ETV Bharat / bharat

ভক্তি নে আন কিবা ! ব’লেবমলৈ যোৱা DJ বাহনত ছৰ্ট শ্বাৰ্কিট হৈ একেলগে মৃত্যু ৯ কিশোৰৰ - Kanwariyas Died In Bihar

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:24 AM IST

9 Kanwariyas Died In Vaishali: এক শোকাৱহ ঘটনা ৷ উদং হ’ল বহু পিতৃ-মাতৃৰ বুকু ৷ একেলগে ব’লেবমলৈ যোৱা ৯ কিশোৰৰ মৃত্যু ৷ কিন্তু কেনেকৈ আৰু ক’ত ?

9 Kanwariyas Died In Vaishali
এক শোকাৱহ ঘটনা (ETV Bharat)

নেশ্যনেল ডেস্ক, ৫ আগষ্ট : প্ৰকৃততে ভুল কাৰ ! কাৰ ভুলৰ বাবে একেলগে মৃত্যু হ’ল ৯ জন কিশোৰৰ ৷ মৃত্যু মুখত পৰা কিশোৰ কেইজনৰ বয়স ১৫ ৰ পৰা ২০ বছৰৰ ভিতৰৰ ৷ একেলগে ৯ জন কিশোৰৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলত শোক ছাঁ পেলাইছে ৷

আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ বৈশালীত ৷ শাওন মাহ উপলক্ষে একেলগে কেবাজনো যুৱকে দেওবাৰে এক ধাৰ্মীক স্থানৰ ঘাটৰ পৰা পানী আনিবলৈ গৈছিল ৷ কিন্তু আধুনিকতাৰ গ্ৰাসত পৰা এই কিশোৰকেইজনে উচ্চ স্তৰত ডিজে (DJ) বজাই এখন বাহনেৰে লক্ষ্য স্থানৰ অভিমুখে গতি কৰিছিল ৷

9 Kanwariyas Died In Vaishali
এক শোকাৱহ ঘটনা (ETV Bharat)

কিন্তু তেনে সময়তে ঘটিল এক অঘটন ৷ ডিজে বজাই হোৱা বাহনৰ ওপৰৰ অংশত লগোৱা হৈছিল কেবাটাই মাইক ৷ বৈশালীৰ হাজীপুৰ ঔদ্যোগিক থানাৰ অন্তৰ্গত এক স্থানত সেই মাইকবোৰ ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱা হাই ভলল্টেজ তাঁৰত লাগি যায় ৷ ফলত ছৰ্ট শ্বাৰ্কিট হৈ ৯ জন কিশোৰে মৃত্যুক সাৱটিব লগাত পৰে ৷

লগতে পঢ়ক : বাছ-গাড়ীৰ মুখামুখি সংঘৰ্ষ: বৰ্তমান পৰ্যন্ত নিহত 7, আহত 40ৰো অধিক - UP Etawah Accident

জানিব পৰা মতে, এই ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে আন দুজন যুৱকে ৷ ইফালে এই দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, চুলতানপুৰ গাঁৱৰ এক ডজনৰো অধিক যুৱক ব’লবমলৈ বুলি সাৰণৰ পাহেলজা ঘাটলৈ গৈ আছিল ।

9 Kanwariyas Died In Vaishali
ব’লেবমলৈ যোৱা DJ বাহনত ছৰ্ট শ্বাৰ্কিট হৈ একেলগে মৃত্যু ৯ কিশোৰৰ (ETV Bharat)

লক্ষ্য আছিল সোণপুৰ বাবা হৰিহৰনাথত গংগা পানীৰে জলাভিষেক কৰা । কিন্তু ইয়াৰ পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷ আৰক্ষীয়েও এই ধটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বেলপাতেৰে কেনেদৰে সন্তুষ্ট কৰিব মহাদেৱক ? - Shravan 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.