ETV Bharat / bharat

মোডী ৩.০: আগন্তুক ৫ বছৰলৈ দেশৰ অৰ্থনীতিৰ ভেটি গঢ়াৰ দায়িত্ব পুনৰ নিৰ্মলা সীতাৰমণৰ হাতলৈ - FM Nirmala Sitharaman

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:12 PM IST

Nirmala Sitharaman takes charge: মোদী চৰকাৰৰ নেতৃত্বত একেৰাহে দ্বিতীয়বাৰলৈ বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ নিৰ্মলা সীতাৰমণৰ ৷ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ উগ্ৰ ৰক্ষক হিচাপে কাৰ্যকাল আৰম্ভ কৰা নিৰ্মলা সীতাৰমণে শীঘ্ৰেই ২০২৫ বিত্তীয় বৰ্ষৰ চূড়ান্ত বাজেট দাখিল কৰাৰ সম্ভাৱনা ৷ স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷

Nirmala Sitharaman takes charge
আগন্তুক ৫ বছৰলৈ দেশৰ অৰ্থনীতিৰ ভেটি গঢ়াৰ দায়িত্ব পুনৰ নিৰ্মলা সীতাৰমণৰ হাতলৈ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১২ জুন: নিৰ্মলা সীতাৰমণে বুধবাৰে দিল্লীৰ ছাউথ ব্লকত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে । তেওঁ দেশৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । মহামাৰীৰ সময়ত ভাৰতীয় অৰ্থনীতি চম্ভালাৰ লগতে সমগ্ৰ বিশ্বতে মন্দাৱস্থাৰ আশংকাৰ সময়ত দেশখনক আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ কৃতিত্ব তেওঁক দিয়া হয় ।

সীতাৰমণে অতি সোনকালে ২০২৫ বিত্তীয় বৰ্ষৰ চূড়ান্ত বাজেট দাখিল কৰিবলৈ ওলাইছে, য’ত মোদী ৩.০ চৰকাৰৰ অগ্ৰাধিকাৰ আৰু উন্নত ভাৰতৰ দিশ নিৰ্ণয় কৰা হ’ব । বুধবাৰে নৰ্থ ব্লকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে সীতাৰমণক বিত্ত সচিব টিভি সোমনাথন আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে আদৰণি জনায় ।

লগতে পঢ়ক: মোদী চৰকাৰৰ দপ্তৰ বিতৰণ; নাড্ডাক স্বাস্থ্য, নিৰ্মলাক বিত্ত; গৃহত শ্বাহ, নিৰাপত্তাত ৰাজনাথ...সবিশেষ চাওক - Narendra Modi Cabinet

সীতাৰমণৰ যোগদানৰ সময়ত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীও উপস্থিত থাকে । পংকজ চৌধুৰীয়ে মঙলবাৰে সন্ধিয়া ৰাজ্যিক বিত্তমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে । পূৰ্বৰ কাৰ্যকালত অৰ্থনৈতিক সংস্কাৰৰ দ্বিতীয়টো যুগৰ নেতৃত্ব দিয়াৰ কৃতিত্ব লাভ কৰা সীতাৰমণে একেৰাহে সপ্তম বাজেট আৰু একেৰাহে ষষ্ঠ পূৰ্ণাংগ বাজেট দাখিলৰ অভিলেখ ৰচিব ।

অহা মাহত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক লোকসভাত সীতাৰমণে ২০২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে । ৰাজনৈতিক জীৱনত তেওঁৰ নামত বহু অভিলেখ আছে । ২০১৭ চনত তেওঁ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল । ইয়াৰ পূৰ্বে তেওঁ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী আছিল ।

লগতে পঢ়ক: একেৰাহে ষষ্ঠ বাজেট উপস্থাপন; মোৰাৰজী দেশাইৰ অভিলেখ স্পৰ্শ নিৰ্মলা সীতাৰমণৰ

সীতাৰমণৰ মেন্টৰ অৰুণ জেটলী (বিত্তমন্ত্ৰী ২০১৪-১৯)ৰ স্বাস্থ্যৰ অৱনতি ঘটাত, ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পিচত তেওঁক নৱনিৰ্বাচিত মোদী চৰকাৰৰ বিত্ত বিভাগৰ দায়িত্ব দিয়া হৈছিল । তেওঁ পৰৱৰ্তী সময়ত স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হয় । ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ইন্দিৰা গান্ধী অলপ সময়ৰ বাবে অতিৰিক্তভাৱে বিত্ত বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷

দায়িত্ব লোৱাৰ কিছু সময়ৰ পিচতে তেওঁৰ প্ৰথমটো বৃহৎ সংস্কাৰ আছিল বিমুদ্ৰাকৰণ আৰু জিএছটি ৰূপায়ণৰ ফলত ক্ষতিগ্ৰস্ত অৰ্থনীতিক সহায় কৰিবলৈ ভিত্তি কৰ্পৰেট কৰ ৩০ শতাংশৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰা । পিচৰ বছৰত ভাৰতে দৰিদ্ৰ লোকৰ বাবে ঘোষণা কৰা নীতিগত ব্যৱস্থাৰ শৃংখলেৰে Covid-19 মহামাৰীৰ সৈতে যুঁজিছিল আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি আৰু বিশ্ব অৰ্থনীতিৰ ‘উজ্জ্বল স্থান’ৰ টেগ অব্যাহত ৰাখিছিল ।

