ETV Bharat / bharat

স্কুলৰ পৰা পোছাক লেতেৰা কৰি অনাৰ বাবেই মাতৃয়ে হত্যা কৰিলে 8 বছৰীয়া পুত্ৰক - Mother Murder Son

Mother Murder Son In Gurugram: শিহৰণকাৰী ! মাতৃৰ হাতত প্ৰাণ হেৰুৱালে 8 বছৰীয়া সন্তানে ৷ সন্তানৰ অপৰাধ আছিল তেনেই সামান্য...

Mother Murder Son In Gurugram
স্কুলৰ পৰা পোছাক লেতেৰা কৰি অনাৰ বাবেই মাতৃয়ে হত্যা কৰিলে 8 বছৰীয়া পুত্ৰক (Etv Bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 12:37 PM IST

নেশ্যনেল ডেস্ক, 17 মে’ : হাৰিয়ানাৰ গুৰুগ্ৰামত এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে ৷ সাধাৰণতে মাতৃক মমতাময়ী বুলি কোৱা হয় ৷ কিন্তু এইবাৰ মমতাময়ী মাতৃয়ে ঘাতকৰ ৰূপ লোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনাই আপোনাৰো কলিজা কঁপাই তুলিব ৷ গুৰুগ্ৰামৰ ছেক্টৰ 18 ৰ আৰক্ষী থানাৰ অঞ্চলত এগৰাকী মাতৃয়ে আঠ বছৰীয়া পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

শিশুটোৰ দোষ আছিল যে যেতিয়া তেওঁ স্কুলৰ পৰা উভতি আহিছিল, তেওঁৰ পোছাকযোৰ মলিয়ন হৈ আছিল ৷ ইয়াৰ লগতে শিশুটোৱে বিদ্যালয়ত কিতাপ পাহৰি এৰি থৈ আহিছিল ৷ যাৰ শাস্তিস্বৰূপে খঙাল মাতৃয়ে আঠ বছৰীয়া শিশুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰি শৰীৰৰ কাপোৰ খুলি ঘৰৰ বাহিৰত থিয় কৰাই থৈছিল । তাৰ কিছু সময়ৰ পিচতে শিশুটিয়ে কিবা এটা সামগ্ৰী বিচাৰি জেদ ধৰাত মাতৃয়ে স্বাসৰুদ্ধ কৰি হত্যা কৰে শিশুটিক ৷

মাতৃয়ে পুত্ৰক হত্যা কৰিছিল: যেতিয়া মহিলাগৰাকীৰ স্বামী সন্ধিয়া ঘৰলৈ উভতি আহে তেতিয়া তেওঁ দেখে যে, তেওঁৰ পুত্ৰৰ অচেতন অৱস্থাত পৰি আছিল । তেওঁ লগে লগে পুত্ৰক কোলাত তুলি চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চিকিৎসকে তেতিয়ালৈ শিশুটিক মৃত বুলি ঘোষণা কৰে ৷

এই খবৰ লাভ কৰাৰ লগে লগে ছেক্টৰ 18 আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে অভিযোগৰ ভিত্তিত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি অভিযুক্ত মহিলাগৰাকীক সোধ-পোছ কৰি থকা হৈছে ৷ গুৰুগ্ৰাম আৰক্ষীৰ মতে, মহিলাগৰাকীকে তেওঁৰ পুত্ৰক হত্যা কৰাৰ পিচতো তেওঁৰ কোনো অনুশোচনা হোৱা নাছিল ৷

গুৰুগ্ৰাম এচিপি অপৰাধ বৰুণ দহিয়াই কৈছিল যে, মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু আঠ বছৰীয়া পুত্ৰ কাৰ্তিকৰ সৈতে ছেক্টৰ 18 আৰক্ষী থানা অঞ্চলত বাস কৰে । মহিলাগৰাকীৰ স্বামী অৰবিন্দে শ্ৰমিক হিচাপে কাম কৰে । 13 মে'ৰ বিয়লি মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছিল । তেওঁৰ স্বামী প্ৰতিদিনৰ দৰে কামলৈ গৈছিল ৷

মহিলাগৰাকীৰ আঠ বছৰীয়া পুত্ৰও প্ৰতিদিনৰ দৰে বিদ্যালয়লৈ গৈছিল ৷ যেতিয়া পুত্ৰ কাৰ্তিক দুপৰীয়া প্ৰয় 2 বজাত ঘৰলৈ উভতি আহিছিল, তেওঁৰ তেওঁৰ স্কুলৰ ইউনিফৰ্মযোৰ লেতেৰা হৈ আহিছিল । যেতিয়া মাকে পুত্ৰক সুধিছিল, তেতিয়া তেওঁ দেখে যে তেওঁৰ পুত্ৰৰ কেইবাখনো কিতাপ হেৰাইছে ৷ ফলত খঙত অগ্নিশৰ্মা হৈ মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰক বৰ বেয়াকৈ প্ৰহাৰ কৰিছিল ।

শ্বাসৰুদ্ধ কৰি হত্যা: অভিযুক্ত মহিলাগৰাকীয়ে তেওঁৰ সন্তানৰ কাপোৰ খুলি ঘৰৰ বাহিৰত থিয় কৰাই থৈছিল । তাৰ কিছু সময়ৰ পিচতে পুত্ৰই মাতৃক কিবা সামগ্ৰী বিচৰাত, মহিলাগৰাকীৰ খঙে চৰম সীমা পায় ৷ ফলত মাতৃয়ে খঙত পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল ৷

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে, প্ৰায়েই মহিলাগৰাকীয়ে শিশুটিক মাৰপিট কৰিছিল ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি ২১ বছৰীয়া কয়দী ! গৰ্ভপাতৰ বাবে আবেদন - Prisoner Gang Rape

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.