ETV Bharat / bharat

জেডিইউয়ে লাভ কৰিছিল ১০ কোটিৰ বেনামী নিৰ্বাচনী বণ্ড - Election commission of india

JDU Gets Anonymous Electoral Bond : বিৰোধীয়ে ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচনী বণ্ডক লৈ আক্ৰমণত ব্যস্ত হৈ আছে । একে সময়তে, নিৰ্বাচনী বণ্ডৰ পৰা জেডিইউয়ে লাভ কৰা অনুদানৰ সংখ্যা প্ৰকাশ কৰা হৈছে । জেডিইউয়ে এই বণ্ডৰ পৰা 24.4 কোটি অনুদান লাভ কৰিছে । কিন্তু আচৰিত হ'ব যে ইয়াৰে 10 কোটিৰ নিৰ্বাচনী বণ্ড বেনামী ।

জেডিইউয়ে লাভ কৰিছিল ১০ কোটিৰ বেনামী নিৰ্বাচনী বণ্ড

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 1:14 PM IST

নিউজ ডেস্ক, ১৮ মাৰ্চ : দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এটা আদেশ আৰু পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগৰ পদক্ষেপৰ পিচৰে পৰা এতিয়া সমগ্ৰ দেশৰ ৰাজনীতি গৰম হৈ আছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত নিৰ্বাচনী বণ্ডৰ তালিকা প্ৰকাশ কৰা হৈছে । এতিয়া ইয়াৰ দ্বাৰা কোনে কিমান অনুদান লাভ কৰিছে সেই বিষয়ে তথ্য পোৱাৰ পিছত, বিৰোধীয়ে শাসকীয় বিজেপিক নিৰন্তৰ আক্ৰমণ কৰি আছে । একে সময়তে জেডিইউয়ে নিৰ্বাচন আয়োগক দিয়া তথ্যত কোৱা হৈছে যে 2019 চনত তেওঁলোকৰ কাৰ্যালয়ত 10 কোটি টকাৰ এক বেনামী নিৰ্বাচনী বণ্ড কোনোৱে ৰাখি থৈ গৈছিল আৰু পিছত দলটোৱে সেয়া ব্যৱহাৰ কৰে ।

এই সন্দৰ্ভত জেডিইউয়ে নিৰ্বাচন আয়োগক কয় যে 2019 চনৰ 3 এপ্ৰিলত পাটনাৰ জেডিইউ কাৰ্যালয়লৈ 10 কোটি টকাৰ নিৰ্বাচনী বণ্ড আহে । অৱশ্যে কোনে ইয়াক দান কৰিছিল সেই বিষয়ে দলটোৰ ওচৰত কোনো তথ্য নাই । জেডিইউৰ দ্বাৰা লাভ কৰা বেছিভাগ নিৰ্বাচনী বণ্ড হায়দৰাবাদ আৰু কলকাতাৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ শাখাৰ পৰা জাৰি কৰা হৈছিল । অৱশ্যে পাটনাৰ এছবিআই শাখাৰ পৰাও কিছু বণ্ড জাৰি কৰা হৈছিল ।

আনহাতে, নিৰ্বাচন আয়োগক দিয়া শপতনামাত জেডিইউয়ে কয় যে কোনোবাই ২০১৯ চনৰ ৩ এপ্ৰিলত পাটনাত থকা তেওঁলোকৰ কাৰ্যালয়লৈ আহে আৰু এটা বন্ধ খাম দিয়ে । পিচত যেতিয়া ইয়াক খোলা হয়, তাৰ ভিতৰত 1 কোটি টকাৰ 10 টা নিৰ্বাচনী বণ্ড পোৱা গৈছিল । ইয়াৰ পিচত 2019 চনৰ 10 এপ্ৰিলত জেডিইউয়ে পাটনাৰ মুখ্য এছবিআই শাখাত 10 কোটিৰ বণ্ড জমা কৰে । অৱশ্যে দাতাৰ বিষয়ে তথ্য বিচৰাৰ ক্ষেত্ৰত জেডিইউয়ে কৈছিল যে তেওঁলোকে সেয়া প্ৰদান কৰিবলৈ অক্ষম ।

উল্লেখ্য, জেডিইউয়ে নিৰ্বাচন আয়োগক দিয়া তথ্যত এইটো কোৱা হৈছে যে জেডিইউয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে মুঠ 24.4 কোটি অনুদান লাভ কৰিছে । নিৰ্বাচন আয়োগক কোৱা হৈছিল যে তেওঁলোকে ভাৰতী এয়াৰটেল আৰু শ্ৰী চিমেণ্টৰ পৰা ১ কোটি আৰু ২ কোটি টকাৰ নিৰ্বাচনী বণ্ড লাভ কৰিছে। জেডিইউয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে মুঠ ২৪.৪ কোটি টকাৰ অনুদান লাভৰ কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :নিৰ্বাচনী বণ্ডৰ নতুন তথ্য প্ৰকাশ, বিজেপিয়ে লাভ কৰিছে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.