'উত্তৰ ৰামায়ণ' বা 'উত্তৰকাণ্ড' মহাকাব্যৰ এক প্ৰকৃত অংশ ? মহৰ্ষি বাল্মিকীয়ে প্ৰকৃততে ইয়াৰ ৰচনা কৰিছিলনে ? পণ্ডিতসকলে বহু শতাব্দী ধৰি এই প্ৰশ্নটোৰ ওপৰত গৱেষণা আৰু বিতৰ্ক কৰি আহিছে । সীতা আৰু দুই ৰাজকুমাৰ লৱ আৰু কুশৰ আৱেগপূৰ্ণ আত্মত্যাগৰ কথা আকৰ্ষণীয় কাহিনীৰ দ্বাৰা উপস্থাপন এই কাণ্ডৰ জনপ্ৰিয়তাৰ এক অন্যতম কাৰণ ।
অৱশ্যে, এই প্ৰশ্নটো সমাধান কৰাত আমাক সহায় কৰা বাবে কিছুমান সূত্ৰ আছে নেকি ? আহক আমি এই বিতৰ্কিত বিষয়টোৰ বিষয়ে অনুসন্ধান কৰোঁ আহক ।
- ‘মন্দাৰামু’ৰ যুক্তিসমূহ :
‘মন্দাৰামু’ (এটা কল্পবৃক্ষ বা সকলো ইচ্ছাপূৰণ কৰা এক গছ) শীৰ্ষক ৰামায়ণৰ ওপৰত কৰা তেওঁৰ প্ৰাথমিক গৱেষণামূলক কৰ্মত, বাসুদাচা স্বামীয়ে দাবী কৰে যে উত্তৰাকাণ্ড, ৰামায়ণৰ এক প্ৰামাণিক অংশ আৰু তেওঁ নিজৰ দাবীৰ সপক্ষে 10 টা যুক্তি উপস্থাপন কৰে । নিম্নলিখিত তিনিটা আটাইতকৈ শক্তিশালী পৰিলক্ষিত হয় ।
পবিত্ৰ গায়ত্ৰী মন্ত্ৰত 24 টা বৰ্ণ আছে । ঋষিয়ে 24,000 পদৰ সৈতে ৰামায়ণ ৰচনা কৰিছিল আৰু লক্ষণীয়ভাৱে মন্ত্ৰৰ প্ৰতিটো ক্ৰমাগত আখৰক একহাজাৰ শ্লোকৰ প্ৰতিটো পদৰ আৰম্ভণি আখৰ হিচাপে ব্যৱহাৰ কৰিছিল । উত্তৰাকাণ্ড অবিহনে ৰামায়ণৰ পদৰ সংখ্যা নিৰ্ধাৰিত কৈ 24,000 কম হয় ।
বালকাণ্ডৰ শ্লোক 1.1.91 ৰ মতে ঋষি নাৰদে ৰাম ৰাজ্যৰ বৰ্ণনাত এই কথাও উল্লেখ কৰিছে “ন পুত্ৰম কিঞিদ্ দ্ৰক্ষয়ন্তি পুৰষ’’ (পিতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যু দেখা নাপাব) ৷ এইটো উত্তৰকাণ্ড দ্বাৰা প্ৰমাণিত হৈছে ।
বালকাণ্ডৰ শ্লোক 1.3.38 ত ‘‘বৈদেহশচ্য বিসৰ্জনম’’ (সীতাৰ ত্যাগ) বাক্যাংশ অন্তৰ্ভুক্ত আছে, যিয়ে উত্তৰাকাণ্ডৰ সংশ্লিষ্ট খণ্ডটোৰ সৈতে যোগসূত্ৰ স্থাপন কৰা পৰিলক্ষিত হয় ।
মহাকাব্যৰ আন অংশত উল্লেখিত প্ৰমাণ ব্যৱহাৰ কৰি ওপৰোক্ত তৰ্কবোৰ বিশ্লেষণ কৰোঁ আহক ।
