ETV Bharat / bharat

কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণ; ৰাষ্ট্ৰপতিয়ে ক’লে কাপুৰুষালি; পাকিস্তানক সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ আহ্বান ফাৰুক আব্দুল্লাৰ - Kathua terror attack

author img

By ANI

Published : Jul 9, 2024, 1:52 PM IST

Farooq Abdullah React on Kathua Attack : "সন্ত্ৰাসবাদ বন্ধ হ'লেহে আলোচনা হ'ব । আমিও আলোচনাৰ পক্ষপাতী । দুয়োটা (আলোচনা আৰু সন্ত্ৰাসবাদ) একেলগে যাব নোৱাৰে... পাকিস্তানে সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ পদক্ষেপ লোৱা উচিত ।" নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই কৰিছে এই মন্তব্য ।

Farooq Abdullah React on Kathua Attack
Kathua Attack (ANI Photo)

নিউজ ডেস্ক, ৯ জুলাই : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই পাকিস্তানক সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ দ্বাৰা ভাৰত ভূমিত কোনো পৰিৱৰ্তন আনিব নোৱাৰে । "সন্ত্ৰাসবাদে কাকো সহায় নকৰে । যদি আমাৰ চুবুৰীয়াই (পাকিস্তান) ভাবে যে তেওঁলোকে এই সন্ত্ৰাসবাদীসকলক সীমান্ত পাৰ কৰি পঠিয়াই পৰিৱৰ্তন আনিব, তেন্তে এনে কেতিয়াও নহ'ব ।" ফাৰুক আব্দুল্লাই এএনআইক কয় ।

নেচনেল কনফাৰেন্সৰ মুৰব্বীগৰাকীয়ে লগতে কয়, "আজি পাঁচগৰাকী সেনা জোৱানে প্ৰাণ আহুতি দিছে আৰু আন পাঁচগৰাকী গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এনে অৱস্থাত সীমান্তৰ পৰিস্থিতি কেনেদৰে সলনি হ'ব ?"

উল্লেখ্য, কঠুৱাত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সোমবাৰে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত পাঁচগৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে আৰু প্ৰায় পাঁচগৰাকী আহত হয় । এই সন্দৰ্ভত পাকিস্তানক তীব্ৰ সমালোচনা কৰি ফাৰুকে কয়, "... দেশখন ইতিমধ্যে এক বিশৃংখল অৱস্থাত আছে । ইয়াৰ দ্বাৰা সৃষ্টি হ'বলগা যুদ্ধ দুয়োখন দেশৰ বাবে কেৱল ধ্বংসৰ কাৰণ হ'ব । অনুগ্ৰহ কৰি এই সন্ত্ৰাসবাদ বন্ধ কৰক । ইয়াক বিশ্বৰ সৰ্বত্ৰে গৰিহণা দিয়া হৈছে ।"

তেওঁ লগতে উল্লেখ কৰে যে আজি বিশ্বৰ কোনো দেশৰ দ্বাৰা সন্ত্ৰাসবাদক ক্ষমা কৰা হোৱা নাই । "আজি বিশ্বৰ কোনো দেশেই সন্ত্ৰাসবাদক মানি ল'বলৈ সাজু নহয় । সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতি আছে । তেওঁলোকে (পাকিস্তানে) সন্ত্ৰাসবাদত লিপ্ত হৈ কি পাব ? কেৱল প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালহে আজি শোকত পৰিব ।" নেচনেল কনফাৰেন্সৰ নেতাগৰাকীয়ে কয় ।

আনহাতে, দুয়োখন দেশৰ মাজত আলোচনা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "সন্ত্ৰাসবাদ বন্ধ হ'লেহে আলোচনা হ'ব । আমিও আলোচনাৰ পক্ষপাতী । দুয়োটা বস্তু (আলোচনা আৰু সন্ত্ৰাসবাদ) একেলগে যাব নোৱাৰে... পাকিস্তানে সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ পদক্ষেপ লোৱা উচিত ।"

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও কঠুৱাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । "জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সন্ত্ৰাসবাদীয়ে সেনা জোৱানৰ কনভয়ত কৰা আক্ৰমণ এক কাপুৰুষোচিত কাৰ্য । ই গৰিহণা আৰু দৃঢ় প্ৰত্যুত্তৰৰ যোগ্য । সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা এই যুদ্ধত প্ৰাণ দিয়া সাহসী বীৰসকলৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা । মই আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।" ৰাষ্ট্ৰপতিয়ে এক্সৰ এটা পোষ্টত লিখিছে ।

উল্লেখ্য, বিগত ৯ জুনৰ পৰা ৰিয়াচি, কঠুৱা আৰু ডোডাৰ চাৰিটা স্থানত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে । এই আক্ৰমণত ৯ জন তীৰ্থযাত্ৰী আৰু এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) জোৱান নিহত হৈছে । এজন অসামৰিক আৰু কমেও সাতজন সুৰক্ষা কৰ্মীও আহত হৈছে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সকলো নিৰাপত্তা সংস্থাক মিছন মোডত কাম কৰিবলৈ আৰু সমন্বিতভাৱে দ্ৰুত সঁহাৰি নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ কঠুৱাত সন্ত্ৰাসবাদীৰ এম্বুছ : ৫ সেনা জোৱান নিহত, আহত আন ৫ জন - Terrorists Attack on Army Convoy
লগতে পঢ়ক :ভাৰতীয় সেনা আৰু থাই সেনাৰ যুটীয়া সামৰিক অনুশীলন - MAITREE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.