ETV Bharat / bharat

প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ তথ্য লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক - Kolkata Doctor Rape murder

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 8:41 AM IST

Provide Situation Report Every 2 Hours : ক্ৰমাৎ জটিল হৈছে দেশৰ সামগ্ৰিক প্ৰান্তৰ পৰিস্থিতি ৷ যাৰ বাবে প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে পৰিস্থিতিৰ প্ৰতিবেদন প্ৰদান কৰিবলৈ সকলো ৰাজ্যৰ আৰক্ষী বাহিনীলৈ বাৰ্তা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷

Provide Situation Report Every 2 Hours
প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰ আইন-শৃংখলাৰ প্ৰতিবেদন লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক (ANI)

নিউজ ডেস্ক, ১৮ আগষ্ট : যিমানেই দিন পাৰ হৈছে, সিমানেই কলিকতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড ঘটনাৰ উত্তেজনা বৃদ্ধি পাইছে ৷ দেশত মাৰ যোৱা নাই প্ৰতিবাদৰ ঢৌ ৷ এতিয়াও জ্বলিয়েই আছে ক্ষোভৰ অগনি ৷

এইবোৰৰ মাজতে চৰকাৰী আৰ জি কাৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্যৰ আৰক্ষী বাহিনীক প্ৰতি দুঘণ্টাৰ মূৰে মূৰে পৰিস্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ ৰাজ্যৰ আৰক্ষী বাহিনীলৈ প্ৰেৰণ কৰা এক বাৰ্তাত গৃহ মন্ত্ৰণালয়ে কয় যে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে ।

শুকুৰবাৰে প্ৰেৰণ কৰা বাৰ্তাটোত কোৱা হৈছে, "এতিয়াৰ পৰা এই সন্দৰ্ভত অবিৰতভাৱে দুঘণ্টীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতিবেদন আজি ১৬০০ ঘণ্টাৰ পৰা ফেক্স/ ইমেইল/ হোৱাটছএপৰ জৰিয়তে এম এইচ এ কণ্ট্ৰ'ল ৰুম (নতুন দিল্লী)লৈ প্ৰেৰণ কৰিব পাৰি ।’’

লগতে পঢ়ক : নাৰীৰ সুৰক্ষাৰ বাবে পশ্চিমবংগত মুকলি ‘ৰাত্ৰিৰেৰ সাথী’ - Kolkata Doctor Rape murder

গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ আৰক্ষী বাহিনীক ফেক্স আৰু হোৱাটছএপ নম্বৰ আৰু ইমেইল আইডিও প্ৰদান কৰে, য’ত দুঘণ্টীয়া পৰিস্থিতিৰ প্ৰতিবেদন সকলোৱে প্ৰেৰণ কৰিব পাৰে ।

উল্লেখ্য যে, যোৱা ৯ আগষ্টত কলকাতাৰ চৰকাৰী আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ মহলাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । পিছদিনা এই অপৰাধৰ সৈতে জড়িত কলকাতা আৰক্ষীৰ এজন নাগৰিক স্বেচ্ছাসেৱকক গ্ৰেপ্তাৰ কৰা হয় । মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়ে এই গোচৰটো চিবিআইক অৰ্পণ কৰে ।

লগতে পঢ়ক : কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যা: ৪২ গৰাকী চিকিৎসকৰ বদলিৰ নিৰ্দেশ বাতিল - RG Kar Medical College incident

বুধবাৰে মাজ নিশাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদৰ সময়ত এদল লোকে চিকিৎসালয়খনৰ চৌহদত প্ৰৱেশ কৰি চিকিৎসালয়খনৰ কিছু অংশ ভাঙি পেলায় । ফলত ইয়াৰ কাম-কাজত প্ৰভাৱ পৰে ৷

আনহাতে এই ঘটনাৰ পাচতে দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসক আৰু অন্যান্য চিকিৎসা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তেওঁলোকে স্বাস্থ্যসেৱা কৰ্মীৰ বিৰুদ্ধে হিংসা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আইন প্ৰণয়নৰ বাবে হেঁচা প্ৰয়োগ কৰে ৷

লগতে পঢ়ক : প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.