ETV Bharat / bharat

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস : এইবাৰৰ বিষয়বস্তু 'সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ ব্যৱহাৰ' - National Statistics Day 2024 - NATIONAL STATISTICS DAY 2024

National Statistics Day 2024 : প্ৰতিবছৰে ২৯ জুনত ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয় । ভাৰতীয় পৰিসংখ্যাবিদসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰিবলৈ আৰু অধ্যয়নৰ ক্ষেত্ৰ হিচাপে পৰিসংখ্যাক জনপ্ৰিয় কৰিবলৈ ইয়াক উদযাপন কৰা হয় ।

National Statistics Day 2024
ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস কি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 11:55 PM IST

বিশেষ প্ৰতিবেদন : ভাৰতত প্ৰতিবছৰে 29 জুনত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন কৰা হয় । দেশৰ আধুনিক পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালানোবিশৰ জন্মদিনত এই দিৱসটো উদযাপন কৰা হয় । ভাৰতীয় পৰিসংখ্যাবিদসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰিবলৈ আৰু অধ্যয়নৰ ক্ষেত্ৰ হিচাপে পৰিসংখ্যা বিজ্ঞানক জনপ্ৰিয় কৰিবলৈ এই দিৱস উদযাপন কৰা হয় ।

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ ইতিহাস

স্বাধীনোত্তৰ যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পাৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালানোবিশে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁৰ জন্মজয়ন্তীৰ দিনা প্ৰতিবছৰে 29 জুনক পৰিসংখ্যা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সন্দৰ্ভত গেজেট জাননী 2007 চনৰ 5 জুন তাৰিখে প্ৰকাশ হৈছিল । 2007 চনৰ পৰা এই পৰিসংখ্যা দিৱস প্ৰতিবছৰে সমসাময়িক ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বস্তুৰে উদযাপন কৰা হৈ আহিছে ।

এই বছৰ ২৯ জুন, শনিবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ ১৮ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হ'ব । এই বছৰৰ বিষয়বস্তু হৈছে 'সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ ব্যৱহাৰ' । বিভিন্ন ক্ষেত্ৰত সিদ্ধান্তসমূহ অৱগত কৰা, বহনক্ষম উন্নয়ন সৃষ্টি কৰা আৰু বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন বৃদ্ধি কৰাত তথ্যই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰাটোৱে হৈছে এই বিষয়বস্তুৰ তাৎপৰ্য ।

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ লক্ষ্য

  • এই দিনটোৱে পৰিসংখ্যাৰ বিষয়ে শিকিবলৈ আৰু দৈনিক ভিত্তিত বিভিন্ন বিষয়ত ইয়াক নিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰাত সহায় কৰে
  • এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে অধ্যয়নৰ ক্ষেত্ৰ হিচাপে পৰিসংখ্যাৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে যুৱ প্ৰজন্মৰ মাজত জনসজাগতা সৃষ্টি কৰা আৰু ৰণনীতি, নীতি নিৰ্ধাৰণ, আৰ্থ-সামাজিক পৰিকল্পনাত ইয়াৰ গুৰুত্ব প্ৰদান কৰা
  • কিংবদন্তী পৰিসংখ্যাবিদ অধ্যাপক পি চি মহালানোবিশক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেও এই দিৱসটো উদযাপন গুৰুত্বপূৰ্ণ
  • এই দিৱস উপলক্ষে সমগ্ৰ দেশতে বিভিন্ন আলোচনা-চক্ৰ, অভিযান আৰু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস 2024-ৰ মুখ্য অনুষ্ঠান

