ETV Bharat / bharat

১০২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰৰ পিচতে ঝাৰখণ্ডত অসম আৰক্ষীৰ অভিযান : অস্ত্ৰসহ উদ্ধাৰ নগদ ধন - Guwahati NCB Crime Branch

Guwahati NCB Crime Branch team in Jharkhand : ঝাৰখণ্ডত গুৱাহাটী মহানগৰ আৰক্ষীৰ অভিযান ৷ অস্ত্ৰসহ জব্দ কৰা হ’ল নগদ ১২.৮০ লাখ টকা ৷ পলাতক অভিযুক্তৰ সন্ধানত স্থানীয় আৰক্ষীৰ সহযোগত অভিযান অব্যাহত ৷

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 10:29 PM IST

GUWAHATI NCB CRIME BRANCH
ঝাৰখণ্ডত গুৱাহাটী মহানগৰ আৰক্ষীৰ অভিযান (ETV Bharat)

নিউজ ডেস্ক, ২৪ আগষ্ট : চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত শীৰ্ষত থকা ঝাৰখণ্ডৰ জামতাৰাত এইবাৰ অভিযান চলিল অসম আৰক্ষীৰ ৷ অপৰাধীৰ সন্ধানত অসম আৰক্ষীৰ এটা দল উপস্থিত হ’ল ৰাজ্যখনত ৷ গাঞ্জাৰ চোৰাং ব্যৱসায়ীৰ সন্ধানত ঝাৰখণ্ডৰ জামতাৰাত উপস্থিত হৈ অসম আৰক্ষীৰ দলটোৱে অভিযান চলায় ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে চলায় এই অভিযান ৷

  • অস্ত্ৰসহ নগদ ১২ লাখ টকা উদ্ধাৰ :

শনিবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ঝাৰখণ্ডৰ নালা আৰক্ষী থানা এলেকাৰ সূৰ্যপানী গাঁৱৰ কালিপডো ভাণ্ডাৰী নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় ৷ অভিযান কালত আৰক্ষীৰ দলটোৱে পিষ্টল, এয়াৰ গান আৰু ৯ টা সজীৱ কাৰ্ট্ৰিজসহ ১২.৮০ লাখ টকা নগদ ধন উদ্ধাৰ কৰে ৷ আৰক্ষীৰ অভিযানৰ খবৰ পাই অভিযুক্তই ঘৰৰ পৰা পলায়ন কৰে ৷ পলাতক অভিযুক্তক বিচাৰি অপৰাধ শাখাৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে ৷

  • গোচৰ ৰুজু হৈছিল গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত :

আৰক্ষীয়ে জনোৱা অনুসৰি, এন ডি পি এছ আইনৰ অধীনত গুৱাহাটী মহানগৰ আৰক্ষীয়ে 3/24 নম্বৰত এক গোচৰ ৰুজু কৰিছিল ৷ ১০২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ পিচতে NDPS act 1985ৰ 8c/20 9(b), 25/29 ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰা হৈছিল ৷ উক্ত গোচৰৰ অভিযুক্ত আছিল ঝাৰখণ্ডৰ নালা আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যপানী গাঁৱৰ বাসিন্দা কালিপডো ভাণ্ডাৰী ৷ সেই অনুসৰি গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ দলটো শনিবাৰে কালিপডো ভাণ্ডাৰীৰ সন্ধানত ঝাৰখণ্ডত উপস্থিত হয় ৷

  • জামতাৰাৰ আৰক্ষী অধীক্ষকে কি ক’লে ?

সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তথ্য প্ৰদান কৰি জামতাৰাৰ আৰক্ষী অধীক্ষক অনিমেষ নাইথানীয়ে কয় যে ১০২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰৰ পিচতে গুৱাহাটী এন চি বি অপৰাধ শাখাত পঞ্জীয়ন হোৱা গোচৰটোৰ সন্দৰ্ভত অসম আৰক্ষীৰ দলটো শনিবাৰে কালিপডো ভাণ্ডাৰীৰ সন্ধানত ইয়াত উপস্থিত হয় ৷

অপৰাধীৰ সত্যাসত্য নিৰূপণ আৰু তালাচীৰ বাবে গুৱাহাটী আৰক্ষীৰ এনচিবি অপৰাধ শাখাৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত কালিপাডোৰ ঘৰত তালাচী চলায় ৷ কিন্তু সেই মুহূৰ্তত অভিযুক্তজনক পলাতক অৱস্থাত পোৱা যায় । তেওঁৰ বাসগৃহৰ পৰা এটা ৭.৬৫ এমএম পিষ্টল, এটা ৫.৫ মিমি এয়াৰ গান, এটা ৭.৬৫ মিমি লাইভ বুলেট, নগদ ১২.৮০ লাখ টকা উদ্ধাৰ কৰা হৈছে । গুৱাহাটী আৰক্ষীৰ দলটোৱে এই ক্ষেত্ৰত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উদ্ধাৰ হোৱা টকা, পিষ্টল, কাৰ্ট্ৰিজ গুৱাহাটী আৰক্ষীয়ে লৈ যায় ৷ অভিযুক্তক কৰায়ত্ব কৰিবলৈ স্থানীয় আৰক্ষীৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ অপৰাধটোৰ লগত আৰু কোন কোন জড়িত আছে সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ দুৰ্বল আন্তঃগাঁঠনিৰ দিশ উন্মোচিত স্বয়ং মুখ্যমন্ত্ৰীৰ ভাষণত

অসম আৰক্ষীৰ জালত ৪ বাংলাদেশৰ অনুপ্ৰৱেশকাৰী: ক্ষীপ্ৰতাৰে বাংলাদেশক হস্তান্তৰ

অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ: দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.