ETV Bharat / bharat

ৰামলালাক দৰ্শন কৰাৰ বাবেই ভাবুকিৰ সন্মুখীন বিজেপি নেতা !

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 8:16 AM IST

Ram Mandir Darshan Ayodhya : অযোধ্যাৰ ৰামলালা দৰ্শনলৈ যোৱাৰ বাবেই গাঁওবাসীয়ে তৌকীৰ আহমেদক প্ৰদান কৰিলে ভাবুকি ৷ বিজেপি নেতা তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চ কাশী প্ৰদেশৰ আহ্বায়কগৰাকীয়ে 30 জানুৱাৰীত ৰামলালা দৰ্শন কৰিছিল ৷ মইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Ram Mandir Darshan Ayodhya
অযোধ্যাৰ ৰামলালা

বিজেপি নেতা তৌকীৰ আহমেদ

নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী : 22 জানুৱাৰীত অযোধ্যাত স্থাপন কৰা হৈছিল ৰামলালাক ৷ তেতিয়াৰ পৰাই ৰামভক্তসকলে ধাৰাবাহিকভাৱে দৰ্শন আৰু পূজাৰ বাবে মন্দিৰটোত উপস্থিত হৈ অহা পৰিলক্ষিত হৈ আহিছে । মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ বেনাৰত উত্তৰ প্ৰদেশৰ পৰা প্ৰায় 400 মুছলমানে 30 জানুৱাৰীত ৰামলালা দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত হয় ।

বিজেপি নেতা তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চ কাশী প্ৰদেশৰ আহ্বায়ক তৌকীৰ আহমেদও গৈছিল ৰামলালা দৰ্শনৰ বাবে । ৰামলালাৰ দৰ্শন কৰি ঘৰ গৈ পোৱাৰ লগে লগে গাঁৱৰ মানুহে তেওঁৰ বিৰোধিতা কৰিবলৈ ধৰে বুলি আহমেদে জানিবলৈ দিয়ে ।

ইয়াৰোপৰি গালি-গালাজ আৰু ভাবুকিও আহমেদক প্ৰদান কৰা হৈছিল । উপায়বিহীন হৈ আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Ram Mandir Darshan Ayodhya
বিজেপি নেতা তৌকীৰ আহমেদ

কেৱল গাঁৱৰ ৰাইজে প্ৰতিবাদ কৰিছে : ৰামলালক অযোধ্যাত স্থাপন কৰাৰ পিচত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক দৰ্শন আৰু পূজা-অৰ্চনাৰ বাবে আহিছে । একে সময়তে উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 400 মুছলমানে 29 জানুৱাৰীত অযোধ্যাত উপস্থিত হয় । ইয়াৰে এজন আছিল জিলাখনৰ আদালহাট থানা এলেকাৰ শ্বাহপুৰ গাঁৱৰ বাসিন্দা তৌকীৰ আহমেদ ।

বিজেপি নেতা হোৱাৰ উপৰিও তেওঁ মুছলিম ৰাষ্ট্ৰীয় মঞ্চ কাশী প্ৰদেশৰ আহ্বায়ক । 30 জানুৱাৰীত সকলোৱে ৰামলালাৰ দৰ্শন কৰে লগতে ৰামলালা দৰ্শনৰ ভিডিঅ’ও প্ৰকাশ কৰে । দৰ্শনৰ পিচত প্ৰতিগৰাকী মানুহ নিজ নিজ ঘৰলৈ উভতি আহিল । তৌকীৰ আহমেদে জনোৱা মতে, গাঁৱলৈ উভতি অহাৰ পিচত গাঁৱৰ একাংশ লোকে তেওঁৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে । গালি-গালাজৰ লগতে ভাবুকিও দিবলৈ ধৰিলে ।

প্ৰতিবাদ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব - আৰক্ষীয়ে : তৌকীৰ আহমেদে কয় যে ৰামলালাৰ দৰ্শনলৈ যোৱাৰ সময়ত গাঁৱৰ একাংশ লোকে শ্ৰীৰামৰ শ্ল’গান আৰু অশ্লীল বাক্যবাণ প্ৰয়োগ কৰিছিল । এই বিষয়ে আৰক্ষীক অৱগত কৰা হয় ৷

আৰক্ষীয়ে গাঁৱত উপস্থিত হোৱাৰ লগে লগে আটাইকেইজন অভিযুক্ত পলায়ন কৰে । অভিযোগ লাভ কৰাৰ পিচতে আৰক্ষী শ্বাহপুৰ গাঁৱত উপস্থিত হয় । বিৰোধিতা কৰাসকলক গাঁৱখনত শান্তি বৰ্তায় ৰাখিবলৈ আহ্বান জনোৱা হৈছে । যদি কোনোবাই আৰু অধিক প্ৰতিবাদ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সকিয়নী প্ৰদান কৰে ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লোৱাৰ বাবেই মুখ্য ইমামৰ বিৰুদ্ধে ’ফটোৱা’ জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.