- গায়ত্ৰী মন্ত্ৰ সংযোগ :
যুক্তিৰ খাতিৰত আমি ধৰি লওঁ যে, ঋষি বাল্মিকীয়ে গায়ত্ৰী মন্ত্ৰৰ 24 টা বৰ্ণক কেন্দ্ৰ কৰি মহাকাব্যটিৰ 24,000 পদ ৰচনা কৰিছিল । এইটো আচলতে এনেকুৱা এক প্ৰকাৰৰ এটা কৃতিত্ব যি ক’ৰ’বাত উল্লেখিত বা দাবী হোৱাৰ যোগ্য । অৱশ্যে, ঋষি বাল্মিকীয়ে কেতিয়াও এনে সম্পৰ্ক একো কোৱা নাছিল বা ইংগিত দিয়া নাছিল - না লিখিত বা আন কোনো ৰূপত ৷
ইয়াৰ উপৰিও, কেইবাজনো পণ্ডিতে মতপোষণ কৰে যে সময়ৰ লগে লগে ৰাময়ণৰ মূল লিখনিত বহুতো অধ্যায় সংযোজন কৰা হৈছে । সেইসমূহ কৰ্তন কৰিলে মহাকাব্যখন ২৪,০০০ তকৈও কম শ্লোকেৰে সৈতে গঠিত হ'ব । কেৱল এইটো কথাই মহাকাব্যৰ শ্লোকৰ সংখ্যা আৰু গায়ত্ৰী মন্ত্ৰৰ আখৰবোৰৰ মাজত উল্লেখিত যোগসূত্ৰক প্ৰত্যক্ষভাৱে বিছিন্ন কৰি পেলায় ।
- ৰাম ৰাজ্যৰ বৰ্ণনা :
বালকাণ্ড শ্লোক 1.1.90 ৰ পৰা 1.1.97 ত ঋষি নাৰদৰ বৰ্ণনা কৰা অনুসৰি ৰাম ৰাজ্যৰ এক চমু বৰ্ণনা উল্লেখ আছে । বিশেষকৈ 1.1.91 ৰ পিছৰ শ্লোকবোৰে ভৱিষ্যতকালৰ বৰ্ণনা কৰে ৷ যুদ্ধকাণ্ডৰ শেষৰ ফালে লিখিত শ্লোক 6.128.95 ৰ পৰা 6.128.106 লৈ একে ধৰণৰ চিত্ৰ দেখা যায় । এই অংশটোৱে একেখিনি বৰ্ণনাক পুনৰাবৃত্তি কৰিবলৈ এটা পৃথক কাণ্ডৰ প্ৰয়োজনীয়তাক নস্যাৎ কৰে ।
বাসুদাচা স্বামীয়ে যুক্তি দিছে যে শ্লোক 1.1.91 (পিতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যু দেখা নাপাব) ৰ বিবৃতিয়ে উত্তৰাকাণ্ডৰ সৰ্গ 73 ৰ পৰা 76 লৈ উল্লেখিত এজন ব্ৰাহ্মণ ল’ৰাৰ মৃত্যুৰ কাহিনীক সূচাইছে । শ্লোক 1.1.91 এ দাবী কৰে যে এনে ঘটনা কেতিয়াও ৰাম ৰাজ্যত সংঘটিত হোৱা নাছিল । এনে মৃত্যুৰ প্ৰকৃত ঘটনাৰ আঁৰত শাম্বুকাৰ বৰ্ণ ব্যৱস্থাৰ কথিত উলংঘনৰ বিষয়ে বিচাৰি পোৱা যায় আৰু ‘ধৰ্ম’ পুনসংস্থাপনৰ জৰিয়তে মৃত ল’ৰাৰ পুনৰুত্থানে এই ক্ষেত্ৰত উত্তৰ দিয়াতকৈ অধিক প্ৰশ্নৰ হে অৱতাৰণা কৰে ।
