ETV Bharat / bharat

ৰাজ কাপুৰৰ চলচ্চিত্ৰৰ গানৰ উল্লেখেৰে ভাৰত-ৰাছিয়া সম্পৰ্কৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ - PM Modi Russia Visit

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 3:54 PM IST

Updated : Jul 9, 2024, 4:02 PM IST

PM Modi Addressed Indians in Russia : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বলীউডৰ চলচ্চিত্ৰসমূহৰ এক নষ্টালজিক উল্লেখেৰেও দৰ্শকসকলক আচ্ছন্ন কৰি ৰাখে । তেওঁ কয় যে ৰাজ কাপুৰৰ ছবিখনে দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু সাংস্কৃতিক আদান-প্ৰদান শক্তিশালী কৰাত বৃহৎ ভূমিকা পালন কৰিছিল ।

PM Modi Addressed Indians in Russia
মস্কোত প্ৰৱাসী ভাৰতীয়ক সম্বোধন মোদীৰ (ANI)

নিউজ ডেস্ক, ৯ জুলাই : ৰাছিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশখনৰ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰেক্ষাগৃহভৰ্তি দেশখনত থকা ভাৰতীয়সকলৰ সন্মুখত তেওঁৰ 'মৰমৰ বন্ধু' ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ প্ৰশংসা কৰে । ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাত পুটিনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও তেওঁ উল্লেখ কৰে ।

ৰাছিয়াৰ প্ৰশংসাৰে পূৰ্ণ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাছিয়া এনে এখন দেশ, যিয়ে ভাৰতক সহায় আগবঢ়াবলৈ কেতিয়াও দ্বিধাবোধ কৰা নাই । নিজৰ ভাষণত মোদীয়ে ভাৰত-ৰাছিয়াৰ মাজৰ মিত্ৰতাৰো ভূয়সী প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উপস্থিত দৰ্শকসকলক বলীউডৰ চলচ্চিত্ৰসমূহৰ এক নষ্টালজিক উল্লেখেৰেও মোহাচ্ছন্ন কৰি ৰাখে । তেওঁ কয় যে ৰাজ কাপুৰৰ ছবিখনে দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু সাংস্কৃতিক বিনিময় শক্তিশালী কৰাত বৃহৎ ভূমিকা পালন কৰিছিল ।

তেওঁ কয়, "ছবিখনৰ গানটো এসময়ত ইয়াত প্ৰতিখন ঘৰত গোৱা হৈছিল, 'শৰ পে লাল টপী ৰুছি, ফিৰ ভি দিল হ্যে হিন্দুস্তানী' । এই গানটো পুৰণি হ'ব পাৰে, কিন্তু অনুভূতিবোৰ সদায় সেউজীয়া । ৰাজ কাপুৰ, মিঠুন দাৰ দৰে শিল্পীয়ে ভাৰত আৰু ৰাছিয়াৰ মাজত বন্ধুত্ব শক্তিশালী কৰিছে ।"

তেওঁ লগতে কয়, "আমাৰ সম্পৰ্কৰ শক্তি বহুবাৰ পৰীক্ষা কৰা হৈছে আৰু প্ৰতিবাৰেই আমাৰ বন্ধুত্ব শক্তিশালী হৈ উঠিছে । মই বিশেষকৈ মোৰ মৰমৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ নেতৃত্বক প্ৰশংসা কৰিব বিচাৰো । তেওঁ ২ দশকতকৈও অধিক সময় ধৰি এই অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ এক সুন্দৰ কাম কৰিছে । বিগত ১০ বছৰত মই ষষ্ঠবাৰৰ বাবে ৰাছিয়ালৈ আহিছো আৰু এই বছৰবোৰত আমি ইজনে সিজনক ১৭ বাৰ লগ পাইছো ।"

তেওঁ সংকটৰ সময়ত ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ দৃষ্টিভঙ্গীৰ বিষয়েও উল্লেখ কৰে । "এই সকলোবোৰ বৈঠকে বিশ্বাস আৰু সন্মান বৃদ্ধি কৰিছে । যেতিয়া আমাৰ শিক্ষাৰ্থীসকল সংঘৰ্ষত আবদ্ধ হৈ আছিল, ৰাষ্ট্ৰপতি পুটিনে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাত আমাক সহায় কৰিছিল । মই পুনৰবাৰ ৰাছিয়াৰ জনসাধাৰণ আৰু মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ধন্যবাদ জনাইছো...।"

লগতে পঢ়ক :মোদী-পুটিনৰ আলোচনা বৈঠক; সহযোগিতা বৃদ্ধিৰ ওপৰত দৃষ্টি দুয়োগৰাকী নেতাৰ - PM Modi Russia Visit
লগতে পঢ়ক :বৈদ্যুতিক বাহনত উঠাই প্ৰধানমন্ত্ৰী মোদীক এপাক ফুৰালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে; মিলিত হ’ল অনানুষ্ঠানিক বৈঠকত - PM Modi in Russia

Last Updated : Jul 9, 2024, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.