ETV Bharat / bharat

বুলেট প্ৰুফ বাহন, Y পৰ্যায়ৰ নিৰাপত্তায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ছিদ্দিকীক; তদন্তত নামিব এনকাউণ্টাৰ স্পেচিয়েলিষ্ট দয়া নায়ক

Baba Siddique murder: বিজয় দশমীৰ শোভাযাত্ৰাৰ কোলাহলৰ সুযোগ লৈ হত্যা বাবা ছিদ্দিকীক । তিনিজন আক্ৰমণকাৰীয়ে ৰুমালেৰে মুখ ঢাকি চলাইছিল আক্ৰমণ ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:19 AM IST

Baba Siddique Shot dead
Baba Siddique murder (@BabaSiddique)

নিউজ ডেস্ক, 13 অক্টোবৰ: এন চি পিৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্ত কৰা আৰক্ষীৰ দলটোৱে জনোৱা মতে, তেওঁলোকে সংগ্ৰহ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি দুটা পিষ্টলৰ পৰা ছিদ্দিকীৰ ওপৰত মুঠ ছটা গুলী নিক্ষেপ কৰা হৈছিল । ইয়াৰে তিনিটা গুলীয়ে বাবা ছিদ্দিকীৰ বুকুত আঘাত কৰাৰ বিপৰীতে এটা গুলীয়ে গাড়ীত তেওঁৰ লগত থকা ব্যক্তিজনৰ ভৰিত আঘাত কৰে ।

বাবা ছিদ্দিকীৰ বাহনখন বুলেট প্ৰুফ হ’লেও গুলী গ্লাছ ভেদি সোমাই যায় । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আক্ৰমণকাৰীৰ হাতত নিশ্চয় অত্যাধুনিক পিষ্টল আছিল । বাবা ছিদ্দিকীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰা হয় । পাচত কাপোৰেৰে মুখ ঢাকি ৰখা আক্রমণকাৰী তিনিজন পলাই গৈ থকা অৱস্থাত একাংশ লোকে দুজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷

সম্প্ৰতি সেই স্থানত উপস্থিত হৈছে আৰক্ষীৰ ফৰেনছিক দল । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ কৰে । ঘটনাস্থলীত উদ্ধাৰ হোৱা পিষ্টলটো ১৩ টা গুলীৰ মেগজিন থকা ৯.৯ এম এম পিষ্টল বুলি জনাইছে আৰক্ষীয়ে । এই পিষ্টলটো অত্যাধুনিক বুলি আৰক্ষীৰ সূত্ৰই লগতে কয় । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বাবা ছিদ্দিকীৰ পুত্ৰ জীশানৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় ।

বিজয় দশমী উপলক্ষে বান্দ্ৰাৰ খেটৱাড়ী অঞ্চলৰ মাজেৰে শোভাযাত্ৰা পাৰ হৈ গৈছিল । গতিকে অঞ্চলটো বাদ্যযন্ত্ৰ আৰু ক্ৰেকাৰৰ শব্দৰে কোলাহলপূৰ্ণ হৈ আছিল । পোহৰলৈ আহিছে যে আক্রমণকাৰীয়ে ইয়াৰ সুযোগ লৈ বাবা ছিদ্দিকীক গুলীচালনা কৰে ৷ এই ঘটনাৰ পাচতে বাবা ছিদ্দিকীক লীলাৱতী হাস্পতাললৈ লৈ যোৱা হয় ৷ ইফালে তেওঁৰ সমৰ্থকসকলো লীলাৱতী চিকিৎসালয়ৰ বাহিৰত সমবেত হয় বুলি সূত্ৰই জানিবলৈ দিয়ে ।

সম্প্ৰতি মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । একাংশ আৰক্ষীৰ দলে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । সূত্ৰসমূহে আৰু জনোৱা মতে, পষেক পূৰ্বে বাবা ছিদ্দিকীে মৃত্যুৰ ভাবুকি লাভ কৰিছিল । ইয়াৰ পাচত তেওঁক আৰক্ষীয়ে Yকেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰে ।