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস, 2024-ৰ মুখ্য অনুষ্ঠান নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত আয়োজন কৰা হৈছে । বহনক্ষম উন্নয়ন লক্ষ্য- ৰাষ্ট্ৰীয় সূচক ফ্ৰেমৱৰ্ক প্ৰগতি প্ৰতিবেদন, 2024, ৰাষ্ট্ৰীয় সূচক ফ্ৰেমৱৰ্ক, 2024 আৰু বহনক্ষম উন্নয়ন লক্ষ্য- ৰাষ্ট্ৰীয় সূচক ফ্ৰেমৱৰ্ক, 2024 এই অনুষ্ঠানত মুকলি কৰাৰ কথা আছে ।

ভাৰতীয় পৰিসংখ্যাৰ পিতৃ পি চি মহালানোবিশ

অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালানোবিশৰ জন্ম ১৮৯৩ চনৰ ২৯ জুনত । তেওঁ এগৰাকী অগ্ৰণী ভাৰতীয় পৰিসংখ্যাবিদ হিচাপে প্ৰসিদ্ধ আৰু 'ভাৰতীয় পৰিসংখ্যাৰ জনক' হিচাপে জনাজাত । তেওঁ মহালানোবিশ দূৰত্বৰ এক বৈপ্লৱিক ধাৰণা উদ্ভাৱন কৰিছিল । তেওঁ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাতো ভাৰতৰ ঔদ্যোগিকৰণ পৰিকল্পনা বিকাশত এক প্ৰভাৱশালী ভূমিকা পালন কৰিছিল ।

তেওঁ ১৯৩১ চনত কলিকতাত ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠানো স্থাপন কৰিছিল । তেওঁক পদ্ম বিভূষণ (১৯৬৮), অৰ্ডাৰ অব দ্য ব্ৰিটিছ এম্পায়াৰৰ (১৯৪২) বিষয়া আৰু ৰয়েল ছ'চাইটীৰ ফেলোৰে সন্মানিত কৰা হৈছিল । তেওঁক ভাৰত চৰকাৰৰ সন্মানীয় পাৰিসাংখ্যিক উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল । পাৰিসাংখ্যিক পদ্ধতিৰ প্ৰয়োগত তেওঁৰ দূৰদৰ্শী কামে পৰিসংখ্যা, অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ক্ষেত্ৰত এক স্থায়ী প্ৰভাৱ এৰি থৈ গৈছে ।

পৰিসংখ্যা কিয় গুৰুত্বপূৰ্ণ ?

দৈনন্দিন জীৱনত পৰিসংখ্যাৰ গুৰুত্ব হৈছে মানুহক তেওঁলোকৰ জীৱনক প্ৰভাৱিত কৰিব পৰা বিভিন্ন কাৰকবোৰ বুজাত সহায় কৰা । পৰিসংখ্যা কেৱল সংখ্যাৰ বিষয়ে নহয়, কিন্তু বিশ্বত চলি থকা গুৰুত্বপূৰ্ণ প্ৰৱণতাৰ বিষয়েও পৰিসংখ্যা জনাটো প্ৰয়োজন । জনসাধাৰণৰ মতামত আৰু তেওঁলোকে কিছুমান বিষয়ৰ বিষয়ে কেনে অনুভৱ কৰে সেয়া নিৰ্ধাৰণ কৰিবলৈ পৰিসংখ্যা প্ৰায়ে ব্যৱহাৰ কৰা হয় ।

