ETV Bharat / bharat

গণ আত্মহত্যাৰ চেষ্টা দহগৰাকী জনজাতীয় মহিলাৰ : আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে এই ঘটনা - Self Immolation Attempt

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:45 PM IST

Self immolation attempt in Katihar: আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দহগৰাকী জনজাতীয় মহিলাই একেলগে চলালে আত্মহত্যাৰ চেষ্টা ৷ গাত ডিজেল ঢালি চেষ্টা কৰে গণ আত্মহননৰ ৷

Self Immolation Attempt In Katihar
গণ আত্মহত্যাৰ চেষ্টা দহগৰাকী মহিলাৰ (ETV Bharat)

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : জিলাখনত এক উদ্ভট পৰিস্থিতিৰ সৃষ্টি হৈছিল যেতিয়া ১০ গৰাকী জনজাতীয় মহিলাই হাতত ডিজেলৰ বটল লৈ কালেক্টৰেটৰ গেটৰ সন্মুখত বহি তেওঁলোকৰ ওপৰত ডিজেল ঢালিবলৈ আৰম্ভ কৰিছিল । কান্দি থকা মহিলাসকলে গণ আত্মহননৰ চেষ্টা কৰিছিল। মহিলাসকলে ভূমি বিবাদত এই পদক্ষেপ লৈছিল ।

‘‘আমাৰ ঘৰবোৰ ভাঙি দিলে’’:

ভুক্তভোগী গৌৰী দেৱীয়ে কৈছিল যে আমি ন্যায় বিচাৰো । আমি যি মাটিত বাস কৰো সেই মাটিত উচ্ছেদ কৰা হৈছে ৷ ক্ষমতা প্ৰয়োগ কৰি আমাৰ ঘৰ ভাঙি সকলো বস্তু কাঢ়ি লৈ গ’ল ৷ ম’বাইল ফোন, টকা, গহনা সকলো লুটি লৈ গ’ল ৷ উৎপীড়কসকলে আমাক মাটি খালী কৰিবলৈ হেঁচা দি আছে ৷ এই ভূমিৰ বাবেই মহকুমাধিপতিৰ ওচৰত এটা গোচৰ চলি আছে । এফালে গোচৰ চলি আছে, আনফালে কাজিয়া চলি আছে । আমাৰ ওপৰত অত্যাচাৰ কৰা হৈছে ৷ এনে পৰিস্থিতিত আমি জীয়াই থাকি কি কৰিম ?

গৌৰী দেৱী নামৰ এগৰাকী ভুক্তভোগীয়ে কয় ‘‘আমি যি মাটিত আছো, সেই মাটি আমাক ঘূৰাই লাগে ৷ সদায় পুৱা ৫০-৬০ জন আমি চিনি নোপোৱা মানুহ আহে । এছ ডি অ’ চাৰে কৈছে আমি আৰু চাৰি-পাঁচ দিনহে থাকিব পাৰিম ইয়াত ৷ তাৰ পিছত আমি ক'ত থাকিম ? ল’ৰা-ছোৱালীৰ সৈতে ৰাস্তাত থাকিব লাগিব আমি ৷’’

৭০ জনীয়া উচ্ছেদকাৰী আহিছিল :

আন এগৰাকী ভুক্তভোগী আশা কুমাৰীয়ে কয়, ‘‘আমাৰ ঘৰটো ভাঙি দিলে ৷ পুৱা ৭ বজাত ৭০ গৰাকী উচ্ছেদকাৰী আহিছিল ৷ বেলেগৰ ঘৰত কাম কৰি খাই আছো ৷ কোনোমতে ঘৰটো বনাইছিলো ৷ উচ্ছেদকাৰীসকলে আমাক ভাবুকি দিছিল ৷ অনিকেত যাদৱে আমাক ভাবুকি দিছে ৷ এয়া আমাৰ পূৰ্বপুৰুষৰ মাটি ৷ আমি দীৰ্ঘদিন ধৰি এই মাটিতে বাস কৰি আছো ৷ তথাপি উচ্ছেদকাৰীয়ে আমাৰ ওপৰত চকু দিছে ৷ 5 কঠা মাটি আছে ।’’

