ETV Bharat / bharat

ৰেমলৰ প্ৰভাৱ: মেঘালয়ৰ কেইবাখনো জিলাত বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal - CYCLONE REMAL

Cyclone Remal: পশ্চিমবংগৰ পিচত উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত ৰেমলৰ প্ৰভাৱ দেখা গৈছে । মঙবাৰে অসমৰো বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণ ভয়ংকৰ ৰূপ লৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে মেঘালয় চৰকাৰে কেইবাখনো জিলাত শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে ।

Cyclone Remal
মেঘালয়ৰ কেইবাখনো জিলাত বন্ধ শিক্ষানুষ্ঠান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:12 PM IST

শ্বিলং, ২৮ মে': সাগৰীয় ঘুৰ্ণীবতাহ 'ৰেমল'ৰ প্ৰভাৱ পৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো । ঘূৰ্ণিবতাহ 'ৰেমল'ৰ বাবে মঙলবাৰে বন্ধ ৰখা হৈছে মেঘালয়ৰ বিদ্যালয়-মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহ । সাগৰীয় ঘূৰ্ণিবতাহৰ সম্ভাব্য ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মেঘালয় ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই মেঘালয়বাসীলৈ এলানি কঠোৰ পৰামৰ্শ জাৰি কৰিছে ।

Cyclone Remal
মেঘালয়ৰ কেইবাখনো জিলাত বন্ধ শিক্ষানুষ্ঠান (ETV Bharat)

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া তথ্য অনুসৰি প্ৰচণ্ড বৰষুণ আৰু ঘূৰ্ণিবতাহে কোবাই যাব মেঘালয়ৰ কেইবাখনো জিলাক । ইতিমধ্যে ঘণ্টাত ৪০-৫০ কিলোমিটাৰৰ পৰা ৬০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে তীব্ৰ ধুমুহা-বতাহৰ সম্ভাৱনাৰে সতৰ্কবাণী প্ৰকাশ কৰা হৈছে ।'ৰেমল'ৰ ফলত সম্ভাব্য ক্ষয়-ক্ষতিৰ আশংকাত মেঘালয় চৰকাৰে গ্ৰহণ কৰিছে আগতীয়া সতৰ্কমূলক ব্যৱস্থা । মঙলবাৰে দিনটো প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকা ৰাজ্যখনৰ বিদ্যালয়-মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

ইতিমধ্যে অসমৰ লগতে চুবুৰীয়া ৰাজ্যখনতো 'ৰেমল'ৰ প্ৰভাৱ দেখা গৈছে । মঙলবাৰে বৰষুণ আৰু বতাহে মেঘালয়ৰ কেইবাখনো জিলাক স্পৰ্শ কৰি যোৱা দেখা গৈছে । বতৰৰ আগলি বতৰা অনুসৰি সোমবাৰেই মেঘালয় চৰকাৰে ইষ্ট খাছী হিলছ জিলা, পূৱ জয়ন্তীয়া, দক্ষিণ-পশ্চিম খাছী, পশ্চিম জয়ন্তীয়া, ৰি-ভয় আৰু পশ্চিম খাছী হিলছ আদি জিলাত সতৰ্কতামুলক ব্যৱস্থা ৰূপে শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰে ।

'ৰেমল'ৰ প্ৰভাৱত এই প্ৰতিকূল বতৰে অহা ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ পূৱ জয়ন্তীয়া, পূৱ খাছী, দক্ষিণ-পশ্চিম খাছী, পশ্চিম জয়ন্তীয়া আৰু পশ্চিম খাছী পাহাৰীয়া জিলাৰ বিচ্ছিন্ন অঞ্চলসমূহত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল । কেইবাখনো জিলাৰ কোনো কোনো অঞ্চলত মঙলবাৰে বতাহ-বৰষুণৰ প্ৰভাৱ দেখা পোৱা গৈছে যদিও গুৰুতৰ ক্ষয়-ক্ষতিৰ বাতৰি বৰ্তমানলৈকে অহা নাই ।

পাহাৰীয়া ৰাজ্যখনৰ অন্তৰ্গত প্ৰায় সকলো জিলাৰেই শিক্ষানুষ্ঠানসমূহ ২৮ মে'ত ৰাজ্য চৰকাৰৰ ঘোষণামৰ্মে বন্ধ ৰখা হয় । আগতীয়া ঘূৰ্ণিবতাহৰ পৰিস্থিতিৰ মাজতে অবাঞ্ছিত পৰিস্থিতিৰ পৰা হাত সাৰি সুৰক্ষা নিশ্চিত কৰাৰ এক ব্যৱস্থা হিচাপে লোৱা হৈছে শ্ৰেণীকোঠা বন্ধ ৰখাৰ সিদ্ধান্ত । বিদ্যালয়সমূহ আগতীয়াকৈ বন্ধ কৰি চৰকাৰে প্ৰতিকূল বতৰৰ ফলত হোৱা সম্ভাৱ্য বিপদ আৰু বিঘিনি কম কৰাৰ বাবে প্ৰশাসন যন্ত্ৰক সক্ৰিয় কৰি ৰাখিছে মেঘালয় চৰকাৰে ।

উল্লেখ্য যে সোমবাৰে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী পৱৰেষ্টন টাইছঙৰ সভাপতিত্বত ৰেমলৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল মেঘালয় চৰকাৰে ৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অংশগ্ৰহণ কৰা বৈঠকখনত 'ৰেমল' ঘূৰ্ণিবতাহ উদ্ভূত পৰিস্থিতি চম্ভালিবলৈ পৰ্যালোচনা কৰি এলানি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে ৷ তাৰেই অংশস্বৰূপে মঙলবাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয় ।

লগতে পঢ়ক :পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ - CYCLONE REMAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.