এই ঘটনাটো এটা পৰিৱৰ্তনশীল সামাজিক নৈতিকতাৰ সৃষ্টিশীল সঁহাৰি হিচাপে আহিছে, যিটো ঋষি বাল্মিকীৰ মূল কবিতাটো ৰচনা কৰাৰ কেইবা শতিকাৰ পিছতহে ঘটিছিল ।
- সীতাৰ ত্যাগৰ কথা উল্লেখ সম্পৰ্কে অবিশ্বাস্যতা :
প্ৰথমতে, শ্লোক 1.3.10 ৰ পৰা 1.3.38 লৈ পুনৰ ৰামায়ণৰ সংক্ষিপ্ত বৰ্ণনা পোৱা যায়, যিখিনি ঋষি নাৰদে শ্লোক সংখ্যা 1.1.19 ৰ পৰা 1.1.89 লৈ বাখ্যা কৰিছে । সেইবোৰৰ শ্ৰেয় ভগৱান ব্ৰহ্মাক দিয়া হৈছে ৷ এনে পুনৰোক্তিক বক্তৃতাৰ ক্ষেত্ৰত এক ভাল গুণ বুলি গণ্য কৰা হয়, কিন্তু লিখিত সাহিত্য কৰ্মৰ ক্ষেত্ৰত দোষ বুলি ভৱা হয়। ঋষি বাল্মিকীক এনে ধৰণৰ মৌলিক উলংঘনৰ বাবে দায়ী প্ৰতিপন্ন কৰাটো তেওঁৰ কাব্যিক প্ৰতিভাৰ প্ৰতি এক অপমান ।
দ্বিতীয়তে, উক্ত 1.3.10-1.3.38 শ্লোকবোৰ আঁতৰালে বৰ্ণনাত ধাৰাবাহিকতা লোপ নাপায় ! এইটোৱে এই ধাৰণাটোক গুৰুত্বপূৰ্ণ যুক্তি দিয়ে যে সেইবোৰ পিছৰ সংযোজন আছিল ।
তৃতীয়তে, "বৈদেহশচ্য বিসৰ্জনম" বাক্যাংশটোৱে ঋষি নাৰদৰ সংক্ষিপ্ত ৰামায়ণৰ আবৃত্তিত স্থান পোৱা নাই ৷ কিন্তু আশ্চৰ্যকৰভাৱে কিবা প্ৰকাৰে ভগৱান ব্ৰহ্মাৰ বহুত চুটি পুনৰাবৃত্তিত স্থান পায় ৷ তদুপৰি, উত্তৰ কাণ্ডৰ আন কোনো কাহিনীত এই বিষয়ত উল্লেখ নাই।
ওপৰোক্ত সকলো কথাবোৰে স্পষ্টভাৱে প্ৰতিপন্ন কৰে যে শ্লোক সংখ্যা 1.3.10-1.3.38 পিছলৈ সংযোজন কৰা হৈছিল, যাৰ জৰিয়তে মূলত উত্তৰ কাণ্ডক বৈধতা প্ৰদান কৰাৰ বাবে স্পষ্টভাৱে আহ্বান জনোৱা হৈছিল ।
- চিন্তনীয় আন কেইটামান বিষয় :
বাসুদাচা স্বামীৰ আগবঢ়োৱা যুক্তিবোৰৰ দৃঢ়তাহীনতাৰ উপৰিও, আমি আন কেইবাটাও বিষয়ৰ সন্মুখীন হৈছো যিয়ে সূচায় যে উত্তৰাকাণ্ড ঋষি বাল্মিকীৰ মহাকাব্যৰ মূল সংস্কৰণৰ অংশ নাছিল ।
- কাহিনীৰ সমাপ্তি :
ঋষি নাৰদৰ দ্বাৰা বৰ্ণনা কৰা সংক্ষিপ্ত ৰামায়ণৰ পিছত, বালকাণ্ডৰ শ্লোক 1.4.1 এ কয় যে ৰামৰ তেওঁৰ ৰাজ্য পুনৰ লাভৰ কাহিনী, (প্ৰাপ্তৰাজ্যস্য ৰামস্য), এক সুন্দৰভাৱে আৰু এক শক্তিশালী বাৰ্তাৰে বৰ্ণনা কৰা হৈছিল ।
