নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাম নৱমী উদযাপনৰ বাবে সাজু হৈছে আযোধ্যাৰ ৰাম মন্দিৰ । বুধবাৰে লাখ লাখ ভক্তৰ আগমনৰ কথা চিন্তা কৰি মন্দিৰ কৰ্তৃপক্ষই ব্যাপক প্ৰস্তুতি চলাইছে । পুৱা ৩:৩০ বজাৰ পৰা মঙ্গলা আৰতিৰ জৰিয়তে আৰম্ভ হোৱা এই কাৰ্যসূচী নিশা ১১ বজালৈ চলিব ।
ৰামলালাৰ ওচৰত বিশেষ ভোগ আগবঢ়োৱা হ'ব । অযোধ্যা প্ৰশাসনে আশা কৰা মতে জানুৱাৰীত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানৰ পিচত ই বছৰটোৰ দ্বিতীয় বৃহৎ অনুষ্ঠান হ'ব । এনে পৰিস্থিতিত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে বিশিষ্ট অতিথিসকলক ১৯ এপ্ৰিলৰ পিচতহে ৰামলালাৰ দৰ্শনৰ বাবে অযোধ্যা ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে । ন্যাসৰ মতে ৰাম মন্দিৰত প্ৰৱেশ কৰিবলৈ সকলোৱে আন ভক্তৰ দৰে একে পথ অনুসৰণ কৰিব লাগিব ।
দৰ্শনৰ সময়ত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে ভক্তসকলক তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য মূল্যৱান সামগ্ৰী লগত অনাৰ পৰা বিৰত থাকিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দিছে । সুগ্ৰিৱ কুইলাত ন্যাসৰ দ্বাৰা তীৰ্থযাত্ৰীসকলৰ বাবে এটা সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইফালে প্ৰসাৰ ভাৰতীয়ে ৰাম মন্দিৰৰ এই বিশেষ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব ।
ইয়াৰ উপৰিও ৰাম নৱমী উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে অযোধ্যা পৌৰ নিগমে সমগ্ৰ অযোধ্যাত প্ৰায় ১০০ খন এলইডি স্ক্ৰীণ স্থাপন কৰিব । একেদৰে ভক্তসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই । ৰাম জন্মভূমি ন্যাসৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে ভিৰ নিয়ন্ত্ৰণৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
উৎসৱৰ তিনিদিন পূৰ্বে অযোধ্যাত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । উৎসৱৰ পিচত দুই বা তিনি দিনলৈ এই ব্যৱস্থা থাকিব । একেদৰে ভক্তৰ প্ৰৱেশ আৰু প্ৰস্থানৰ একাধিক পথ স্থাপন কৰাৰ চিন্তা চৰ্চা কৰি আছে ।
একেদৰে চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু ব্যক্তিগত চিকিৎসালয়সমূহত অতিৰিক্ত বিচনাসহ ২৪ ঘণ্টা চিকিৎসা সুবিধা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে । যান-বাহন পৰিচালনাৰ ক্ষেত্ৰতো প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজহুৱা শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে । একেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ ২,০০০ ৰো অধিক অনাময় কৰ্মী নিয়োজিত কৰা হৈছে ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজে ব্যৱস্থাসমূহৰ তত্বাৱধান কৰি আহিছে আৰু বিষয়াসকলক সকলো দৰ্শনাৰ্থীৰ বাবে সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ কৈছে ।