ETV Bharat / bharat

কেৰালা, জম্মু-কাশ্মীৰত আজি ঈদ-উল-ফিটৰ: দেশৰ বাকী অংশত ১১ এপ্ৰিলত হ’ব ঈদ - Eid 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 12:01 PM IST

Eid to be celebrated on April 11: চলিত বৰ্ষত ইছলামিক কেলেণ্ডাৰ অনুসৰি মাৰ্চ মাহৰ ১১ তাৰিখৰ পৰা ৯ এপ্ৰিল ৰমজান মাহ (Ramadan Month) পালন কৰা হৈছে ৷ ইয়াৰ পিছত শ্বাৱাল মাহৰ প্ৰথম দিনটো তথা ১০ এপ্ৰিলত ঈদ-উল-ফিটৰ উদযাপন কৰা হ’ব কোৱা হৈছিল যদিও আজি চন্দ্ৰ দৃশ্যমান নোহোৱাৰ বাবে ভাৰতৰ কেইবাখনো ৰাজ্যত 11 এপ্ৰিলত ঈদ উদযাপন কৰা হ’ব ৷

Eid to be celebrated on April 11
দৃশ্যমান নহ’ল চন্দ্ৰ, 11 এপ্ৰিলত উদযাপন কৰা হ’ব ঈদ

নিউজ ডেস্ক, ১০ এপ্ৰিল :ঈদ-উল-ফিটৰ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ । ইয়াক ঈদ বা ৰমজান ঈদ বুলি কোৱা হয় । ঈদ-উল-ফিটৰে পবিত্ৰ ৰমজান মাহৰ সমাপ্তি চিহ্নিত কৰে । ৰমজানত, মুছলমান সমাজৰ লোকসকলে উপবাস ৰাখে আৰু পবিত্ৰ কোৰাণ পঢ়ে। চলিত বৰ্ষত ইছলামিক কেলেণ্ডাৰ অনুসৰি মাৰ্চ মাহৰ ১১ তাৰিখৰ পৰা ৯ এপ্ৰিল ৰমজান মাহ পালন কৰা হয় ।

ৰীতি অনুসৰি ৰমজান মাহ শেষ হোৱাৰ পিচতেই শ্বাৱাল মাহৰ প্ৰথম দিনটোত ঈদ-উল-ফিটৰ উদযাপন কৰা হয় । এইবাৰ ১০ এপ্ৰিলত ভাৰতত ঈদ উদযাপন কৰাৰ সম্ভাৱনা আছিল যদিও চন্দ্ৰ দৃশ্যমান নোহোৱাৰ ফলত ভাৰতৰ কেইবাখনো ৰাজ্যত ঈদ ১১ এপ্ৰিলত উদযাপন কৰা হ’ব ৷ ইফালে কেৰালা আৰু জম্মু-কাশ্মীৰত অৰ্ধ চন্দ্ৰ দৃশ্যমান হোৱাৰ বাবে আজিয়েই পালন কৰিছে ঈদ ৷

এই বৰ্ষত চৌদি আৰৱ, আমেৰিকা, ব্ৰিটেইন, কানাডা আদিৰ লোকসকলে ১১ মাৰ্চৰ পৰা উপবাস আৰম্ভ কৰিছিল । ৰমজান হৈছে ইছলামিক বৰ্ষপঞ্জীৰ নৱম মাহ। এই মাহত ২৯ বা ৩০ দিন থাকে । আনকি এই বছৰৰ ৰমজানৰ ২৯ দিন সম্পূৰ্ণ হোৱাৰ পাচতো এই দেশসমূহত ৯ এপ্ৰিলত ঈদৰ চন্দ্ৰ দেখা পোৱা নাছিল । গতিকে এইবাৰ ৰমজান মাহটো ৩০ দিনৰ হয় ।

সেয়েহে ২০২৪ চনৰ ১২ মাৰ্চৰ পৰা ভাৰতত উপবাস আৰম্ভ কৰা হৈছিল । সেই অনুসৰি, ১০ এপ্ৰিলত ভাৰতত ঈদ-উল-ফিটৰৰ চন্দ্ৰ দেখা যাব লাগে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ দুই স্থানক বাদ দি ১১ এপ্ৰিলত ঈদ-উল-ফিটৰ উৎসৱ উদযাপন কৰা হ'ব ।

জামা মছজিদৰ শ্বাহি ইমাম চৈয়দ আহমেদ বুখাৰীয়ে মছজিদৰ পৰা ঘোষণা কৰিছে যে, আজি চৌদি আৰৱ, আমেৰিকা, ব্ৰিটেইন, কানাডা আদিত চন্দ্ৰ দেখা পোৱা নাই । সেয়েহে, ভাৰতৰ কেইবাখনো ৰাজ্যত ১১ এপ্ৰিলত ঈদ-উল-ফিটৰ উদযাপন কৰা হ'ব । আজি ভাৰতৰ সকলো ৰাজ্যৰ লোকৰ সৈতে কথা পাতি তথ্য সংগ্ৰহ কৰা হৈছে যে চন্দ্ৰ ক'তো দৃশ্যমান হোৱা নাই । ইয়াৰ ভিতৰত আছে উত্তৰ প্ৰদেশ, তেলেংগানা, হায়দৰাবাদ, মধ্য প্ৰদেশ, পশ্চিম বংগ, কৰ্ণাটক, বিহাৰ আৰু মহাৰাষ্ট্ৰ ।

ঈদ উপলক্ষে আজি জামা মছজিদৰ সমীপৰ বজাৰত মানুহৰ ভিৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ঈদ-উল-ফিটৰত জামা মছজিদত জনসাধাৰণৰ বৃহৎ সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰিছে।

লগতে পঢ়ক: Eid ul Adha 2023: ৰাজ্যজুৰি পালন কৰা হৈছে পবিত্ৰ ঈদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.