একেদৰে, শ্লোক 1.4.7-ত কোৱা হৈছে যে ঋষি বাল্মিকীয়ে মহাকাব্যখনৰ বাবে তিনিটা নাম মনস্থ কৰিছিল : ‘ৰামায়ণম’ (ৰামৰ পথ), "সীতাস্কৰিতম মহত" (সীতাৰ মহান কাহিনী) আৰু "পলস্ত্য বধ" (ৰাৱণ বধ)
যদি এটা সম্পূৰ্ণ কাণ্ড - তাকো উত্তৰ কাণ্ডৰ দৰে বৃহৎ আৰু বৈষম্যপূৰ্ণ কিবা এটা - যুদ্ধকাণ্ডৰ পিছত লিখা হৈছিল, ঋষি বাল্মিকীয়ে ৰাৱণ হত্যাক মহাকাব্যৰ এটা শিৰোনাম হিচাপে বাছনি নকৰিলেহেঁতেন। কাহিনীটো ৰামৰ ৰাজ অভিষকৰ সৈতে সমাপ্ত নহ'লে এই শিৰোনামবোৰ ইটো সিটোৰ সৈতে অসামঞ্জস্যপূৰ্ণ হৈ পৰে।
- কিমানটা কাণ্ড ?
শ্লোক 1.4.2 (বালকাণ্ড) ই স্পষ্টকৈ কয় যে ঋষিয়ে ৰামায়ণ 6 টা কাণ্ডত (“ষট কাণ্ডনি”) ৰচনা কৰিছিল ৷ তদুপৰি, ই কয় যে সৰ্গৰ সংখ্যা প্ৰায় 500 (সৰ্গা শতন পঞ্চ)।
আনহাতে, উত্তৰ কাণ্ডক ৰামায়ণৰ এক অবিচ্ছেদ্য অংশ বুলি বিবেচনা কৰিলে ওপৰোক্ত কথাবোৰক প্ৰত্যাহ্বান জনাব: কাণ্ডৰ সংখ্যা 7 হ'ব, আনহাতে সৰ্গৰ সংখ্যা প্ৰায় 650-ৰ ওচৰ পাব ।
- ফলশ্ৰুতি
পুৰণি কালৰ যিকোনো সাহিত্যকৰ্মত এটা সৰু অংশ থাকে, যিয়ে শেষত সেইখিনি কৰ্মৰাজীক পঢ়া বা শুনাৰ লাভালাভবোৰ দাঙি ধৰে । এইটো এটা আৰ্হি যিটো অতি কঠোৰভাৱে পালন কৰা হৈছিল ।
বালকাণ্ডৰ শ্লোক 1.1.90 ৰ পৰা 1.1.97 ত ৰাম ৰাজ্যৰ বৰ্ণনা পোৱা যায়। তাৰ ঠিক পিছতে, আমি শ্লোক 1.1.98 ৰ পৰা 1.1.100 লৈ আমি ফলশ্ৰতি দেখিবলৈ পাওঁ ৷ একেদৰে যুদ্ধ কাণ্ডত শ্লোক 6.128.106 ৰ পৰা 6.128.106 লৈ 10,000 বছৰ ধৰি চলা ৰাম ৰাজ্যৰ বৰ্ণনা পোৱা যায় (দশ বৰ্ষ সহস্ৰানি ৰামো ৰাজ্যমকৰায়াত) ৷ ইয়াৰ পিছত, শ্লোক 6.128.107 ৰ পৰা 6.128.125 লৈ ফলশ্ৰুতি যথেষ্ট বিতংভাৱে বাখ্যা কৰা হৈছে ।
