ETV Bharat / bharat

গুৱাহাটীৰ পৰা ডাকযোগে মহাৰাষ্ট্ৰলৈ ড্ৰাগছৰ সৰবৰাহ - Drugs smuggling

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 2:17 PM IST

Drugs smuggling : ড্ৰাগছ সৰবৰাহৰ বাবে দুষ্টচক্ৰই বিভিন্ন কুৰিয়াৰ বা ডাক সেৱাৰ আশ্ৰয় লৈছে । গুৱাহাটীৰ পৰা মহাৰাষ্ট্ৰৰ শ্ৰীৰামপুৰলৈ ডাকযোগে ড্ৰাগছৰ আমদানি কৰি গ্ৰেপ্তাৰ এজন । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ।

Drugs smuggling
গুৱাহাটীৰ পৰা ডাকযোগে মহাৰাষ্ট্ৰলৈ ড্ৰাগছৰ সৰবৰাহ (ETV Bharat)

নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ : অসমত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে । সৰবৰাহকাৰী তথা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰায়ে অসম আৰক্ষীয়ে অভিযান চলোৱা দেখা গৈছে । কিন্তু তাৰ মাজতে ড্ৰাগছ সৰবৰাহৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

ভাৰতীয় ডাকযোগে গুৱাহাটীৰ পৰা মহাৰাষ্ট্ৰলৈ ড্ৰাগছ সৰবৰাহৰ এক ঘটনা সংঘটিত হৈছে । মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ এজন লোকে গুৱাহাটীৰ পৰা নিষিদ্ধ হেৰ'ইন অৰ্ডাৰ কৰিছিল । আনকি ড্ৰাগছখিনিৰ বিনিময়ত লোকজনে ক্ৰিক্টোকাৰেন্সীৰ জৰিয়তে পৰিশোধো কৰিছিল । মহাৰাষ্ট্ৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিক্ৰান্ত ৰাউত নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

  • ডাকযোগে ড্ৰাগছৰ সৰবৰাহ

আৰক্ষীয়ে জনোৱা মতে ভাৰতীয় ডাক সেৱাৰ জৰিয়তে লোকজনে গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ ড্ৰাগছৰ এটা পাৰ্চেল অৰ্ডাৰ দিছিল । শ্ৰীৰামপুৰৰ পূৰ্ণৱদনগৰৰ বিক্ৰান্ত ৰাউতে সেই পাৰ্চেলটো অনলাইনৰ জৰিয়তে অৰ্ডাৰ কৰিছিল । আৰক্ষীয়ে এনডিপিএছ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে অভিযুক্ত বিক্ৰান্তক গ্ৰেপ্তাৰ কৰিছে ।

এনচিবিৰ মুম্বাই কাৰ্যালয়ে দিয়া গোপন তথ্য অনুসৰি এটা পাৰ্চেল গুৱাহাটীৰ পৰা ডাক সেৱাৰ জৰিয়তে শ্ৰীৰামপুৰ ডাকঘৰত উপস্থিত হ'ব । তাত নিচাজাতীয় সামগ্ৰী থকাৰ ইংগিত দিছিল এনচিবিয়ে । এই তথ্য আহমেদনগৰ আৰক্ষীক পাৰ্চেল নম্বৰৰ সৈতে দিয়া হৈছিল ।

তাৰ পিচতে শ্ৰীৰামপুৰ আৰক্ষী আৰু এনচিবিৰ দলে ডাক বিভাগৰ সৈতে যোগাযোগ কৰে আৰু পাৰ্চেলৰ অৰ্ডাৰ কৰা লোকজনক বিচাৰি উলিয়াবলৈ ৭ নং ৱাৰ্ডত মহিলা ডাকোৱালগৰাকীক জড়িত কৰোৱা হয় । তাৰ পিচতে পাৰ্চেলটো অৰ্ডাৰ কৰা অভিযুক্ত বিক্ৰান্ত ৰাউতক আৰক্ষীয়ে আটক কৰে ।

  • ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে পৰিশোধ

বিষয়টোৰ পৰৱৰ্তী অনুসন্ধানত আৰক্ষীয়ে অভিযুক্তজনৰ অনলাইন নেটৱৰ্ক পৰীক্ষা কৰে আৰু পোহৰলৈ আহে যে ক্ৰিপ্টোকাৰেন্সীত ধনৰ বিনিময় কৰি পাৰ্চেলটো অৰ্ডাৰ কৰা হৈছিল ।

ঘটনা সন্দৰ্ভত আৰক্ষী পৰিদৰ্শক নীতিন দেশমুখে কয়, "আহমেদনগৰ আৰক্ষীয়ে মুম্বাই এনচিবি কাৰ্যালয়ৰ পৰা এখন পত্ৰ লাভ কৰিছিল । সেই অনুসৰি, আহমেদনগৰ আৰক্ষী, এনচিবি কাৰ্যালয় আৰু ডাক বিভাগৰ সহযোগত এই পদক্ষেপ লোৱা হৈছিল । বিক্ৰান্ত ৰাউতে গুৱাহাটীৰ পৰা ডাকযোগে নিচাজাতীয় সামগ্ৰী অৰ্ডাৰ দিছিল । লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে । বিক্ৰান্ত ৰাউতক এনডিপিএছ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাজ্যৰ গৃহ বিভাগে ইতিমধ্যে স্বীকাৰ কৰিছে যে ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বাবে কুৰিয়াৰ আৰু ডাক সেৱাৰ অপব্যৱহাৰ কৰা হৈছে । ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে । তেনে সময়তে আহমেদনগৰ জিলাতো বহিঃৰাজ্যৰ পৰা ড্ৰাগছ সৰবৰাহৰ ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে ।

লগতে পঢ়ক :তিনিবছৰীয়া শিশুক হত্যা কৰি ভৰাই থ’লে ৱাছিং মেচিনত - Brutal Murder of Child

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.