ETV Bharat / bharat

ওড়িশাত ডানাৰ ধ্বংসলীলা; ভাৰতীয় নৌসেনাৰ দ্বাৰা ৯ হাজাৰ আহাৰ বিতৰণ - CYCLONE DANA

ডানাৰ পিছত ওড়িশাত এতিয়া কেৱল পৰি ৰৈছে ধ্বংসলীলা ৷ ৰাজ্যবাসীক সকাহ দিয়াৰ উদ্দেশ্য নৌসেনাই প্ৰদান কৰে সাহায্য ৷

beware lounge pass trap fake app targets air travelers SMS data
ওড়িশাত ডানাৰ ধ্বংসলীলা (ANI)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 12:47 PM IST

নতুন দিল্লী : ঘূৰ্ণীবতাহ ডানাই ওড়িশাত ধ্বংসলীলা সৃষ্টি কৰে ৷ ফলত জনজীৱন ব্যাহত হৈ পৰে ওড়িশাবাসীৰ ৷ সাধাৰণ ৰাইজক কিছু সকাহ দিয়াৰ লগতে তেওঁলোকক সহায় কৰিবলৈ ওলাই আহিল ভাৰতীয় নৌসেনা ৷

ভাৰতীয় নৌসেনাই কানহাপুৰ, বাগাপটিয়া, বৰাহিপুৰ, মগৰকান্দা, চাৰিঘেৰিয়া আৰু সতভায়াকে ধৰি ক্ষতিগ্ৰস্ত গাঁওসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহায্য বিতৰণ কৰে ৷ শনিবাৰে এক বিবৃতিযোগে এই কথা উল্লেখ কৰে ভাৰতীয় নৌসেনাই ।

বিবৃতিত উল্লেখ কৰা মতে, বাটিপাদা আৰু তালচুৱাত সাহায্য শিবিৰ স্থাপন কৰি ঘূৰ্ণীবতাহৰ প্ৰভাৱত ক্ষতিগ্ৰস্তসকলক অত্যাৱশ্যকীয় সহায় আগবঢ়ায় ভাৰতীয় সেনাই ।

সেনাৰ দলটোৱে জীৱিকাৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে ডানাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ওড়িশাৰ জনসাধাৰণক মুঠ ৯ হাজাৰ আহাৰ বিতৰণ কৰে । সংবাদ সংস্থা ANI ৰ আগত এই কথা উল্লেখ কৰে ভাৰতীয় নৌসেনাই ৷

খাদ্য লগতে NOIC য়ে (ODS) ৰাজ্যিক সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰি এটা চিকিৎসা শিবিৰ স্থাপন কৰে ৷ য’ত প্ৰায় ৪০০ ব্যক্তিক চিকিৎসা সাহায্য প্ৰদান কৰে ৷ যাতে এই সংকটৰ সময়ত স্বাস্থ্যজনিত উদ্বেগসমূহ পৰ্যাপ্তভাৱে মোকাবিলা কৰাটো নিশ্চিত কৰা হয় ।

এইবোৰৰ লগতে দুৰ্গম অঞ্চলত উপনীত হোৱাৰ প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি ভাৰতীয় নৌসেনাই দুটা ভ্ৰাম্যমাণ সাহায্য দল নিয়োগ কৰে ৷ যাতে আৰ্তজনৰ জনগোষ্ঠীসমূহলৈ পোনপটীয়াকৈ খাদ্য আৰু চিকিৎসা সাহায্য বিতৰণৰ কৰিব পৰা যায় ।

ডানা ঘূৰ্ণীবতাহৰ পিছত সকলোকে য়াতে তেওঁলোকৰ জীৱন পুনৰ পূৰ্বৰ দৰে স্বাভাৱিক জীৱন দিব পাৰে, তাৰ বাবে সেনাই প্ৰচেষ্টা চলাই আছে । (ANI)

লগতে পঢ়ক : ঘূৰ্ণীবতাহ ডানাৰ পিছত এতিয়া বানৰ কবলত উত্তৰ ওড়িশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.