যদি ঋষি বাল্মীকিয়ে ৰামায়ণক 7 কাণ্ডৰ মহাকাব্য হিচাপে ধাৰণা কৰিছিল, তেন্তে তেওঁ কেতিয়াও ষষ্ঠকাণ্ডৰ শেষত, যাক যুদ্ধকাণ্ড বুলি কোৱা হয়, এক বিস্তৃত ফলশ্ৰুতিৰ সৈতে একেলগে ৰাম ৰাজ্যৰ (ভৱিষ্যতকালৰ) বৰ্ণনা প্ৰদান নকৰিলেহেঁতেন ৷
- এজন দূতক হত্যা কৰা
উত্তৰকাণ্ড 13.39 ত কোৱা হৈছে যে ক্ৰোধিত ৰাৱণে তেওঁৰ সম্পৰ্কীয় ভাতৃ কুবেৰে প্ৰেৰণ কৰা দূতজনক হত্যা কৰিছিল (দুতম খাডগেনা জগ্নিৱাণ)। এই ঘটনা সেই সময়ৰ যেতিয়া ৰাৱণে দেৱতাসকলৰ সৈতে প্ৰাৰম্ভিক অৱস্থাত যুদ্ধ চলাই আছিল ।
কালানুক্ৰমিকভাৱে বহু পিছত, সুন্দৰাকাণ্ডৰ সৰ্গ 52 ত, বিভীষণে ৰাৱণৰ হনুমানক হত্যা কৰিবলৈ দিয়া আদেশৰ বিৰুদ্ধে পৰামৰ্শ দিয়ে ৷ শ্লোক 5.52.15-ত, তেওঁ কৈছিল যে কোনেও কেতিয়াও এজন দূতক হত্যা কৰাৰ কথা শুনা নাছিল (বধ্হ তু দুতশ্চ্য ন ন শ্ৰুত আপি)। এই ঘটনাটো যুদ্ধৰ একেবাৰে দুৱাৰমুখত সংঘটিত হৈছিল, মাত্ৰ এমাহ আগত ।
ওপৰোক্ত দুয়োটা বৰ্ণনাই পোনপটীয়াকৈ পৰস্পৰৰ বিৰোধিতা কৰে । যদি কালানুক্ৰমিকভাৱে পূৰ্বৰ কুবেৰৰ দূতৰ বধৰ ঘটনাটো সঁচাকৈয়ে ঘটিছিল, তেন্তে বিভীষণে নিশ্চিতভাৱে ইয়াৰ বিষয়ে জানিলেহেঁতেন আৰু তেওঁ দাবী নকৰিলেহেঁতেন যে ৰাৱণে হনুমানক হত্যা কৰাৰ নিৰ্দেশ দিয়াৰ সময়লৈকে কোনেও এনে কথা শুনা নাছিল ।
- মহাভাৰতত ৰামায়ণৰ কাহিনী
মহাকাব্য মহাভাৰতৰ অৰণ্য পৰ্বত, ঋষি মাৰ্কণ্ডেয়ই সৰ্গ 272 ৰ পৰা 289 লৈ ধৰ্মৰাজক ৰামায়ণৰ কাহিনী বৰ্ণনা কৰিছে । আমি দেখিছোঁ যে কাহিনীটোৰ কেইটামান দিশ বাল্মীকি ৰামায়ণৰ সংশ্লিষ্ট দিশবোৰতকৈ পৃথক ।
তথাপিও, এই বৰ্ণনা অনুসৰি, ৰামায়ণৰ কাহিনী ৰামৰ ৰাজ-অভিষেকৰ সৈতে সৰ্গ 289 ত সমাপ্ত হয় । স্পষ্টকৈ, উত্তৰ কাণ্ডৰ সংযোজন মহাভাৰত ৰচনা কৰাৰ পিছত ঘটিছিল ।
- লৱ আৰু কুশৰ ৰামায়ণ পাঠ