আশা কুমাৰীয়ে কয়, ‘‘পুৱা আমি সকলো কামলৈ গৈছিলো । ঘৰত কেৱল দিদি আৰু এটা সৰু ল’ৰা আছিল ৷ 60-70 জন পুৰুষ আহি দিদিৰ ওপৰত আক্ৰমণ কৰে ৷ তেওঁলোকে আমাৰ ম’বাইল ফোনটোও কাঢ়ি লৈ গ’ল ৷ ঘৰটো ভাঙি সকলো বস্তু গাড়ীত ভৰাই লৈ গ’ল ৷’’

গণ আত্মহত্যাৰ প্ৰচেষ্টাত আলোড়ন সৃষ্টি :

ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে নগৰ আৰক্ষী থানাই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । এই ঘটনাৰ পিছত, জিলা আয়ুক্তক বহু ঘণ্টা ধৰি বাধা দি ৰখা হয় । মহিলাসকলে মূল গেট অৱৰোধ কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ তাৰ পিছতে তেওঁলোকে নিজৰ গাত ডিজেল ঢালিবলৈ আৰম্ভ কৰে ৷

‘‘মাটিখিনি আমাৰ... খালী নকৰিব’’ :

ভুক্তভোগী সৰস্বতী কুমাৰীয়ে কয়, ‘‘একাংশ মাফিয়াই দুই-তিনিদিনৰ পৰা মাটি খালী কৰিবলৈ ভাবুকি দি আহিছিল ৷ আজি পুৱা আহি ঘৰটো ভাঙি দিয়ে ৷ তাৰ পিচত সকলো বস্তু তেওঁলোকে লৈ যায় ৷ পুৱা ৭ বজাত আমাৰ ওপৰত আক্ৰমণ কৰা হৈছিল ৷ আমি আমাৰ জীৱন বচাবলৈ সেই ঠাইৰ পৰা পলাই গৈছিলো৷ অনিকেত সিং, জনাৰ্দন যাদৱ, শ্যাম যাদৱ আৰু মুকেশ যাদৱে এই কাম কৰিছে ৷ তেওঁলোকে আমাক মাটি খালী কৰিবলৈ কৈছে আৰু আমাক ভাবুকি দিছে ৷

ভুক্তভোগী সৰস্বতী দেৱীৱে কয়, ‘‘মাটিৰ খাজানা মোৰ পৰিয়ালৰ মানুহৰ নামত কটা হয় ৷ ২০২২ আৰু ২০২৩ চনতো আমাৰ ওপৰত আক্ৰমণ কৰা হৈছিল । আমি সকলো চিকিৎসাধীন হ’বলগীয়া হৈছিল ৷ যেতিয়া আমি সেই অভিযোগ এছ.পি.ক দিছিলো, তেওঁ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছিল ৷ কিন্তু আমাৰ কথা নুশুনিলে ৷ আৰক্ষীয়েও উৎপীড়কবোৰক সমৰ্থন কৰি আছে ৷ নিম্নবৰ্ণৰ লোকক পদদলিত কৰাৰ চেষ্টা কৰা হৈছে ৷’’

মহকুমাধিপতিয়ে কি ক’লে ?

ঘটনাস্থলীত উপস্থিত হোৱা মহকুমাধিপতি আলোক চন্দ্ৰ চৌধুৰী আৰু আৰক্ষী বিষয়া পংকজ প্ৰতাপে কোনোমতে মহিলাসকলক সৈমান কৰাই সোধা-পোছাৰ বাবে আৰক্ষী থানালৈ লৈ যায় । মহকুমাধিপতি আলোক চন্দ্ৰ চৌধুৰীয়ে কয় যে গোটেই বিষয়টোৰ তদন্ত চলি আছে । তদন্ত কৰা হ'ব আৰু আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব ।

লগতে পঢ়ক : চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰি আত্মহনন কৰিলে নেকি আৰক্ষী জোৱানে !

আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.