ETV Bharat / bharat

দ্বিপাক্ষিক সম্পৰ্ক বিষয়ত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীৰে জয়শংকৰৰ আলোচনা - External Affairs Minister

author img

By ANI

Published : Jul 20, 2024, 7:36 AM IST

Jaishankar Talks With Ukrainian Counterpart : ইয়াৰ পূৰ্বে মাৰ্চ মাহত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীগৰাকী জয়শংকৰৰ আমন্ত্ৰণত দুদিনীয়া চৰকাৰী ভ্ৰমণৰ বাবে ভাৰতলৈ আহিছিল । তেওঁৰ ভ্ৰমণকালত কুলেবায়ে জয়শংকৰৰ সৈতে এক বৈঠকত মিলিত হয় আৰু চলিত ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ 'শান্তিপূৰ্ণ মীমাংসা' লাভ কৰাৰ প্ৰচেষ্টাকে ধৰি আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

Jaishankar Talks With Ukrainian Counterpart
ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীৰ সৈতে জয়শংকৰ (ANI Photo)

নিউজ ডেস্ক, ২০ জুলাই : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমিট্ৰো কুলেবাৰ সৈতে ফোনযোগে এক আলোচনা কৰে । উক্ত আলোচনাত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক বিকাশৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰে । কুলেবাৰ সৈতে তেওঁৰ টেলিফোনিক কথোপকথন সন্দৰ্ভত এক্সত শ্বেয়াৰ কৰি জয়শংকৰে কয়, "আজি আবেলি ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমিট্ৰো কুলেবাৰ সৈতে এক ভাল বাৰ্তালাপ । আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক বিকাশৰ বিষয়ে আলোচনা হয় ।"

আনহাতে, ডিমিট্ৰো কুলেবায়ো জয়শংকৰৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে পোষ্ট কৰি চলিত বছৰৰ আৰম্ভণিতে তেওঁৰ নতুন দিল্লী ভ্ৰমণৰ কথা স্মৰণ কৰে । এক্সত কুলেবাই কয়, "এই বছৰৰ আৰম্ভণিতে মোৰ নতুন দিল্লী ভ্ৰমণ আৰু ইটালীত ৰাষ্ট্ৰপতি জেলেনস্কি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা বৈঠকৰ বিষয়ে মই মোৰ ভাৰতীয় সমকক্ষ ড৹ জয়শংকৰৰ সৈতে ইউক্ৰেইন-ভাৰত দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বিকাশৰ বিষয়ে কথা পাতোঁ ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে মাৰ্চ মাহত কুলেবা বিদেশ মন্ত্ৰী জয়শংকৰৰ আমন্ত্ৰণত দুদিনীয়া চৰকাৰী ভ্ৰমণৰ বাবে ভাৰতলৈ আহিছিল । তেওঁৰ ভ্ৰমণকালত কুলেবায়ে জয়শংকৰৰ সৈতে এক বৈঠকত মিলিত হয় আৰু চলিত ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ 'শান্তিপূৰ্ণ মীমাংসা' লাভ কৰাৰ প্ৰচেষ্টাকে ধৰি আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰত এই কথা প্ৰকাশ ।

আনহাতে, চলিত বৰ্ষৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনত চলি থকা শত্ৰুতাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ৷ বৈদেশিক মন্ত্ৰণালয়ৰ বিজ্ঞপ্তি অনুসৰি, দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু ইউক্ৰেইনৰ পৰিস্থিতি সমাধানৰ লক্ষ্যৰে এক গঠনমূলক আলোচনাত নেতাসকল মিলিত হয় ।

এক প্ৰেছ বিজ্ঞপ্তিত বৈদেশিক মন্ত্ৰণালয়ে কয়, "প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানত উদগনি দিয়াটো অব্যাহত ৰাখিছে । তেওঁ পুনৰ কয় যে ভাৰতে শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনৰ বাবে নিজৰ সামৰ্থ্যৰ ভিতৰত সকলো কৰি থাকিব । দুয়োগৰাকী নেতাই যোগাযোগত থাকিবলৈ সন্মত হয় ।"

লগতে পঢ়ক :গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ - Israel Gaza conflict
লগতে পঢ়ক :২৮ জুলাইত সম্প্ৰচাৰিত হ'ব প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান - Mann Ki Baat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.