ETV Bharat / bharat

উত্তৰ প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতাক অসমৰ ৰাজ্যপালৰ দায়িত্ব : নতুন ৰাজ্যপালৰ তালিকাত নাম ৰমেন ডেকাৰ - Governor reshuffle

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 11:31 AM IST

Governor reshuffle: দেশৰ ৯ খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে । অসম, ঝাৰখণ্ড, ৰাজস্থান আদিৰ দৰে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্যত নতুন ৰাজ্যপালসকলক ৰাষ্ট্ৰপতি ভৱনে নিযুক্তি দিছে । বিজেপি দলৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ নেতাক দিয়া হৈছে ৰাজ্যপালৰ দায়িত্ব ।

Governor reshuffle
বিজেপিৰ জ্যেষ্ঠ নেতাক ৰাজ্যপালৰ দায়িত্ব; নতুন ৰাজ্যপালৰ তালিকাত অসমৰ ৰমেন ডেকা (Social Media platform)

নেশ্যনেল ডেস্ক, ২৮ জুলাই : দেশৰ ৯ গৰাকী ৰাজ্যপালৰ কাৰ্যকাল শীঘ্ৰে সমাপ্ত হ'ব । যাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনে তেওঁলোকৰ স্থানত নতুন ৰাজ্যপাল নিযুক্তি দিছে । তাৰ ভিতৰত বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাক অন্তৰ্ভুক্ত কৰা হৈছে । উত্তৰ প্ৰদেশৰে দুগৰাকীকৈ জ্যেষ্ঠ নেতাক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । অসমৰো আছে এগৰাকী বিজেপি নেতা সেই তালিকাত ।

অসমত নতুন ৰাজ্যপাল নিযুক্তি :

জ্যেষ্ঠ বিজেপি নেতা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷ ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা নিৰ্দেশনা অনুসৰি আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে ৷ ইয়াৰ পূৰ্বে ছিকিমৰ ৰাজ্যপাল আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৷

বাৰাণসীৰ জ্যেষ্ঠ বিজেপি নেতা আছিল আচাৰ্য । সেই সময়ত বিজেপি নেতা হিচাপে বাৰাণসীত তেওঁৰ বিশেষ গুৰুত্ব আছিল । আনহাতে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷ তদুপৰি কাটাৰিয়াক চণ্ডিগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে ৷

কেইবাগৰাকী বিজেপি নেতাক ৰাজ্যপালৰ দায়িত্ব :

অসমৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ৰমেন ডেকা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আছিল । ৰমেন ডেকা বিজেপি দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদকো আছিল ।

লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপৰিও উত্তৰ প্ৰদেশ বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা আছে নতুনকৈ ঘোষণা কৰা ৰাজ্যপালৰ তালিকাত । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰেলীৰ ৮ বাৰৰ সাংসদ সন্তোষ গাংৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । বৰেলীৰ সাংসদ সন্তোষ গাংৱাৰক এইবাৰ লোকসভা নিৰ্বাচনত বৰেলীৰ পৰা দলটোৱে টিকট দিয়া নাছিল । তেতিয়াৰ পৰা অনুমান কৰা হৈছিল যে তেওঁক ৰাজ্যপালৰ দায়িত্ব দিয়া হ'ব ।

ইফালে মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ বিজেপি নেতা হৰিভাউ কিশানৰাও বাগড়েক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে মনোনীত কৰা হৈছে । ত্ৰিপুৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাকো ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে বৰ্মাক ।

একেদৰে ৰাজস্থানৰ ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা ওম প্ৰকাশ মাথুৰকো ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ স্থানত মাথুৰক ছিকিমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা চি এইছ বিজয়শংকৰকো ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । মেঘালয়ৰ নতুন ৰাজ্যপাল হ'ব বিজয়শংকৰ ।

উল্লেখ্য যে, ৯ গৰাকী ৰাজ্যপালৰ কাৰ্যকাল ২৯ জুলাইত সমাপ্ত হ'ব । সেই সকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলো আছে । অৱশ্যে, আনন্দীবেন পেটেলৰ স্থানত উত্তৰ প্ৰদেশৰ বাবে এতিয়ালৈকে কোনো নাম ঘোষণা কৰা হোৱা নাই । তেওঁৰ কাৰ্যকাল ৩ মাহলৈ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি - Punjab New Governor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.