লগতে পঢ়ক: আজিৰ দিনটোত বিশেষ হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সাজ-পোচাক, চাও আহক তেওঁৰ বিগত বৰ্ষসমূহৰ শাৰীৰ লুক

মহামাৰীৰ সময়ত জটিলতা দূৰ কৰিবলৈ চৰকাৰে ভাৰতৰ জিডিপিৰ প্ৰায় ১০ শতাংশৰ সমতুল্য ২০ লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰে । ২০২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত প্ৰায় ২৪ শতাংশ সংকোচনৰ পৰা আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বিশ্ব অৰ্থনীতিলৈ তেওঁ পৰিচালিত কৰিছিল ।

বিত্তীয় সম্প্ৰসাৰণৰ পিচতো তেওঁ বিত্তীয় একত্ৰীকৰণৰ পথ অনুসৰণ কৰি থাকিল আৰু বিত্তীয় ঘাটি জিডিপিৰ ৫.৬ শতাংশলৈ হ্ৰাস কৰাত সফল হয়, যিটো পূৰ্বৰ ২৪ বিত্তীয় বৰ্ষত ৫.৮ শতাংশ বুলি অনুমান কৰা হৈছিল । তেওঁ একেৰাহে ষষ্ঠখন বাজেট দাখিল কৰি অভিলেখ ৰচনা কৰে ৷ পাঁচখন বাৰ্ষিক বাজেট আৰু এখন অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিও তেওঁ অভিলেখ গঢ়িছিল ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ পাচত এই কৃতিত্ব অৰ্জন কৰা তেওঁ দ্বিতীয়জন ব্যক্তি ৷

লগতে পঢ়ক: 'বিকশিত ভাৰত'ৰ পৰা 'নাৰী শক্তি'লৈ; অন্তৰ্ৱৰ্তীকালীন বাজেটত শীৰ্ষত কি কি

২০১৪ চনত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিচত অৰুণ জেটলীয়ে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰি ২০১৪-১৫ চনৰ পৰা ২০১৮-১৯ চনলৈ একেৰাহে পাঁচখন বাজেট দাখিল কৰে । ২০১৭ চনত জেটলীয়ে ঔপনিৱেশিক যুগৰ পৰা চলি অহা পৰম্পৰা ভংগ কৰি ফেব্ৰুৱাৰী মাহৰ শেষৰ কৰ্মদিনৰ পৰিবৰ্তে মাহৰ ১ তাৰিখে বাজেট উপস্থাপন কৰিছিল ।

গুৰুৰ পদাংক অনুসৰণ কৰি সীতাৰমনেও পৰম্পৰাগত বাজেট ব্ৰীফকেছটো পৰিত্যাগ কৰে আৰু তাৰ পৰিৱৰ্তে ভাষণ আৰু অন্যান্য নথি-পত্ৰ কঢ়িয়াই নিবলৈ ৰাষ্ট্ৰীয় প্ৰতীকসহ বহী-খাটা ব্যৱহাৰ কৰে । ১৯৫৯ চনৰ ১৮ আগষ্টত মাদুৰাইৰ নাৰায়ণ সীতাৰমণ (ৰে’লৱে কৰ্মচাৰী) আৰু সাবিত্ৰী (গৃহিণী)ৰ ঘৰত জন্মগ্ৰহণ কৰা নিৰ্মলা সীতাৰমণে তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামাস্বামী মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিছিল । ইয়াৰ পিচত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)ৰ পৰা একেটা বিষয়তে স্নাতকোত্তৰ আৰু এম ফিল কৰে ।

লগতে পঢ়ক: নিৰ্বাচনমুখী বাজেটত লক্ষ্য কৃষক, মহিলা, যুৱ আৰু দৰিদ্ৰ

সীতাৰমন ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে ব্ৰিটেইনৰ কৰ্পৰেট জগতৰ অংশ আছিল, য’ত তেওঁ স্বামী পৰকলা প্ৰভাকৰৰ সৈতে বাস কৰিছিল । জে এন ইউত পঢ়ি থকাৰ সময়তে দুয়ো লগ পাইছিল আৰু ১৯৮৬ চনত বিবাহপাশত আবদ্ধ হৈছিল । তেওঁৰ কন্যাৰ নাম পৰকলা বাংমাই । ২০০৮ চনত তেওঁ বিজেপি দলত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল ৷ নব্বৈৰ দশকৰ আৰম্ভণিতে তেওঁ ভাৰতলৈ উভতি আহিছিল আৰু দুবছৰৰ ভিতৰতে সুষমা স্বৰাজৰ পিচত দলটোৰ দ্বিতীয়গৰাকী মহিলা মুখপাত্ৰ হিচাপে পৰিগণিত হৈছিল ৷ তেওঁ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে বাৰ্তালাপ কৰাৰ লগতে টেলিভিছনৰ বিতৰ্কত মুখ হিচাপে পৰিচিত হৈছিল ।

ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদৰ চেণ্টাৰ ফ’ৰ পাব্লিক পলিচি ষ্টাডিজৰ উপ-সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু হায়দৰাবাদতে এখন বিদ্যালয় আৰম্ভ কৰিছিল । ২০০৩ চনৰ পৰা ২০০৫ চনলৈ তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যও আছিল ।

লগতে পঢ়ক: অন্তৱৰ্তীকালীন বাজেটত বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.