ETV Bharat / bharat

মণিপুৰৰ কাকচিঙত অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী জব্দ সেনা-আৰক্ষীৰ - ARMS RECOVERD IN MANIPUR - ARMS RECOVERD IN MANIPUR

Kakching District: নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে স্বাৰ্থত মণিপুৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযান ৷ এই অভিযানত জব্দ অবৈধভাৱে মজুত কৰি ৰখা অস্ত্ৰ-শস্ত্ৰৰ লগতে কেতবোৰ বিস্ফোৰক সামগ্ৰী ৷

ARMS RECOVERD IN MANIPUR
মণিপুৰত মাৰণাস্ত্ৰ জব্দ (ANI)
author img

By ANI

Published : Aug 8, 2024, 9:09 AM IST

নিউজ ডেস্ক, 8 আগষ্ট : মণিপুৰৰ কাকচিং জিলাৰ পৰা জব্দ কৰা হৈছে অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ৷ ভাৰতীয় সেনাৰ সৈতে অসম ৰাইফলছে বুধবাৰে চলোৱা এক যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় এইসমূহ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী ৷

অভিযানকাৰী দলটোৱে জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা এ কে ৰাইফল, এটা 12 ব’ৰ একনলীয়া ৰাইফল, দুটা 9 এম এম পিষ্টল, 11 টা গ্ৰেণেড, কেইবাজাঁই সজীৱ গুলী আৰু অন্যান্য কেতবোৰ বিস্ফোৰক সামগ্ৰী ৷ জব্দকৃত সামগ্ৰীবোৰ অধিক অনুসন্ধানৰ স্বাৰ্থত মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় সেনাই মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া তালাচী অভিযান চলাইছিল ৷ এই অভিযানত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ উয়ুংমাখঙৰ এক এলেকাত দুটা এ কে 47 ৰাইফল, এটা স্নাইপাৰ ৰাইফল, এটা 9 এম এম পিষ্টল, তিনিটা গ্ৰেণেড আৰু অন্যান্য কেতবোৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছিল ৷

লগতে পঢ়ক: বিটিআৰত জব্দ অবৈধ অস্ত্ৰ-শস্ত্ৰ; দুজনক আটক - Arms Recovered in Udalguri

অঞ্চলটোত নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে স্বাৰ্থত সেনা-আৰক্ষীয়ে এই অভিযান চলাই সফল হয় ৷ কিয়নো বিগত প্ৰায় এবছৰৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰত বিৰাজ কৰি আছে হিংসাত্মক পৰিস্থিতি ৷ তাৰে গইনা লৈ একাংশ দুৰ্বৃত্তই হিংসা বিয়পোৱাত যোগাইছে ইন্ধন ৷

শেহতীয়াকৈ ৰাজ্যখনত পুনৰ গা কৰি উঠিছে কুকি-মেইটেইসকলৰ মাজৰ হিংসা ৷ বিগত জুন মাহতো একেদৰে আৰক্ষী-সেনাই জব্দ কৰিবলৈ সক্ষম হৈছিল অস্ত্ৰ-শস্ত্ৰৰ লগতে এনে কেতবোৰ বিস্ফোৰক সামগ্ৰী ৷

লগতে পঢ়ক: মণিপুৰত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ , বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - Militants arrested in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.