সেই অনুসৰি বাবা ছিদ্দিকীৰ সৈতে এজন আৰক্ষী কনিষ্টবল নিয়োজিত আছিল । বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পাচত উত্তৰ-পশ্চিম মুম্বাইৰ খেতৱাড়ী জংচন এলেকাত আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে । বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা কৰা ঠাইত আৰক্ষীয়ে বেৰিকেড লগাইছে ।

জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব বুলি মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই । মুখ্যমন্ত্রী সিন্দেই এনকাউণ্টাৰ বিশেষজ্ঞ দয়া নায়কে এই ঘটনাৰ তদন্ত কৰিব বুলিও ঘোষণা কৰে ৷

তেওঁ কয়, "মুম্বাই আৰক্ষীক আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে চাব লাগে যাতে কোনেও আইন-শৃংখলা হাতত তুলি নলয় । গেং যুদ্ধ পুনৰ সজীৱ হ'ব নালাগে । এনে কাণ্ডত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

ইফালে এনচিপি-এছপিৰ সাংসদ সুপ্ৰিয়া চুলেই এক বিবৃতিত কয়, "চাঞ্চল্যকৰ খবৰ ! বাবা ছিদ্দিকী আৰু নাই । খবৰ অনুসৰি তেওঁক গুলীয়াই হত্যা কৰা হৈছে । শাসকীয় চৰকাৰী মিত্ৰজোঁটৰ এজন সদস্য যেতিয়া নিজৰ পুত্ৰৰ কাৰ্যালয়ত অসুৰক্ষিত আৰু হত্যা কৰা হয় তেতিয়া এইটো একেবাৰে গ্ৰহণযোগ্য নহয় । ই মুম্বাইত মহাৰাষ্ট্ৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে বহু কথাই স্পষ্ট কৰে !"

এন চি পি-এছ পিৰ বিধায়ক ৰোহিত পাৱাৰে কয়, "জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ গুলীচালনাত মৃত্যুৰ খবৰটো অতিশয় চাঞ্চল্যকৰ । ছিদ্দিকী পৰিয়ালৰ ওপৰত যি দুখৰ চাপ পৰিছে, তাৰ সমভাগী । আন্তৰিক শ্ৰদ্ধাঞ্জলি !"

শনিবাৰে কংগ্ৰেছে জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ বাবে মহাৰাষ্ট্ৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে আৰু এই ঘটনাৰ উপযুক্ত তদন্তৰ দাবী জনায় ।

অহা মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে এই চাঞ্চল্যকৰ ঘটনাৰ পাচত । এক্সত এটা পোষ্টত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে ছিদ্দিকীৰ কৰুণ মৃত্যুক বৰ্ণনা কৰাৰ কোনো ভাষা নাই । ‘‘তেওঁৰ শোকস্তব্ধ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমৰ্থকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।’’ তেওঁ কয় ৷

খাৰ্গেই আৰু কয়, ‘‘ন্যায় নিশ্চিত হ’ব লাগিব, আৰু বৰ্তমানৰ মহাৰাষ্ট্ৰ চৰকাৰে সম্পূৰ্ণ আৰু উপযুক্ত তদন্তৰ নিৰ্দেশ দিব লাগিব । দোষীৰ বিৰুদ্ধে অতি সোনকালে গোচৰ ৰুজু কৰিব লাগিব ।’’

এন চি পিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ ওপৰত শনিবাৰে নিশা বান্দ্ৰাৰ খেটৱাড়ী জংচনৰ ওচৰত আক্ৰমণ সংঘটিত হয় ৷ ষ্ট্ৰীট লাইট বন্ধ হৈ থকাৰ লগতে অঞ্চলটোত চি চি টিভি কেমেৰা নথকাৰ বাবে আন্ধাৰৰ মাজতে সংঘটিত হয় এই গুলীচালনা । (এজেন্সীৰ তথ্য অনুসৰি)

লগতে পঢ়ক: আততায়ীৰ গুলীয়ে বুকু ভেদিলে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত এইজন ৰাজনৈতিক নেতাৰ; হাস্পতালত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.