ETV Bharat / bharat

মহাৰাষ্ট্ৰত এটা আৰু ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা

মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত আৰু ঝাৰখণ্ডত ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ । ২৩ নৱেম্বৰত দুয়োখন ৰাজ্যৰ ভোটগণনা ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 6:20 PM IST

Maharashtra Jharkhand Elections 2024
নিৰ্বাচন আয়োগৰ সংবাদমেল সম্বোধন (ANI Photo)

নিউজ ডেস্ক, ১৫ অক্টোবৰ : মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা নিৰ্বাচন আয়োগৰ । মঙলবাৰে দিল্লীত সংবাদমেলযোগে কৰা ঘোষণা অনুসৰি, মহাৰাষ্ট্ৰ বিধানসভাত ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, ঝাৰখণ্ড বিধানসভাৰ বাবে ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । দুয়োখন ৰাজ্যৰে ভোটগণনা ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব ।

প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পৰীক্ষাৰ তাৰিখ ক্ৰমান্বয়ে ২৮ আৰু ৩০ অক্টোবৰ । আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ক্ৰমান্বয়ে ৩০ অক্টোবৰ আৰু ১ নৱেম্বৰ ।

ইফালে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা ক্ৰমান্বয়ে ১৮ আৰু ২২ অক্টোবৰত জাৰি কৰা হ'ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰে ।

উল্লেখ্য যে ইয়াৰ লগতে বিভিন্ন ৰাজ্যৰ ৪৭ খন বিধানসভা আৰু ৱায়নাড় লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব । আনহাতে, উত্তৰাখণ্ডৰ কেদাৰনাথ বিধানসভা আসন আৰু মহাৰাষ্ট্ৰৰ নান্দেদ লোকসভা আসনৰ উপ-নিৰ্বাচন ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব ।

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে শেহতীয়া বিধানসভা নিৰ্বাচনত ভোটগণনা আৰম্ভ হোৱাৰ ১৫-৩০ মিনিটৰ ভিতৰত টিভি চেনেলসমূহত দেখুওৱা প্ৰাৰম্ভিক প্ৰৱণতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । আনহাতে, হাৰিয়ানা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগৰ সঁহাৰি দি নিৰ্বাচন আয়োগে কয় যে পেনেলে ই ভি এমৰ ওপৰত উত্থাপিত 20 টা অভিযোগৰ আটাইকেইটাৰে তথ্য অনুসৰি ব্যক্তিগতভাৱে উত্তৰ দিব ।

উল্লেখ্য যে মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল অহা ২৬ নৱেম্বৰত আৰু ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ ৫ জানুৱাৰীত সমাপ্ত হ'ব ।

বৰ্তমানৰ নিৰ্বাচনত মহাৰাষ্ট্ৰত প্ৰায় ৯.৬৩ কোটি যোগ্য ভোটাৰ আছে । ঝাৰখণ্ডত আছে মুঠ 2.60 কোটি ভোটাৰ । ইয়াৰে ভিতৰত 1.31 কোটি পুৰুষ আৰু 1.29 কোটি মহিলা ভোটাৰ । আনহাতে, ৬৬.৮৪ লাখ যুৱ ভোটাৰ আছে ।

2019 চনৰ মহাৰাষ্ট্ৰ নিৰ্বাচনত বিজেপিয়ে 105 গৰাকী বিধায়কৰ সৈতে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে । ইয়াৰ পিচত শিৱসেনাই 56 , নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে 54, কংগ্ৰেছে 44 আৰু এ আই এম আই এমৰ দুজনকৈ বিধায়ক আছিল । কিন্তু যোৱা বছৰ শিৱসেনাৰ এটা ফৈদ আঁতৰিগৈ শিণ্ডেৰ নেতৃত্বত এটা নতুন গোট গঠন কৰে ।

বৰ্তমান মহাৰাষ্ট্ৰত মহাযুটি মহাজোঁটে চৰকাৰ চলাই আছে । শাসকীয় মিত্ৰজোঁটত শিৱসেনাৰ (শিণ্ডে) ৪০ জন, বিজেপিৰ ১০৫ জন আৰু এনচিপিৰ (অজিত) ৪১ জন বিধায়ক আছে । আনহাতে, বিৰোধী মহা বিকাশ আঘাড়ী মিত্ৰজোঁটত কংগ্ৰেছৰ আছে ৪৪ জন বিধায়ক, শিৱসেনা (থাকৰে) আৰু এনচিপিৰ (শৰদ পাৱাৰ) ১৪ জনকৈ বিধায়ক আছে ।

লগতে পঢ়ক :১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন
লগতে পঢ়ক :বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.