বালকাণ্ডৰ শ্লোক 1.4.27- 1.4.29 অনুসৰি, অযোধ্যাৰ ৰাস্তাত ৰামায়ণ আওৰাই থকা দুজন তপস্বী ল'ৰা লৱ আৰু কুশৰ সৈতে ৰামৰ সাক্ষাৎ হৈছিল । তাৰ পিছত ৰামে তেওঁলোকক তেওঁৰ প্ৰাসাদলৈ নিমন্ত্ৰণ কৰিছিল আৰু তেওঁলোকক উপযুক্তভাৱে সন্মানিত কৰিছিল । লৱ আৰু কুশই সেইসময়ত তেতিয়া ৰামৰ সভাকক্ষত ৰামায়ণ পাঠ কৰি শুনাইছিল ।
আনহাতে, উত্তৰাকাণ্ডৰ সৰ্গ ৯৪-ত কোৱা হৈছে যে ৰামে কৰি থকা অশ্বমেধ যজ্ঞ চলি মাজতে বিৰতিৰ সময়ত লৱ আৰু কুশই ৰামায়ণ পাঠ কৰিছিল আৰু স্থান আছিল নৈমিষ্যাৰণ্যৰ গোমতী নদীৰ পাৰ ।
স্থানবোৰে পৰস্পৰৰ বিৰোধিতা কৰে: কেৱল এটা হে বৈধ হ'ব পাৰে ।
- সীতাৰ ত্যাগ
উত্তৰাকাণ্ডৰ শ্লোক 42.29 অনুসৰি, ৰাম আৰু সীতাই 10,000 বছৰ একেলগে বাস কৰি ৰাজকীয় সুখ উপভোগ কৰিছিল: “দশবৰ্ষ সহস্ৰানি গতানি সুমাহতমানোহ প্ৰাপ্ত্যোৰবিবিধান ভোগন” ৷ তাৰ পিছত, সীতাই অৰণ্যত ঋষি আৰু তপস্বীসকলৰ সৈতে কিছু সময় কটোৱাৰ ইচ্ছা প্ৰকাশ কৰে ।
তাৰ পিছত, সৰ্গ 43-মতে, ভদ্ৰই অযোধ্যাৰ কিছুমান লোকে, ৰাৱণৰ ঘৰত এবছৰ বন্দী হৈ থকাৰ পিছতো, ৰামে সীতাক গ্ৰহণ কৰা কাৰণে নিন্দা কৰাৰ বিষয়ে অৱগত কৰে ৷ যিহেতু এই কথাটোৱে তেওঁলোকক তেওঁলোকৰ পত্নীৰ সৈতে একে ধৰণৰ আচৰণ কৰিবলৈ বাধ্য কৰিছিল ।
কিন্তু ৰামৰ ৰজাৰ আসনত অধিষ্ঠিত হৈ তথা 10000 বছৰ সীতাৰ সৈতে বাস কৰাৰ বিষয়টোত একমত থাকি অযোধ্যাৰ নাগৰিকসকলৰ মাজত তাৰ পিছত হে পিছতহে বিষয়টোত এক অস্বস্তি বিকশিত হৈছিল বুলি যুক্তি দিয়াটো হাস্যকৰ । তাৰ পিছত এই যুক্তি দিয়া যে ৰামে তেওঁলোকৰ আপত্তি শুনি সীতাক ত্যাগ কৰিছিল সেয়া মূলত চৰিত্ৰ হনন । এইটো এটা যুক্তিপূৰ্ণ কাৰণ হিচাপে অযোগ্য ।
সেয়েহে, আমি দৃঢ় ভিত্তিত এই সিদ্ধান্তত উপনীত হ'ব পাৰো যে উত্তৰাকাণ্ডক বহু পিছত ৰামায়ণ মহাকাব্যত অন্তৰ্ভূক্ত কৰা হৈছিল আৰু কিছুমান নিৰ্দিষ্ট সংযোজন কৰা হৈছিল আৰু সংযোজনক বিশ্বাসযোগ্যতা প্ৰদান কৰাৰ বাবে মহাকাব্যৰ মুখ্য লিখনিত সংশোধন কৰা হৈছিল । সেয়েহে, উত্তৰাকাণ্ড মহাকাব্যৰ এক অবিচ্ছেদ্য অংশ নহয় ।