন ঘোষণা কৰিব বুলিও বিষয়ববীয়াগৰাকীয়ে জানিবলৈ দিয়ে ।
প্ৰথম অৱস্থাত প্ৰস্তাৱিত সমিতিৰ কাৰ্যকাল ৯০ দিনৰ হ’ব যদিও পিছত বৃদ্ধি কৰিব পাৰে । সংসদ আৰু বিধানসভা নিৰ্বাচন সমান্তৰালভাৱে অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে বিধেয়ক দুখন অনুমোদন জনাইছে । "এক দেশ, এক নিৰ্বাচন"ৰ ওপৰত আলোচনা প্ৰক্ৰিয়াৰ সময়ত কোবিন্দে কৈছিল যে ৩২ টা দলে এই ধাৰণাক সমৰ্থন কৰাৰ বিপৰীতে ১৫ টা দলে সমৰ্থন নকৰে ।
১৯৫১ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল । ১৯৮৩ চনৰ পৰা বহু প্ৰতিবেদন আৰু অধ্যয়নত একেলগে নিৰ্বাচনৰ ধাৰণাটো প্ৰদৰ্শিত হৈছে, যাৰ মূল অৰ্থ হৈছে সমান্তৰালভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বৰ প্ৰথালৈ ঘূৰি অহা ।
লগতে পঢ়ক: সংসদত কেতিয়া উত্থাপন হ'ব এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক ?