ETV Bharat / bharat

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে - PM oath taking ceremony

author img

By ANI

Published : Jun 9, 2024, 11:07 AM IST

PM oath taking ceremony : দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নৰেন্দ্ৰ মোদীয়ে । মোদীৰ সমান্তৰালকৈ মোদীৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলেও আজি শপত ল’ব । দিল্লীত নতুন পথ নিৰ্দেশনা জাৰি ৷

Narendra Modi to be sworn in as PM for third consecutive term today
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে (Etv Bharat Assam)

নেশ্যনেল ডেস্ক, 9 জুন : আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ সন্ধিয়া 7.15 বজাত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নৰেন্দ্ৰ মোদীয়ে ।

উল্লেখ্য যে, একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল পণ্ডিত জৱাহৰলাল নেহৰু ৷ প্ৰয়াত নেহৰুৰ পাচত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে । নৰেন্দ্ৰ মোদীৰ সমান্তৰালকৈ মোদীৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলেও 9 জুনত শপত গ্ৰহণ কৰিব ।

ইফালে, শপত গ্ৰহণৰ পূৰ্বে দিল্লীত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নৰেন্দ্ৰ মোদীৰ পোষ্টাৰ লগোৱা হৈছে ।

দিল্লীত নতুন পথ নিৰ্দেশনা

দেওবাৰে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ বাবে দিল্লী আৰক্ষীৰ প্ৰায় 1100 যান-বাহন আৰক্ষী জোৱান নিয়োগ কৰাৰ লগতে যান-বাহন চলাচলৰ বাবে জনসাধাৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৷ লগতে, প্ৰতিনিধিসকলৰ বাবে বিশেষ পথৰ ব্যৱস্থা কৰা হৈছে ৷

কোন কোন উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত

প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কেইবাজনো নেতা আৰু চুবুৰীয়া অঞ্চল আৰু ভাৰত মহাসাগৰ অঞ্চলৰ ৰাজ্যিক মুৰব্বীক আমন্ত্ৰণ জনোৱা হৈছে, যিটোৱে ভাৰতৰ ‘চুবুৰী প্ৰথম’ নীতিক প্ৰতিনিধিত্ব কৰিছে ।

শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক আনুষ্ঠানিক বিবৃতিযোগে কয় যে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহে; মৰিচাছৰ মন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ বিয়লি 3 বজাত বিজেপি নেতা মানসুখ মাণ্ডৱিয়াৰ বাসগৃহলৈ আহিব ৷ ইয়াৰ পাচত ৰাষ্ট্ৰপতি গৃহলৈ গৈ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইফালে, অনুষ্ঠানটোৰ তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জোৰ দি কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ অনুষ্ঠানত দেশৰ 'চুবুৰী প্ৰথম" নীতিক অগ্ৰাধিকাৰ প্ৰদান কৰি বিভিন্ন নেতাক আমন্ত্ৰণ জনোৱা হৈছে । শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও একেদিনাই পৰৱৰ্তী সময়ত নেতাসকলে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা আয়োজিত এক ভোজৰ অনুষ্ঠানটো অংশগ্ৰহণ কৰিব ৷

চুবুৰীয়া দেশৰ নেতাসকলক প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই দেশসমূহৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে ভাৰতৰ অব্যাহত থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে । 2014 চনত তেওঁ ছাৰ্ক ৰাষ্ট্ৰৰ নেতাক আহ্বান কৰে আৰু 2019 চনত BIMSTEC গোটৰ দেশক আমন্ত্ৰণ জনায় ।

বিৰোধীৰ প্ৰতিক্ৰিয়া

ইফালে, দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি ভেনুগোপালে কয় যে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ সন্দৰ্ভত বিৰোধী নেতাসকলে চৰকাৰৰ পৰা কোনো তথ্য লাভ কৰা নাই । তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে তেওঁৰ দলে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰে ।

লোকসভা নিৰ্বাচন 2024 ফলাফল

বিজেপিয়ে 240 খন আসন লাভ কৰাৰ বিপৰীতে এন ডি এয়ে 543 খন লোকসভা আসনৰ ভিতৰত 292 খন আসন লাভ কৰিছে । কংগ্ৰেছে INDIA ব্লকৰ অংশ হিচাপে নিৰ্বাচনত যুঁজিছিল আৰু দলসমূহে মিলি লোকসভাত বিজেপিক নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাত বাধা দিবলৈ সক্ষম হৈছিল ।

কংগ্ৰেছে 99 খন আসন লাভ কৰে । সমাজবাদী পাৰ্টীয়ে 37 খন আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে 29 খন আসন লাভ কৰিবলৈ সক্ষম হয় । ডি এম কেয়ে 22 খন আসন লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: ৰাম মন্দিৰ নিৰ্মাণৰ পিছতো কিয় অযোধ্যাতেই দূৰ্গ খহিল গেৰুৱা শিবিৰৰ ? - Bjp Lose Uttar Pradesh’s Ayodhya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.