ETV Bharat / bharat

নিৰ্বাচনৰ প্ৰাকক্ষণত অশোক গেহলটৰ মুখত কানহাইয়ালাল হত্যাৰ প্ৰসংগ

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:25 PM IST

Ashok Gehlot on Kanhaiya Lal murder: পুনৰ এবাৰ ৰাজস্থানত কানহাইয়ালাল হত্যাৰ গোচৰক লৈ ৰাজনীতি আৰম্ভ হৈছে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে সামাজিক মাধ্যমত এই প্ৰসংগত এনআইএ আৰু বিজেপিক সামলোচনা কৰে ।

Ashok Gehlot on Kanhaiya Lal murder
নিৰ্বাচনৰ প্ৰাকক্ষণত অশোক গেহলটৰ মুখত কানহাইয়ালাল হত্যাৰ প্ৰসংগ

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰতিখন ৰাজ্যতে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । ৰাজস্থানত মূলত বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত নিৰ্বাচনী ব্যস্ততা অধিক দেখা গৈছে । দুয়োটা প্ৰধান দলে ৰাজ্যখনৰ ২৫ খন আসনত প্ৰতিদ্বন্দ্বিতা আৰু জয়লাভৰ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ।

ইয়াৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে উদয়পুৰৰ কানহাইয়ালাল হত্যাকাণ্ডৰ গোচৰৰ বিষয়টো পুনৰ উত্থাপন কৰিছে । তেওঁ দাবী কৰে যে এনআইএয়ে এই ক্ষেত্ৰত একো কৰিব নোৱাৰে । যদি কংগ্ৰেছৰ চৰকাৰ থাকিলহেঁতেন অভিযুক্তক ফাঁচী দিয়া হ'লহেঁতেন বুলি তেওঁ দাবী কৰে । সেয়েহে তেওঁ ৰাজ্যখনৰ জনসাধাৰণক কংগ্ৰেছক আশীৰ্বাদ দিবলৈ আহ্বান জনায় । অশোক গেহলটে সামাজিক মাধ্যমত প্ৰায় ৮ মিনিটৰ এটা ভিডিঅ' পোষ্ট কৰে । য'ত তেওঁ ৰাজ্যখনৰ জনসাধাৰণক লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায় ।

গেহলটে বিধানসভা নিৰ্বাচনৰ কথাও উল্লেখ কৰে । শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সকলোৱে বিশ্বাস কৰিছিল যে কংগ্ৰেছ চৰকাৰ পুনৰ শাসনলৈ আহিব । কিয়নো শিক্ষা, স্বাস্থ্য, সামাজিক সুৰক্ষাৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হৈছিল । কৃষক আৰু গ্ৰাহকসকলক বিদ্যুতৰ ৰেহাই দিয়া হৈছিল ।

তেওঁৰ মতে স্বাধীনতাৰ পিচত ৰাজ্যখনে পৰিকল্পনাবোৰৰ বাবে দেশজুৰি চৰ্চিত হৈছিল । ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ আঁচনিসমূহ বহুতো ৰাজ্যত গ্ৰহণ কৰা হৈছে । কিন্তু দুৰ্ভাগ্যবশতঃ, নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় নেতা আৰু আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কংগ্ৰেছৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছিল । যাৰ বাবে কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে ।

কানহাইয়ালাল হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছে অভিযুক্তজনক দুঘণ্টাৰ ভিতৰতে আটক কৰিছিল । চৰকাৰে ভুক্তভোগীৰ দুই সন্তানক নিযুক্তি দিছে আৰু ৫০ লাখ টকাও দিছিল । এই গোচৰটো এনআইএয়ে তদন্ত কৰি আছে । তেওঁৰ মতে এনআইএয়ে এই ক্ষেত্ৰত একো কৰিব নোৱাৰে ।

গেহলটৰ মতে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পিচত উন্নয়ন স্তব্ধ হৈছে । চৰকাৰে কাম কৰিবলৈ সক্ষম হোৱা নাই । সেয়েহে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিবলৈ ৰাইজক আহ্বান জনায় । গেহলটৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থীসকল জয়ী হ'লে ৰাজস্থানৰ হকে মাত দিব আৰু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব ।

লগতে পঢ়ক :বিহুৰ পিচতেই ভোটযুদ্ধ: অসমত তিনিটা পৰ্যায়ত ক’ত কেতিয়া নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.