পৰিসংখ্যা হৈছে এক গুৰুত্বপূৰ্ণ বিষয় । কিয়নো পৰিসংখ্যাই মানুহক অৱগত হোৱা তথ্যৰ ওপৰত সিদ্ধান্ত লোৱাত সহায় কৰে । চৰকাৰ, সংগঠন আৰু ব্যৱসায়ী সকলোৱে তেওঁলোকৰ প্ৰগতি অনুসৰণ কৰিবলৈ, নিজৰ প্ৰদৰ্শন মাপ কৰিবলৈ, সমস্যা বিশ্লেষণ কৰিবলৈ আৰু সেইবোৰক প্ৰাথমিকতা প্ৰদানত সহায় কৰিবলৈ পৰিসংখ্যা সংগ্ৰহ কৰে । পৰিসংখ্যাই দেশক বাজেট নিৰ্ধাৰণ কৰাত, বিস্তৃত পৰিস্থিতি বুজি পোৱাত আৰু পাৰিসাংখ্যিক বিশ্লেষণৰ জৰিয়তে আদৰ্শ ৰণনীতি আৰু পলিচী চিনাক্ত কৰাত সহায় কৰে । আমি কেনেদৰে বিজ্ঞানত আৱিষ্কাৰ কৰোঁ, তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওঁ আৰু ভৱিষ্যদ্বাণী কৰোঁ তাৰ আঁৰত পৰিসংখ্যা হৈছে এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া । পৰিসংখ্যাই এজন ব্যক্তিক এটা বিষয় অধিক গভীৰভাৱে বুজিবলৈ অনুমতি দিয়ে ।

পৰিসংখ্যা সাধাৰণতে বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, যেনে : ব্যৱসায়, অৰ্থনীতি, গণিত, বেঙ্কিং, দেশ ব্যৱস্থাপনা (প্ৰশাসন), একাউণ্টিং আৰু অডিটিং, প্ৰাকৃতিক আৰু সামাজিক বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান । 1931 চনত স্থাপিত ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠানৰ (Indian Statistical Institute, ISI) মুখ্য কাৰ্যালয় কলকাতাত অৱস্থিত । আনহাতে, বেংগালুৰু, দিল্লী, চেন্নাই আৰু তেজপুৰত কেন্দ্ৰ আছে আৰু গিৰিডিহত এটা শাখা অৱস্থিত ।

বিশ্বৰ 10 গৰাকী মহান পৰিসংখ্যাবিদ

  1. ৰোনাল্ড ফিশ্ব (Ronald Fish)
  2. উইলিয়াম চিলি গছছেটম (William Sealy Gossetm)
  3. ডব্লিউ এডৱাৰ্ডছ ডেমিং (W. Edwards Deming)
  4. কাৰ্ল ফ্ৰিডৰিখ গাউছ (Carl Friedrich Gauss)
  5. গাৰৰ্ট্ৰুড মেৰী কক্স (Gertrude Mary Cox)
  6. জৰ্জ ই পি বক্স (George E. P. Box)
  7. জেনেট এল নৰউড (Janet L. Norwood)
  8. জেৰ্জি নেমেন (Jerzy Neyman)
  9. আব্ৰাহাম ৱাল্ড (Abraham Wald)
  10. হাৰাল্ড ক্ৰেমাৰ (Harald Cramér)

সৰ্বকালৰ 10 মহান ভাৰতীয় পৰিসংখ্যাবিদ

  1. চি আৰ ৰাও (১৯২০-২০২৩)
  2. দেৱব্ৰত বসু (১৯২৪-২০০১)
  3. জয়ন্ত কুমাৰ ঘোষ (১৯৩৭-২০১৭)
  4. কান্তিলাল মাৰ্দিয়া (১৯৩৫-বৰ্তমান)
  5. কে চি শ্ৰীধৰণ পিল্লাই (1920-1985)
  6. প্ৰণৱ কে সেন (1937-2023)
  7. প্ৰশান্ত চন্দ্ৰ মহালানোবিশ (1893 – 1972)
  8. ৰঘু ৰাজ বাহাদুৰ (1924 –1997)
  9. ৰাজ চন্দ্ৰ বসু (1901 –1987)
  10. সমৰেন্দ্ৰ নাথ ৰয় (1937- 2023)।

লগতে পঢ়ক :

তথ্য জনাৰ অধিকাৰ আইন কি, কেলেংকাৰী উন্মোচনত ই কিমান সফল ? - Right to Information Act

দেশত অৰ্থনৈতিক বৈষম্যৰ শিপা উভালি সমতাৰ পথ নিৰ্মাণ কৰা প্ৰয়োজন - Economic Inequality in India

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.