ETV Bharat / bharat

বিষাক্ত সুৰা সেৱন কৰি 33 জনৰ মৃত্যু, সংকটজনক অৱস্থাত 20 - Spurious liquor tragedy

Spurious liquor : বিষাক্ত সুৰা সেৱনৰ পিচত বুধবাৰে তামিলনাডুত 33 জন লোকৰ মৃত্যু হয় আৰু 88 জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাৰ পিচতে জিলা আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ লগতে জিলা আয়ুক্তক বদলি কৰা হৈছে ৷

KALLAKURICHI LIQUOR TRAGEDY
বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে দহজনৰ (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:04 PM IST

নেশ্যনেল ডেস্ক, 19 জুন : বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে কেবাজনো লোকৰ ৷ অবৈধভাৱে প্ৰস্তুত কৰা সুৰাই প্ৰাণ ল’লে লোক কেইজনৰ ৷ এই ঘটনাত বিষাক্ত সুৰা সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা আন 88 জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

এই কৰুণ তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কাল্লাকুৰিচিত ৷ তথ্য অনুসৰি মঙলবাৰে নিশা তামিলনাডুৰ কাল্লাকুৰিচি চহৰত অবৈধভাৱে প্ৰস্তুত কৰা বিষাক্ত সুৰা সেৱনৰ পিচত বুধবাৰে 33জন লোকৰ মৃত্যু হয় আৰু 88 জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে 20 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা হৈছে ৷ আৰক্ষীৰ তথ্য অনুসৰি দৈনিক মজুৰিত কাম কৰা শ্ৰমিকৰ এটা দলে মঙলবাৰে নিশা চহৰৰ সীমাৰ কৰুণাপুৰমত বিষাক্ত সুৰা (আৰাক) সেৱন কৰিছিল ৷

পৰৱৰ্তী সময়ত ঘৰত উপস্থিত হোৱাৰ পিচত, তেওঁলোকৰ বেছিভাগেই মূৰ ঘূৰোৱা, মূৰৰ বিষ, বমি, ওকালি অহা, পেটৰ বিষ আৰু চকু জ্বলা-পোৰাত আক্ৰান্ত হোৱাৰ অভিযোগ কৰিছিল ৷ লগে লগে তেওঁলোকক পৰিয়ালৰ সদস্যসকলে এখন ব্যক্তিগত চিকিৎসালয় আৰু কাল্লাকুৰিচি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যায়, য'ত চিকিৎসা প্ৰদান কৰা স্বত্বেও 33 জনৰ মৃত্যু হয় ৷ ইফালে কেইবাজনো লোকক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু আন কেইবাজনো লোকক উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : চিকিৎসালয়ৰ পৰাই নোহোৱা হ’ল শ্বীনা বৰাৰ কংকাল : ইন্দ্ৰাণী মুখাৰ্জীৰ মতে সমগ্ৰ ঘটনা মনেসজা - Sheena Bora skeleton missing

আক্ৰান্তসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি ভিল্লুপুৰম আৰু জিপমেৰৰ ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ পৰীক্ষাৰ ফলাফলত এই সুৰাৰ লগত মিথানল মিহলিৰ প্ৰমাণ পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ বিষয়ে জানিব পৰা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মন্ত্ৰী ই.ভি. ভেলু আৰু এম.সুব্ৰমণিয়ানক কল্লাকুৰিচি হাস্পতাললৈ গৈ আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিয়ে ৷ ইফালে এই ঘটনাৰ পিচতে কল্লাকুৰিচি জিলা আয়ুক্ত শ্ৰৱণ কুমাৰ জাদাৱটক বদলি কৰা হয় ৷

জানিব পৰা মতে এম এছ প্ৰসাদক নতুনকৈ কল্লাকুৰিচি জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ লগতে কল্লাকুৰিচি জিলা আৰক্ষী অধীক্ষক সমই সিং মীনাক পদৰ পৰা অপসাৰণ কৰি নিলম্বন কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ৰজত চতুৰ্বেদীক কল্লাকুৰিচিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় ৷ মুখ্যমন্ত্ৰী ষ্টেলিনে চি বি চি আই ডি (CBCID)ক এই গোচৰৰ তদন্তৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক : সন্মুখত নাৰ্ছৰ কোলাত সদ্যোজাত সন্তান : পিচে পিচে অক্সিজেন চিলিণ্ডাৰ লৈ পিতৃ - Viral video of a father

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.